৩০ ছেপ্টেম্বৰত শুক্ৰৰ পূৰ্বষাদ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ হব৷ চন্দ্ৰৰ এই গোচৰে সকলো ৰাশিৰ ওপৰতেই গভীৰভাৱে প্ৰভাৱ পেলাব পাৰে৷ সেয়ে এই গোচৰে ৪ ৰাশিৰ জীৱনলৈ কেইবাটাও পৰিবৰ্তন আনিব৷ জানি থওক ছেপ্টেম্বৰৰ শেষত কাৰ কাৰ ভাগ্য উজ্বলিব?
বৃষ ৰাশি
পূৰ্বষাদ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ বৃষ ৰাশিৰ জাতকৰ বাবে শুভ৷ এই ৰাশিৰ জাতকে হঠাৎ চাকৰিত ডাঙৰ কোনো পদ লাভ কৰিব পাৰে৷ ব্যৱসায়ৰ প্ৰসাৰ হব৷ নতুন চুক্তি লাভজনক হব৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷ যুৱকে মানসিক শান্তি লাভ কৰিব৷ ইয়াৰোপৰি কোনো ডাঙৰ সিদ্ধান্ত লবলৈ সক্ষম হব৷
ধনু ৰাশি
পূৰ্বাষাদ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ ধনু ৰাশিৰ জাতকৰ বাবে খুবেই শুভ প্ৰমাণিত হব৷ আপুনি দীৰ্ঘ ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে৷ ভাগ্যই আপোনাক সংগ দিব৷ অমীমাংসিত কামসমূহ সম্পন্ন হব৷ চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ পথ খুলিব পাৰে৷ আপুনি এজন ছিনিয়ৰ সহকৰ্মীৰ পৰা সহায় পাব৷ শুভ অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব পাৰে৷ শিক্ষাৰ্থীসকলৰ বাবে এই সময় ভালে থাকিব৷
কুম্ভ ৰাশি
পুৰ্বাষাদ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ কুম্ভ ৰাশিৰ জাতকৰ বাবে খুবেই শুভ প্ৰমাণিত হব৷ কৰ্মজীৱনত অগ্ৰগতিৰ পথ খুলিব৷ ঘৰত বিবাহক লৈ আলোচনা চলিব পাৰে৷ দোকান বা ব্যৱসায়ীয়ে কোনো নতুন অংশীদাৰিত্বৰ সুযোগ পাব যি অপ্ৰত্যাশিতভাৱে লাভজনক প্ৰমাণিত হব পাৰে৷ মাতৃৰ স্বাস্থ্য ভালে থাকিব আৰু মন শান্ত থাকিব৷
মীন ৰাশি
পূৰ্বাষাদ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ মীন ৰাশিৰ জাতকৰ বাবে খুবেই শুভ প্ৰমাণিত হব৷ চাকৰিয়ালৰ দৰমহা বাঢ়িব পাৰে৷ ব্যৱসায়ত পুৰণি বিনিয়োগে প্ৰচুৰ লাভ কঢ়িয়াই আনিব পাৰে৷ মানসিক শান্তি অনুভূত হব৷ বিবাহিতসকলৰ জীৱনত প্ৰেম বৃদ্ধি পাব৷ আপুনি দীৰ্ঘ ভ্ৰমণলৈ যাব পাৰে৷
(Disclaimer: এই খবৰ জ্যোতিষশাস্ত্ৰৰ আধাৰত লিখা হৈছে৷ সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে পেছাদাৰ জ্যোতিষীৰ সৈতে আলোচনা কৰক৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















