• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিয়া হ’ব মোটা অংকৰ দৰমহা! ৫ বছৰত ৩০লাখ ভাৰতীয় কৰ্মীক সংস্থাপন দিবলৈ সাজু ৰাছিয়া, ট্ৰাম্পক চমক দিবলৈ নতুন দিল্লীৰ সৈতে নতুন কি আলোচনা মস্কোৰ?

দিয়া হ’ব মোটা অংকৰ দৰমহা! ৫ বছৰত ৩০লাখ ভাৰতীয় কৰ্মীক সংস্থাপন দিবলৈ সাজু ৰাছিয়া, ট্ৰাম্পক চমক দিবলৈ নতুন দিল্লীৰ সৈতে নতুন কি আলোচনা মস্কোৰ?

1 year ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

26 minutes ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

1 hour ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

2 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

4 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

4 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

4 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

5 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

6 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

8 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

8 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

9 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দিয়া হ’ব মোটা অংকৰ দৰমহা! ৫ বছৰত ৩০লাখ ভাৰতীয় কৰ্মীক সংস্থাপন দিবলৈ সাজু ৰাছিয়া, ট্ৰাম্পক চমক দিবলৈ নতুন দিল্লীৰ সৈতে নতুন কি আলোচনা মস্কোৰ?

দিয়া হ’ব মোটা অংকৰ দৰমহা! ৫ বছৰত ৩০লাখ ভাৰতীয় কৰ্মীক সংস্থাপন দিবলৈ সাজু ৰাছিয়া, ট্ৰাম্পক চমক দিবলৈ নতুন দিল্লীৰ সৈতে নতুন কি আলোচনা মস্কোৰ?

editor by editor
September 3, 2025
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
দিয়া হ’ব মোটা অংকৰ দৰমহা! ৫ বছৰত ৩০লাখ ভাৰতীয় কৰ্মীক সংস্থাপন দিবলৈ সাজু ৰাছিয়া, ট্ৰাম্পক চমক দিবলৈ নতুন দিল্লীৰ সৈতে নতুন কি আলোচনা মস্কোৰ?
0
SHARES
469
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ৫বছৰত ৰাছিয়াত দেখা দিব বিপুল কৰ্মীসংকটে৷ সেই পূৰ্বাভাস দিছে ৰাছিয়াৰ শ্ৰম মন্ত্রণালয়ে৷ ইউক্ৰেইনৰ বিৰুদ্ধে ক্ৰমাগত যুদ্ধৰ ফলত ভ্লাডিমিৰ পুটিনৰ দেশত কমিছে দক্ষ কৰ্মী৷ ২০৩০ চনৰ ভিতৰত প্ৰায় ৩১ লাখ দক্ষ অদক্ষ কৰ্মীৰ প্ৰয়োজন হ’ব ৰাছিয়াত৷ ভৱিষ্যতৰ কৰ্মীসংকটৰ মোকাবিলাত মস্কোৰ ভৰসাস্থল হৈ উঠিব নতুন দিল্লী৷

ৰাছিয়াৰ বিভিন্ন প্ৰযুক্তি আৰু বৈদ্যুতিন সংস্থাসমূহত কৰ্মীৰ ঘাটি দূৰ কৰিবলৈ ভাৰতীয় কৰ্মী নিয়োগৰ দিশত আগুৱাইছে ৰাছিয়া বুলি এক সূত্ৰই প্ৰকাশ কৰিছে তথ্য৷ ৰাছিয়াত নিযুক্ত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰে সংবাদসংস্থা টাছৰ সৈতে হোৱা বাৰ্তালাপত কয়, ‘বৃহত্তৰ স্তৰত ৰাছিয়াত কৰ্মচাৰীৰ চাহিদা আছে৷ ভাৰতত দক্ষ কৰ্মীৰ অভাৱ নাই৷ নিয়মকানুন, আইন আৰু সংৰক্ষিত কাঠামো মানি ৰাছিয়াই ভাৰতীয়ক নিয়োগ কৰাৰ ক্ষেত্ৰত আগ্ৰহ দেখুৱাবলৈ আৰম্ভ কৰিছে৷’

ইতিমধ্যেই মস্কো-নতুনদিল্লীৰ এখন চুক্তি হৈছে৷ চলিত বছৰতেই প্ৰায় ১০ লাখ ভাৰতীয়ক পূৰ্ব ইউৰোপৰ দেশত কামত লগোৱা হব বুলি জনা গৈছে৷ ৰুছ গণমাধ্যমৰ প্ৰতিবেদন অনুসৰি মূলত নিৰ্মাণ আৰু বস্ত্ৰশিল্পৰ শ্ৰমিক হিচাপে তেওঁক কামত লগোৱাৰ পৰিকল্পনা আছে পুটিন প্ৰশাসনৰ৷ অদক্ষ কৰ্মী নিয়োগ অবিহনেও বিভিন্ন উচ্চপদ নিয়োগৰ বাবে ভাৰতীয়সকলক পছন্দ কৰিছে ৰুছ সংস্থাসমূহে৷

