বিহু নৃত্যৰে মালিগাঁৱৰ অভিযন্তা যুৱতীয়ে মুম্বাইত গঢ়িলে বিশ্ব অভিলেখ৷
বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়িলে অসম কন্যা দিদৃক্ষা সোনোৱালে।
গুৱাহাটীৰ মালিগাঁৱৰ জীয়ৰী দিদৃক্ষাই মাত্র ৩০ ছেকেণ্ডত সর্বাধিকবাৰ বিহু নৃত্যৰ ‘টাকুৰি ঘূৰি’ গঢ়িছে এই বিশ্ব অভিলেখ।
কর্মসূত্রে মুম্বাই থানেৰ বাসিন্দা দিদৃক্ষাই ইতিমধ্যে ‘বর্ল্ড ওৱাইড বুক অব্ ৰেকৰ্ডছ’ আৰু ‘গোল্ডেন বুক অব্ বর্ল্ড ৰেকৰ্ডছ’ত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে।
বীনা দেবী হাজৰিকা আৰু অচিত্র সোনোৱালৰ কন্যা দিদৃক্ষাই সম্প্রতি মুম্বাইৰ থানেৰ এটা কনষ্ট্রাকচন কেমিকেল ইন্ডাষ্ট্রিত চিভিল ইঞ্জিনীয়াবিং হিচাপে কৰ্মৰত।
দিদৃক্ষাৰ পিতৃ-মাতৃৰ পৈতৃক ঘৰ তিনিচুকীয়াত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















