• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী চাহ-চিংৰা পাছলে’ থাকক’ #JusticeForZubeenGarg, আলোচনালৈ নাযায় SITয়ে আমন্ত্ৰণ জনোৱা ১৯ জনৰ ১৪ জনেই

চৰকাৰী চাহ-চিংৰা পাছলে’ থাকক’ #JusticeForZubeenGarg, আলোচনালৈ নাযায় SITয়ে আমন্ত্ৰণ জনোৱা ১৯ জনৰ ১৪ জনেই

9 months ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

4 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

5 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

6 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

7 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

8 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

8 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

9 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

10 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

11 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

11 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

12 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চৰকাৰী চাহ-চিংৰা পাছলে’ থাকক’ #JusticeForZubeenGarg, আলোচনালৈ নাযায় SITয়ে আমন্ত্ৰণ জনোৱা ১৯ জনৰ ১৪ জনেই

চৰকাৰী চাহ-চিংৰা পাছলে’ থাকক’ #JusticeForZubeenGarg, আলোচনালৈ নাযায় SITয়ে আমন্ত্ৰণ জনোৱা ১৯ জনৰ ১৪ জনেই

editor by editor
October 14, 2025
in জীৱনশৈলী
0
চৰকাৰী চাহ-চিংৰা পাছলে’ থাকক’ #JusticeForZubeenGarg, আলোচনালৈ নাযায় SITয়ে আমন্ত্ৰণ জনোৱা ১৯ জনৰ ১৪ জনেই
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আজি ১৯ গৰাকী বিশিষ্ট ব্যক্তিৰে আলোচনাত বহিব SIT দল৷ জুবিন গাৰ্গৰ মৃত্যু তদন্তক লৈ এই আলোচনাত বহিব SIT দল৷ এই বিশিষ্ট ব্যক্তিৰ লিষ্টত আছে সাংবাদিক শিৱানু বৰা, অতনু ভুঁঞা, অনুৰাধা শৰ্মা পূজাৰী, মৃণাল তালুকদাৰ, ৰাইজৰ দলৰ প্ৰতিনিধি ধৈৰ্য্য হাজৰিকা, ৰাইজৰ প্ৰতিনিধি ৰামানুজ দত্ত চৌধুৰী, সাংবাদিক সঞ্জীৱ ফুকন, ডাঃ হিতেশ বৰুৱা, ডা শুভ্ৰকিংকৰ গোস্বামী, অভিনেতা প্ৰাঞ্জল শইকীয়া, লেখক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, আছুৰ সভাপতি উৎপল শৰ্মা, জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা, জ্যেষ্ঠ সাংবাদিক প্ৰাণজিৎ শইকীয়া, জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, পৰিয়ালৰ হৈ ৰাহুল গৌতম শৰ্মা, প্ৰযোজক শ্যামন্তক গৌতম, জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামী, সমীৰণ ফুকন, পৰেশ বৈশ্যক বিশেষ বৈঠকৰ বাবে মাতি পঠিয়াইছে SIT দলে৷
