সপোনৰ ঘৰ এখন সজাৰ পৰিকল্পনা কাৰনো নাথাকে৷ কিন্তু ইয়াৰ বাবে প্ৰচুৰ ধনৰ প্ৰয়োজন৷ বহু ধন গোটাব পৰা ক্ষমতাও সকলোৰে নাথাকে৷ বহুতেই সেয়ে ঘৰ নিৰ্মাণত হোম লোন লয়৷ মাহিলী ই এম আইৰ মাধ্যমেৰে এই ধন বেংকক ঘূৰাব পাৰি৷ ধৰা হল কোনোৱে পঞ্জাৱ নেশ্ব্যনেল বেংক, সংক্ষেপে PNBৰ পৰা ১৩বছৰৰ ম্যাদত ১৩ লাখ টকা হোম লোন হৈছে৷ তেন্তে তেওঁ প্ৰতিমাহে কিমান টকাকৈ EMI দিব লাগিব? EMIৰ পৰিমাণ নিৰ্ভৰ কৰিব সুদৰ ওপৰত৷ আকৌ সুদৰ হাৰ ঠিক হয় ছিবিল স্কোৰৰ ওপৰত ভিত্তি কৰিব৷
ছিবিল স্কোৰ বা ক্ৰেডিট স্কোৰ বেছি হলে কম সুদৰ হাৰত ঋণ পোৱা যায়৷ ছিবিল স্কোৰ উন্নত কৰিবলৈ গ্ৰাহকে আৰ্থিক লেনদেন আৰু অৰ্থ প্ৰদানৰ ক্ষেত্ৰত শৃংখলাবদ্ধ হব লাগিব৷ ছিবিল স্কোৰ বেয়া হলে লোন পোৱাৰ সম্ভাৱনা কম আৰু পালেও সুদৰ হাৰ বেছি হয়৷
PNB হোম লোনৰ বৈশিষ্ট্যসমূহ কি কি?
PNB হাউছিং লোনেৰে এখন নতুন ঘৰ নিৰ্মাণ, ক্ৰয় আৰু সংস্কৰণ কৰিব পাৰি৷ সকলোতকৈ ভাল বিষয় হৈছে পি এন বিয়ে তেওঁলোকৰ গ্ৰাহকক ঘৰৰ দামৰ ৯০ শতাংশ পৰ্যন্ত ঋণ অনুমোদন দিয়ে৷ প্ৰচেছিং ফি সম্পৰ্কে কবলৈ গলে অন্যান্য বেংকৰ তুলনাত বহু কম প্ৰছেচিং ফি দিব লাগিব৷ যদি দৰমহা লাখ টকা হয় তেন্তে এক কোটি টকা পৰ্যন্ত গৃহঋণ পোৱা যায়৷ অন্যহাতে এই ঋণ পৰিশোধৰ বাবে গ্ৰাহকক ৩০ বছৰ সময় দিয়া হয়৷
PNB হোম লোনৰ সুদৰ হাৰ
আপুনি যদি এজন দৰমহাভোগী ব্যক্তি হয় তেন্তে আৰু ছিবিল স্কোৰ ৮২৫তকৈ বেছি হয় তেতিয়া ৮.২৫শতাংশ সুদৰ হাৰত ঋণ দিয়া হয়৷ আৰু দৰমহাভোগী নহলে এনে ব্যক্তিক ৮.৫৫ শতাংশ সুদৰ হাৰত ঋণ দিয়া হয়৷ ছিবিল স্কোৰ ৭৭৫ৰ পৰা ৭৯৯ৰ মাজত থাকিলে দৰমহাভোগী ব্যক্তিসকলক ৯.০৫শতাংশ আৰু দৰমহাভোগী নহলে তেনে ব্যক্তিক ৯.৫৫ শতাংশ সুদত ঋণ দিয়া হয়৷ আকৌ যদি এজন দৰমহাভোগী ব্যক্তিৰ ছিবিল স্কোৰ ৬৫০ৰ পৰা ৭০০ৰ ভিতৰত হয় তেতিয়া তেওঁলোকক ১০.১৫শতাংশ আৰু দৰমহাভোগী নহলে তেন্তে ব্যক্তিক ১০.৬৫শতাংশ সুদত ঋণ দিয়া হয়৷
১৩ লাখ টকাৰ হোম লোন ললে EMI কিমান হ’ব?
পঞ্জাৱ নেশ্ব্যনেল বেংকৰ পৰা ১৩বছৰৰ বাবে ১৩ লাখ টকাৰ গৃহঋণ ললে আৰু ৮.২৫শতাংশ সুদৰ হাৰত ঋণ পালে সেই অনুসৰি EMI হব ১৩৬১২ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