এই প্ৰসংগত উৰাল চেম্বাৰ অফ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰিৰ প্ৰধান আন্দ্ৰে বেছেদিনে সংবাদসংস্থা পি টি আইক জনাইছে, ‘২০২৫ চনৰ শেষৰভাগত ভাৰতৰ পৰা ১০ লাখ কৰ্মী ৰাছিয়ালৈ অনা হব৷ তেওঁলোকৰ মাজত থাকিব কেইবাগৰাকী বিশেষজ্ঞ দলো৷ ইয়াৰ মাজত ছাভেৰদলোভস্ক অঞ্চলো অন্তৰ্ভুক্ত৷ ইয়েকাটেৰিনবাৰ্গৰ ৰাজধানী ছভেৰদলোভস্ক অঞ্চলটো উৰাল পৰ্বতমালাৰ পাদদেশত অৱস্থিত৷ বিভিন্ন শিল্প আৰু সামৰিক শিল্পৰ মেৰুদণ্ড হিচাপে বিবেচিত হয় এই অঞ্চলটো৷’

ৰাছিয়াৰ কৰ্মসংস্থানৰ বাবে ভাৰতীয়সকলৰ আগমনৰ সৈতে দূতাবাসৰ পৰিসেৱাৰ চাপ ক্ৰমবৰ্ধমান৷ সেই কামৰ চাপেই ইংগিত কৰি ভাৰতীয় দূত কুমাৰে জনায় যে ভাৰতৰ পৰা কৰ্মচাৰীসকলৰ সুবিধা হোৱাকৈ পোনতে নতুন দূতাবাস খোলা হব৷ পাছপৰ্টৰ ম্যাদ বঢ়োৱাৰ বাবে জন্ম প্ৰমাণপত্ৰ পৰীক্ষণ বা নথি হেৰালে সেয়া পুনৰ যোগান ধৰা আদিৰ বাবে দূতাবাসৰ প্ৰয়োজন হব৷ ৰাছিয়াত কাম কৰিবলৈ অহা কৰ্মী বাঢ়িলে চাপ পৰিব দূতাবাসৰ ওপৰতো৷ সেয়ে নতুন দূতাবাসৰো প্ৰয়োজন হব৷

সেই কৰ্মীসকলৰ ভিছা সংক্ৰান্তিয় চাপ সম্ভালিবলৈ ছভেৰদলোভস্কেৰ ৰাজধানী ইয়েকাটেৰিনবাৰ্গত এখন নতুন দূতাবাস খোলাৰ পৰিকল্পনা আছে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে৷ ভাৰতীয় শ্ৰমিকসকলৰ সুবিধাৰ কথা মূৰত ৰাখি মস্কোৰ সৈতে নতুন দিল্লীৰ আলাপ আলোচনা চলি আছে৷

অৱজাৰভাৰ ৰিচাৰ্ছ ফাউণ্ডেছন কৰ্তৃক এক সমীক্ষাৰ তথ্যই কৈছে, ৰাছিয়াত ভাৰতীয় কৰ্মীৰ সংখ্যা নাটকীয়ভাৱে বৃদ্ধি পাইছে৷ য’ত ২০২১ চনত ৫ হাজাৰ ৪৮০ জন ভাৰতীয়ই ৱাৰ্ক পাৰমিট পাইছিল তাতেই ২০২৪ চনত এই সংখ্যা বাঢ়ি ৩৬ হাজাৰ ২০৮ হৈছে৷ অৰ্থাৎ প্ৰায় ৫ গুণ৷ এই তথ্যই ৰাছিয়াৰ অৰ্থনীতিত ভাৰতীয় জনশক্তিৰ ক্ৰমবৰ্ধমান গুৰুত্বক তুলি ধৰিছে৷ বিশেষকৈ এই পৰিস্থিতি যেতিয়া পুটিনৰ দেশ কৰ্মীঘাটিৰ সৈতে যুদ্ধ কৰিছে৷

বিগত চাৰে তিনি বছৰ ধৰি ইউক্ৰেইনৰ সৈতে যুদ্ধ কৰাৰ ফলত প্ৰচুৰ ক্ষয়ক্ষতিও হৈছে ৰাছিয়াৰ৷ ৰাছিয়াত কমিছে কৰ্মক্ষম লোকৰ সংখ্যা৷ ২০২৫ চনৰ জুনৰ আৰম্ভণিতে প্ৰকাশিত এক সমীক্ষা অনুসৰি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ যেতিয়া পূণ্যৰ্দমে চলি আছিল তেতিয়া বিপক্ষৰ আক্ৰমণত প্ৰায় ১০ লাখ ৰুছ সৈন্য ইতিমধ্যেই নিহত বা আহত হৈছে৷ ছেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেশ্ব্যনেল ষ্টাডিজেও পূৰ্বাভাস দিছিল যে প্ৰায় ১০ লাখ ৰুছ এই যুদ্ধৰ বলি হব৷

