আগন্তুক ২১ ছেপ্টেম্বৰ মহালয়া বা সৰ্বপিতৃ অমাবস্যাৰে অৱসান হ’ব পিতৃপক্ষৰ৷ ২২ ছেপ্টেম্বৰ আহিনৰ শুক্লা প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হ’ব দেৱীপক্ষ৷ ২৮ ছেপ্টেম্বৰ মহাষষ্ঠীত দেৱীৰ অকাল বোধন কৰি আৰম্ভ হব শাৰদীয় দুৰ্গাপূজা ২০২৫৷ ২ অক্টোবৰ বিজয়া দশমী পৰ্যন্ত চলিব দুৰ্গাপূজা৷ প্ৰচলিত বিশ্বাস অনুসৰি দুৰ্গাপূজাৰ এইকেইদিন দেৱী দুৰ্গাই মৰ্ত্যত অৱস্থান কৰিব আৰু তেওঁৰ ভক্তসকলে সমস্ত বিপদৰ পৰা ৰক্ষা কৰে৷ দুৰ্গাপূজাৰ দিনসমূহত নানান বিধি আচাৰ পালন কৰাৰ ৰীতি আছে৷ জানত বোধনৰ পৰা বিসৰ্জন পৰ্যন্ত পঞ্জিকা অনুসৰি কোন সময়ত কি হ’ব?
বিশুদ্ধ সিদ্ধান্ত পঞ্জিকা অনুসৰি
মহাষষ্ঠীৰ বোধন
মহাসপ্তমীৰ নৱপত্ৰিকা স্নান
১২ আহিন ইংৰাজীৰ ২৯ ছেপ্টেম্বৰ সোমবাৰে সপ্তমী থাকিব বিয়লি ৪বাজি ২ মিনিট পৰ্যন্ত৷ পুৱাই ৯ বাজি ২৮ মিনিটৰ ভিতৰত নৱপত্ৰিকা স্নান আৰু স্থাপন৷ সপ্তমী বিহিত পুজা আৰু সপ্তমাদি কল্পাৰম্ভ চতুৰ্থ কল্প বিহিত পূজা৷ কৌল আচাৰ অনুসৰি নিশা ১১ বাজি ৩ মিনিটৰ পৰা ১১ বাজি ৫১ মিনিটৰ মাজত দেৱীৰ অৰ্ধৰাত্ৰি বিহিত পূজা৷
মহাষ্টমীৰ পুষ্পাঞ্জলি
১৩ আহিন ইংৰাজীৰ ৩০ ছেপ্টেম্বৰ মঙলবাৰে অষ্টমী সন্ধিয়া ৬ বাজি ৭ মিনিট পৰ্যন্ত৷ পুৱা ৭টাৰ ভিতৰত হব মহাষ্টমীৰ বিহিত পূজা৷ ৮বাজি ২৯ মিনিটৰ পৰা ৯ বাজি ২৮ মিনিটৰ ভিতৰত মহাষ্টমীৰ পুষ্পাঞ্জলি৷ মহাষ্টমীৰ কল্পাৰম্ভ পঞ্চম কল্পৰ পূজা৷ তাৰপিছতেই মহাষ্টমীৰ ষষ্ঠ কল্পৰ পূজা৷ সন্ধিয়া ৫ বাজি ৪৩ মিনিটৰ পৰা সন্ধিয়া ৬বাজি ৭ মিনিট পৰ্যন্ত চলিব সন্ধি পূজা৷ ৬বাজি ৩১ মিনিটত সন্ধি পূজাৰ বলিদান আৰু সন্ধি পূজা সমাপন৷
মহানৱমীৰ পূজা
১৪ আহিন ইংৰাজীৰ ১ অক্টোবৰ বুধবাৰে নৱমী সন্ধিয়া ৭বাজি ২ মিনিট পৰ্যন্ত৷ পুৱা ৯ বাজি ২৮ মিনিটৰ ভিতৰত দূৰ্গাদেৱীৰ নৱমী বিহিত পূজা, মহানৱমী কল্প সপ্তম কল্পৰ পূজা পৰিব৷ পুৱা ১০ বাজি ১৫ মিনিটৰ পৰা দিনৰ ১২ বাজি ২৯ মিনিটৰ ভিতৰত কুমাৰী পূজা, বলিদান আৰু হোম কৰ্মাদি কৰণীয়৷
বিজয়া দশমীৰ বিসৰ্জন
১৫ আহিন ইংৰাজীৰ ২ অক্টোবৰ বৃহস্পতিবাৰ, দশমী সন্ধিয়া ৭ বাজি ১১ মিনিট পৰ্যন্ত৷ পুৱা ৯ বাজি ২৮ মিনিটৰ ভিতৰত দুৰ্গাদেৱীৰ দশমী বিহিত পূজা আৰু বিসৰ্জন প্ৰশস্ত৷ কৌল আচাৰৰ দশমী বিহিত বিজয়া দশমী কৃত্য আৰু বিসৰ্জনৰ অন্তত শ্ৰী শ্ৰী অপৰাজিতা পূজা৷