কিন্তু এইসকলৰ ভিতৰত SIT য়ে আলোচনাৰ বাবে মতা গৰিষ্ঠ সংখ্যকে আলোচনাত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইসকলৰ ভিতৰত আছে-  মনোজ কুমাৰ গোস্বামী, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, প্ৰাণজিত শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী, ৰাজদ্বীপ বাইলুং বৰুৱা, ধৈৰ্য হাজৰিকা, মৃণাল তালুকদাৰ, আছুৰ তিনি নেতৃত্ব, শ্যামন্তক গৌতম, ৰাহুল গৌতম শৰ্মা আৰু অদীপ ফুকন। তেওঁলোকে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ সিদ্ধান্তৰ কথা অৱগত কৰিছে।
ইয়াৰ বিপৰীতে তদন্তকাৰী গোটৰ এই আলোচনাত অংশ লোৱাৰ বাবে সন্মতি প্ৰদান কৰিছে তেওঁলোক ক্ৰমে- ডা০ হিতেশ বৰুৱা, প্ৰাঞ্জল শইকীয়া, সঞ্জীৱ ফুকন, অতনু ভূঞা, শিৱানু বৰা, ডা০ শুভ্ৰকিংকৰ গোস্বামী৷
কিয় SITয়ে মতা আলোচনাত অংশ নলয় সেই বিষয়ে সামাজিক মাধ্যমত স্পষ্ট মত ৰাখি ৰাহুল গৌতম শৰ্মাই লিখিছে,
‘জুবিন গাৰ্গক ন্যায় দিয়ক৷ তদন্তকাৰী সংস্থাই আদালতত নিখুঁত প্ৰতিবেদন দাখিল কৰক৷ তাৰ বাহিৰে বেলেগ কথা আমি নেপাতো দিয়ক৷ চৰকাৰী চাহ-চিংৰা পাছলে’ থাকক।’ #JusticeForZubeenGarg
ইফালে সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে লিখিছে- ‘SIT ৰ অনুসন্ধানত জুবিন-অনুৰাগীৰ ভুমিকা
SIT ৰ অনুসন্ধানৰ ক্ষেত্ৰত মানস ৰবিনৰ ভুমিকাই মোক বিশেষভাৱে আকৃষ্ট কৰিছে ৷ মানসে অনুভৱ কৰিছে যে তেওঁৰ ওচৰত এনে কিছু তথ্য আছে , যিয়ে অনুসন্ধানত সহায় কৰিব পাৰে ৷ তেওঁ চিআইডি অফিচলৈ গৈ কথাখিনি কৈ আহিছে ৷ এজন দায়িত্বশীল , জুবিনৰ ন্যায় বিচৰা লোকৰ দায়িত্ব ঠিক তেনেকুৱাই হʼব লাগে , তেওঁ SIT ৰ আমন্ত্ৰণৰ বাবে অপেক্ষা কৰিব নালাগে ৷ খুব বেচি SIT ক ফেচবুক বা আন মাধ্যমৰ জৰিয়তে দৃষ্টিগোছৰ কৰিব লাগে যে তেওঁৰ ওচৰত তথ্য আছে ৷
মোৰ বয়সৰ আন লেখকৰ তুলনাত সামাজিক মাধ্যমত মই অতিকে সক্ৰিয় আৰু দায়িত্বশীল ৷বেচিভাগে একাডেমিৰ মিটিং , ভ্ৰমণ, বঁটা , কিতাপ বা লেখাৰ খবৰ দিয়াহে দেখা পাওঁ বেচিকৈ ৷ এইবাৰ গ্ৰন্থ-মেলাত সামাজিক মাধ্যমৰ লেখাক লৈয়ে মোৰ দুখন কিতাপ প্ৰকাশ পাব ৷ ʼমহাজীৱনʼ আৰু ʼ ছপা মাধ্যমত নোকোৱা কথাবোৰ ‘- দুয়োখন মিলাই পৃষ্ঠা সংখ্যা প্ৰায় এক হাজাৰ ৷ মই সামাজিক মাধ্যমক কিমান গুৰুত্ব সহকাৰে লওঁ তাৰ প্ৰমাণ দিবলৈ এয়াই যথেষ্ট ৷
মই সামাজিক দায়িত্ব পালনৰ বাবে লেখকৰ ভুমিকাক নিৰ্বাচন কৰিছোঁ ৷ ছপা মাধ্যমতো লেখক হিচাপে বিচৰণ কৰোঁ যদিও বেচ কিছু বছৰ ধৰি ফেচবুককে মই অধিক গুৰুত্ব প্ৰদান কৰি আহিছোঁ ৷ কʼব খোজা কথাখিনি ইয়াতেই কৈ আছোঁ ৷ মই কি লিখিম , লিখিম নে নিলিখিম , সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ কাকো দিবলৈ মই প্ৰস্তুত নহয় ৷ পঢ়িব নে নপঢ়িব , সহমত হʼব নে বিৰোধ কৰিব -সেয়াহে আনৰ অধিকাৰ ৷ এই কথাৰ মৰ্মাৰ্থ যিয়ে উপলব্ধি কৰিবলৈ অসমৰ্থ , তেওঁলোকে মোৰ লেখক-সত্ত্বাক বুজি পাব বুলি আশা নকৰোঁ ৷ তাৰ বাবে আপচোচো নাই ৷