আন্তৰ্জাতিক সম্পৰ্ক বিশেষজ্ঞসকলৰ একাংশই ধাৰণা কৰা অনুসৰি নতুন দিল্লীৰ ওচৰত সুযোগ আহিছে, এতিয়া সেই সুযোগক কামত লগোৱা উচিত৷ কাৰণ শুল্কযুদ্ধৰ বাবে আমেৰিকাৰ ক্ৰমাগত ভাৰত বিৰোধী অৱস্থানৰ কাৰণে দুই দেশৰ সম্পৰ্কত ফাঁট মেলাৰ প্ৰৱল আশংকা আছে৷ তাৰ প্ৰভাৱ আমেৰিকাত কৰ্মৰত ভাৰতীয়ৰ ওপৰত পৰিব৷ ছিলিকন ভেলিত প্ৰৱেশৰ বাবে সেয়ে ভাৰতীয়ৰ বাবে এয়াই সুযোগ৷ প্ৰতিভাৱান ভাৰতীয় তথ্যপ্ৰযুক্তি কৰ্মীসকলক উচিত মূল্য দিবলৈ এতিয়া ৰাজি নহয় ট্ৰাম্প চৰকাৰ৷ আমেৰিকাৰ ধমকি অগ্ৰাহ্য কৰি ৰাছিয়াৰ হাত ধৰাৰ বাবে বিভিন্ন দিশৰ পৰা নতুন দিল্লীক হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভও কৰিছে ট্ৰাম্প চৰকাৰে৷ অসুবিধাৰ সন্মুখীন হব পাৰে তাত থকা ভাৰতীয় লোকো৷ সেয়ে প্ৰৱাসী ভাৰতীয়ক লৈ চিন্তা কৰাৰো সময় আহি পৰিছে নতুন দিল্লীৰ৷

প্ৰৱাসী ভাৰতীয় কৰ্মীসকলৰ পৰা ভাৰতেও প্ৰচুৰ পৰিমাণে ৰোজগাৰ কৰে৷ ভাৰতীয়সকলে স্বদেশলৈ ধন পঠিওৱাৰ ওপৰত ৰেমিটেন্স এক শতাংশ কৰ আৰোপ কৰিছে প্ৰেছিডেণ্ট ট্ৰাম্পে৷ ভৱিষ্যতে এই কৰৰ পৰিমাণ আৰু বঢ়াব পাৰে ট্ৰাম্পে৷ ইয়াৰ সৈতে জাৰি কৰা হৈছে ভিছাৰ ওপৰতো বহু নিষেধাজ্ঞা৷ ফলত অদূৰ ভৱিষ্যতে আমেৰিকাত চাকৰি কৰি ডলাৰ উপাৰ্জনৰ ক্ষেত্ৰত চাপ আহিব পাৰে ভাৰতীয়ৰ ওপৰত৷

উল্লেখ কৰা প্ৰয়োজন যে ২০২৪ চনত আৰু এক বন্ধুৰাষ্ট্ৰ ইজৰাইলৰ অনুৰোধত ১০ হাজাৰ কৰ্মী পঠিয়াইছিল ভাৰতে৷ পৰিকাঠামো আৰু স্বাস্থ্যবিভাগত তেওঁলোকৰ কৰ্মী সংকটে দেখা দিছিল৷ কাৰণ একেটাই যুদ্ধ৷ পৰিকাঠামো আৰু স্বাস্থ্যসেৱা উন্নতিৰ বাবে নিৰ্মাণকৰ্মী আৰু স্বাস্থ্যকৰ্মী হিচাপে কাম কৰিলে মুঠ ১৫ হাজাৰ ভাৰতীয়ক নিজ দেশত স্থান দিছে বেঞ্জামিন নেতানিয়াহু চৰকাৰে৷

বিদেশী কৰ্মীসকলৰ বাবে ৰাছিয়াইয়ো সহজ ভিছাৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে৷ ভিন্ন ধৰণৰ কৰ্মসংস্থাপনৰ বাবে আছে বিভিন্ন ভিছা৷ স্বল্পম্যাদি কামৰ বাবে একক প্ৰৱেশ ভিছা, দীৰ্ঘম্যাদি কামৰ বাবে বহুমুখী প্ৰৱেশ ভিছা আৰু উচ্চ যোগ্যতাসম্পন্ন পেছাদাৰ আৰু বিশেষজ্ঞসকলৰ বাবে পৃথক বিশেষ এক ভিছা দিব পুটিন চৰকাৰে৷ কোনো ভাৰতীয়ই যদি ৰাছিয়াৰ মাটিত নিজস্ব ব্যৱসায় কৰিব খোজে তেন্তে তেওঁলোকৰ বাবেও মস্কোৱে ৱাৰ্ক পেটেণ্টৰ বন্দোবস্ত কৰিছে৷