গুপ্তপ্ৰেছ পঞ্জিকা অনুসৰি
মহাষষ্ঠীৰ বোধন
১০ আহিন ইংৰাজীৰ ২৭ ছেপ্টেম্বৰ শনিবাৰে পঞ্চমী থাকিব পুৱা ৮ বাজি ৪৭ মিনিট পৰ্যন্ত৷ সন্ধিয়াবেলা হব দেৱীৰ বোধন৷ ১১ আহিন ইংৰাজীৰ ২৮ ছেপ্টেম্বৰ দেওবাৰে পুৱা ১০ বাজি ৪৩ মিনিট পৰ্যন্ত ষষ্ঠী৷ পূৰ্বাহ্ন ৯বাজি ২৭ মিনিটৰ ভিতৰত হব শাৰদীয় দুৰ্গাদেৱীৰ ষষ্ঠাদি কল্পাৰম্ভ৷ সন্ধিয়া দূৰ্গাদেৱীৰ আমন্ত্ৰণ আৰু অধিবাস৷
মহাসপ্তমীৰ নৱপত্ৰিকা স্নান
১২ আহিন ইংৰাজী ২৯ ছেপ্টেম্বৰ সোমবাৰে সপ্তমী থাকিব দুপৰীয়া ১২ বাজি ২৬ মিনিট পৰ্যন্ত৷ পুৱা ৯ বাজি ২৭ মিনিটৰ ভিতৰত নৱপত্ৰিকা স্নান আৰু স্থাপন৷ বিয়লি ১২ বাজি ২৬ মিনিটৰ ভিতৰত সপ্তমী বিহিত পূজা আৰু সপ্তমাদি কল্পাৰম্ভ চতুৰ্থ কল্প বিহিত পূজা৷ কৌল আচাৰ অনুসৰি নিশা ১১ বাজি ২ মিনিটৰ পৰা ১১ বাজি ৫০ মিনিটৰ ভিতৰত দেৱীৰ অৰ্ধৰাত্ৰি বিহিত পূজা৷
মহাষ্টমীৰ পুষ্পাঞ্জলি
১৩ আহিন ইংৰাজীৰ ৩০ ছেপ্টেম্বৰ মঙ্গলবাৰে অষ্টমী দুপৰীয়া ১ বাজি ৪৪ মিনিট পৰ্যন্ত৷ পুৱা ৯ বাজি ২৭ মিনিটৰ ভিতৰত মহাষ্টমীৰ কল্পাৰম্ভ আৰু মহাষ্টমীৰ বিহিত পূজা কৰিব লাগিব৷ ৮বাজি ২৮ মিনিটৰ পৰা ৯বাজি ২৭ মিনিটৰ ভিতৰত মহাষ্টমীৰ পুষ্পাঞ্জলি৷ মহাষ্টমীৰ কল্পাৰম্ভ পঞ্চম কল্পৰ পূজা৷ তাৰপিছতেই মহাষ্টমীৰ ষষ্ঠ কল্পৰ পূজা৷ দুপৰীয়া ১ বাজি ২০ মিনিটৰ পৰা সন্ধি পূজাৰ আৰম্ভ৷ দুপৰীয়া ১ বাজি ৪৪ মিনিটৰ সন্ধিয়া পূজাৰ বলিদান আৰু দুপৰীয়া ২ বাজি ৮ মিনিটৰ ভিতৰত সন্ধি পূজা সমাপন৷
মহানৱমীৰ পূজা
১৪ আহিন ইংৰাজী ১ অক্টোবৰ বুধবাৰে, নৱমী দুপৰীয়া ২ বাজি ৩৫ মিনিট পৰ্যন্ত৷ পুৱা ৯ বাজি ২৭ মিনিটৰ ভিতৰত দুৰ্গাদেৱীৰ কল্পাৰম্ভ নৱমী বিহিত পূজা৷ দুপৰীয়া ২ বাজি ৩৫ মিনিটৰ ভিতৰত কুমাৰী পূজা, বলিদান, হোম কৰ্মাদি আৰু দেৱীৰ নৱৰাত্ৰি ব্ৰত সমাপন৷
বিজয়া দশমী বা বিসৰ্জন
১৫ আহিন ইংৰাজী ২ অক্টোবৰ বৃহস্পতিবাৰ, দশমী দুপৰীয়া ২বাজি ৫৪ মিনিট পৰ্যন্ত৷ ইয়াৰ মাজত দশমী বিহিত পূজা আৰু পূজান্তে বিসৰ্জন প্ৰশস্ত৷ কুলাচাৰ অনুসৰি অপৰাজিতা পূজা আৰু বিজয়া দশমীকৃত্য সমাপন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















