ঘটনাৰ উচিত তদন্ত লাগিব৷ আমাৰ সকলোৰে লাজৰ কথা আমি এতিয়া পোষ্ট লিখি ন্যায়ৰ দাবী কৰিবলগীয়া হৈছে৷ চৰকাৰৰ ওপৰত বিশ্বাস আছে৷ এইকেইজনক যদি ধৰিব পৰা নাই পলাতক ঘোষণা কৰক৷ জুবিন গাৰ্গৰ ম’বাইলতো যথেষ্ট তথ্য থাকিব পাৰে৷ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় দাবী কৰিছে কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ গোঁহাইয়ে৷ ইয়াৰ পূৰ্বেও আচুৰ্যই নিজৰ সামাজিক মাধ্যমত লিখিছে-
‘আমি নজনাকৈয়ে এজন ভগৱানৰ অৱতাৰৰ সান্নিধ্য লাভ কৰিলো ন’হলে কথাবোৰ ইমান নিমিলিলেহেতেন।
জুবিন দা আপুনি য’তেই আছে ভালকৈ থাকক, শান্তিত থাকক।
প্ৰকৃতিৰ ইংগিত, নিজৰ শেষৰ বাবে গান, যি এতিয়া প্ৰাৰ্থনাস্বৰূপ “মায়াবিনী”,
নিজৰ শেষৰ বাবে কবিতা, “চক্ৰবেহু”,
চিনেমাত সংলাপ, “মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত। মই কাঞ্চনজংঘা”,
নিজৰ সমাধিত নিজে উঠা ফটো,
পাহাৰত জন্ম, সাগৰত মৃত্যু।
পানীত প্ৰাণ দি, আকাশেৰে আহি, মাটিত বিলীন হৈ যোৱা আৰু তেওঁ নিজে কোৱা “মোৰ মৃত্যুত অসম স্তব্ধ হৈ যাব।” কথাষাৰ।
আৰু এই সকলোবোৰৰ আজি আমি সাক্ষী।
এইয়াই হৈছে আমাৰ মৰমৰ, হিয়াৰ আমঠু জুবিন গাৰ্গ, যাক আমি হেৰুৱালো আৰু যাৰ শেষ আমি কোনেও বিচৰা নাছিলোঁ। এতিয়াও মানিব পৰা নাই যে তেওঁ আমাৰ মাজত নাই। এনেকুৱা লাগিছে কাইলৈ তেওক আকৌ লগ পাম, আকৌ কথা পাতিম, আকৌ গান শুনিম, আকৌ ধেমেলীয়া কথা ক’ব, আকৌ প্ৰতিবাদ কৰিব।
এতিয়া আমাৰ চিধা কথা- জুবিন দাৰ মৃত্যুত সৃষ্টি হোৱা ৰহস্যবোৰ ৰাজহুৱা হ’ব লাগিব।
জুবিন দা ৰ মৃত্যৰ উচিত বিচাৰ হ’ব লাগিব, দোষীয়ে উচিত শাস্তি পাব লাগিব।
জুবিন দা ক নৰ্থ ইষ্ট ফেষ্টিভেললৈ মাতি নিয়া শ্যামকানু মহন্তই ৰাইজে বিচৰা সকলো প্ৰশ্নৰ উত্তৰ ৰাইজৰ সন্মুখত আহি দিব লাগিব।
সিদ্ধাৰ্থ শৰ্মাইও জুবিন দাৰ কেনেকৈ মৃত্য হ’ল, কি হ’ল সকলোখিনি কথা ৰাইজৰ সন্মুখত আহি কবহি লাগিব।
আৰু মৃত্যুৰ সময়ত উপস্থিত থকা গোটেই কেইজনক চৰকাৰে অতি সোনকালে ধৰি আনি অসমত উচিত বিচাৰ কৰিব লাগিব।
আমাক Justice লাগে চিধা কথা।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