ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ অন্ত পেলাবলৈ ভাৰত আৰু চীনে গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰিছে ৰুছ প্ৰেছিডেণ্ট ভ্লা়ডিমিৰ পুটিনে৷ ইয়াৰ সৈতে তিনিবছৰ ধৰি চলা ৰুছ ইউক্ৰেইন যুদ্ধৰ বাবে দায়ী কৰিছে দুটা কাৰণক৷ এছ ছিঅ বৈঠকত নিজৰ বক্তব্য ৰখাৰ সময়ত মোদীৰ সৈতে পাৰ্শ্ববৈঠকৰ বাবেও ৰাওনা দিয়ে পুটিনে৷ একেখন বাহনতেই উঠি যাত্ৰা কৰে মোদী আৰু পুটিন দুইগৰাকী ৰাষ্ট্ৰপ্ৰধানে৷ ভাৰতীয় সময়মতে বিয়লি ১২ বজাৰ পাছত মোদী আৰু পুটিনৰ দ্বিপাক্ষিক বৈঠক আৰম্ভ হৈছে৷
চীনৰ তিয়ানজিন চহৰত এছ চি অ সন্মিলনৰ দ্বিতীয় দিনত বক্তব্য্য ৰাখিছে ৰুছ প্ৰেছিডেণ্টে৷ তাতেই তেওঁ কয়, ইউক্ৰেইনৰ সংকট দূৰ কৰিবলৈ চীন আৰু ভাৰতৰ ভূমিকাক আমি প্ৰশংসা কৰিছো৷’ কিছু দিন পূৰ্বেই মাৰ্কিন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পৰ অন্যতম পৰামৰ্শদাতা পিটাৰ নাভাৰোৱে ইউক্ৰেইন যুদ্ধক মোদীৰ যুদ্ধ বুলি দাবী কৰিছিল৷ নিজৰ বক্তব্যত তেওঁ বাখ্যা কৰিছিল যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছে বাবেই ভাৰতে দিয়া ধনেৰে ৰাছিয়াই ইউক্ৰেইনৰ লগত যুঁজ কৰি থাকিব পাৰিছে৷ সোমবাৰে পুটিনে মুকলিকৈ এই দাবী নস্যাৎ কৰি জনাইছে যে আমেৰিকাৰ নেতৃত্বাধীন সামৰিক জোট নেটো আৰু পশ্চিমী দুনীয়াই হস্তক্ষেপ কৰাৰ বাবেই এই যুদ্ধ আৰম্ভ হয়৷ ইয়াৰ সৈতেে ইউক্ৰেইন যুদ্ধ ৰখাবলৈ ট্ৰাম্পৰ উদ্যোগৰো প্ৰশংসা অৱশ্যে কৰিছে পুটিনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