আবেদনৰ ৫ৰ পৰা ৩০ দিনৰ ভিতৰত ভিছা পোৱা যাব৷ আবেদনকাৰীয়ে এখন ফৰ্ম, বৈধ পাছপোৰ্ট, পাছপোৰ্ট আকাৰৰ ছবি, সংস্থাৰ অফাৰ লেটাৰ, এখন মেডিকেল চাৰ্টিফিকেট, যোগ্যতাৰ প্ৰমাণ আৰু প্ৰয়োজনত এখন চুক্তি ফৰ্মো জমা দিব লাগিব৷ কোনোৱে বিচাৰিলে অত্যধিক মূল্য দি দ্ৰুত পৰিসেৱা লব পাৰে৷

বৰ্তমান ৰাছিয়াত প্ৰায় ১৪ হাজাৰ ভাৰতীয়ই বাস কৰে৷ প্ৰায় ৪৫০০ ভাৰতীয় শিক্ষাৰ্থীয়ে চিকিৎসা আৰু প্ৰযুক্তিগত কৰ্চত পঢ়াশুনা কৰিছে৷ ইয়াৰে ৯০শতাংশ ভাৰতীয়ই চিকিৎসা বিভাগত বিশ্ববিদ্যালয়ত ভৰ্তি হৈছে৷ বিদেশী কৰ্মীসকলৰ বাবে ২ লাখ ৩৪ হাজাৰ ৯০০ খন আসন সংৰক্ষণ কৰিছে ৰুছ প্ৰশাসনে৷ ইয়াৰ মাজত ৭১ হাজাৰ ৮১৭ জন ভাৰতীয় কৰ্মী নিয়োগ কৰিব পাৰিব তাৰ বিভিন্ন সংস্থাই৷

ৰুছ সংস্থাত চাকৰি বা কাম পালে এই দেশৰ শ্ৰমিকে ৰুবেল পাব৷ বিগত তিনিবছৰৰ বেছি সময় ধৰি নতুন দিল্লী আৰু মস্কোৰ মাজত ৰুপি ভাৰতীয় টকা আৰু ৰুবেলৰ বাণিজ্য চলিছে৷ চলিত বছৰত ভাৰত যাত্ৰালৈ অহাৰ কথা আছে ৰুছ প্ৰেছিডেণ্ট পুটিনৰ৷ তাতেই লেনদেন সংক্ৰান্তিয় নতুন ব্যৱস্থা তৈয়াৰ কৰাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁ কথাবাৰ্তা পতাৰো সম্ভাৱনা আছে বুলি জনাইছে বিশেষজ্ঞসকলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল
বাণিজ্য

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

October 10, 2026
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’
ভাৰত

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

October 10, 2026
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক
ভাৰত

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

October 10, 2026
Next Post
পুটিনৰ সৈতে বৈঠকৰ পাছতেই বেইজিঙৰ পৰা মচি দিয়া হ’ল কিমৰ চিহ্ন, পৰিষ্কাৰ কৰা হ’ল চেয়াৰ-গ্লাছ, উত্তৰ কোৰিয়ালৈ লৈ যোৱা হ’ল মলমূত্ৰ, আঁৰত কি কাৰণ?

পুটিনৰ সৈতে বৈঠকৰ পাছতেই বেইজিঙৰ পৰা মচি দিয়া হ’ল কিমৰ চিহ্ন, পৰিষ্কাৰ কৰা হ’ল চেয়াৰ-গ্লাছ, উত্তৰ কোৰিয়ালৈ লৈ যোৱা হ’ল মলমূত্ৰ, আঁৰত কি কাৰণ?

আপুনি ডেৰশ বছৰো জীয়াই থাকিব পাৰিব! কিমক কাষত লৈ অমৰত্বৰ আলোচনা পুটিন-ছি জিনপিঙৰ, ভাইৰেল কথোপকথন, কেনেকৈ ডেৰশ বছৰ জীয়াই থাকিব মানুহ?

আপুনি ডেৰশ বছৰো জীয়াই থাকিব পাৰিব! কিমক কাষত লৈ অমৰত্বৰ আলোচনা পুটিন-ছি জিনপিঙৰ, ভাইৰেল কথোপকথন, কেনেকৈ ডেৰশ বছৰ জীয়াই থাকিব মানুহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.