জুবিনৰ অনুসন্ধানত সহায় কৰিব পৰা মোৰ ওচৰত এনে কোনো তথ্য নাই , যিখিনি মই ফেচবুকত লিখিব নোৱাৰো ৷ চৰকাৰ বা SIT য়ে সামাজিক মাধ্যম ট্ৰেক নকৰে বুলি মই বিশ্বাস নকৰো ৷ জুবিন সম্পৰ্কত ( ব্যক্তিগত কিছু সান্নিধ্যৰ বাহিৰে ) মোটামুটি সকলোৱে , ময়ো একে কথাই জানো , মাথোঁ সকলোৱে বেলেগ বেলেগ ধৰণে প্ৰচেছিং কৰোঁ নিজৰ বিচাৰ- বুদ্ধিৰে৷ সেয়েহে মতামত ভিন্ন হʼব পাৰে ৷ মোৰ নিজস্ব মতামতো কোনোবা বন্ধ ৰূমত গোপনে কʼবলগীয়া কথা বুলি মই নাভাবো ৷ সামাজিক মাধ্যমতে লিখিব পাৰোঁ ৷ পৰিয়ালকে ধৰি জুবিনৰ অনুৰাগীসকল ন্যায়ৰ বাবে ব্যাকুল হোৱাটো স্বাভাৱিক ৷ তৎ স্বত্বেও প্ৰতিখন সভাতে বা সামাজিক মাধ্যমতে মই ʼজাষ্টিছফʼৰজুবিন ʼ বুলি উল্লেখ কৰি আহিছো , কিন্তু within ten days লিখা নাই ৷ আইন-আদালতে দহ দিনত ন্যায় দিব বুলি মই বিশ্বাস নকৰো ৷ ঐশ্বৰিক বিচাৰ চলিয়েই আছে , দি আছে ৷
সামাজিক মাধ্যমত বহু কথা চকুত পৰে বাবেই কিছু বেদনাদায়ক উপলব্ধিও নোহোৱাকৈ থকা নাই ৷ জুবিনৰ অনুৰাগীসকল স্বাভাৱিকভাৱেই জুবিনৰ ন্যায়ৰ প্ৰতি উদ্বিগ্ন , অধৈৰ্য আৰু সৰৱ হৈ পৰিছে ৷ কিন্তু জুবিনৰ প্ৰতি পূৰ্বতে বা এতিয়াও অনুৰাগ নথকা বহুতে জুবিনৰ ন্যায়ৰ প্ৰতি অতি-সৰৱ হৈ উঠাৰ আঁৰত ন্যায়ৰ প্ৰতি কোনো উদ্বিগ্নতা নাই : ৰাজনীতিহে আছে ৷ তেওঁলোকৰ বহুতে জনগণ তেওঁলোকৰ ওচৰত আছে বুলি নিজেই ঘোষণা কৰি থাকে যদিও প্ৰকৃত জনগণ কিন্তু আছে জুবিনৰ লগতহে ৷ জনগণৰ সুখ-দুখৰ সৈতে একাত্ম নহৈ জনগণক মাথোঁ ৰাজনৈতিক পণ্য হিচাপে ব্যৱহাৰ কৰিব বিচৰা সকলক জনগণে ঠিকেই চিনি পায় ৷ জনগণে তেওঁলোকৰ সুখ-দুখৰ সৈতে একাত্ম হোৱা জুবিনক ঠিকেই চিনি পাইছিল ৷ হʼব নোৱাৰা সকলৰ এচামে জুবিনৰ নাম লৈ এতিয়া জনগণৰ কাষ চপাৰ চেষ্টা কৰিছে ৰাজনৈতিক স্বাৰ্থত ৷ সেই কথা সময়ত যে জনগণে ঠিকেই উপলব্ধি কৰিব তাত মোৰ সন্দেহ নাই ৷
লেখক হিচাপে মই আদৰ্শৰ পাঠ লৈছোঁ প্লেটোৰ ৰিপাব্লিকৰ আদিমেন্টাছ আৰু প্লেটিনাছৰ কথোপকথনৰ পৰা ৷ মই সত্য বুলি ভবা কথা লিখাৰ বাবে হাজাৰজনে যদি মোক ট্ৰʼলো কৰে , অশালিন গালি- শপনিও পাৰে , সমাজত অচ্যুতও কৰে , তথাপি মই সত্য বুলি ভবা কথায়েই লিখিম , যেতিয়ালৈকে লিখিব পাৰোঁ ৷ সত্য লিখিবলৈ বেলেগে কোনো সাহসৰ প্ৰয়োজন নাই , সত্যৰ ওপৰত আস্থায়েই যথেষ্ট ৷ মোৰ এই আদৰ্শ বহুতৰ উপলব্ধিৰ বাহিৰত , বহু শিক্ষিতইও মোৰ বিষয়ে আবোল তাবোল বকি থাকে ৷ এই প্ৰবণতা বিগত পঞ্চাশ বছৰ লেখক হিচাপে দেখি আহিছোঁ ৷ অজ্ঞতা বুলি ধৰি লৈছোঁ ৷ গুৰুত্ব দিয়া নাই ৷
SITৰ নিমন্ত্ৰণক কোনোৱে বিশেষ কিবা সুযোগ বা সন্মান বুলিও ভাবিব নালাগে , যোৱাটো সাহসৰ পৰিচয় বুলিও ভাবিব নালাগে ৷ মানস ৰবিনৰ দৰে এক দায়িত্ব বুলি ভাবিব লাগে , যদিহে অনুসন্ধানত সহায় কৰিব পৰা কিবা তথ্য আপোনাৰ ওচৰত আছে বুলি ভাবে ৷ মোৰ ওচৰত নাই ৷
SIT ক মোৰ ফালৰ পৰা এইখিনিয়েই কʼব পাৰোঁ- মোক নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ ৷ থাকিব নোৱাৰিলেও কʼব বিচাৰোঁ যে এই মুহূৰ্তলৈকে মোৰ মনত এই বিশ্বাস গভীৰ হৈ আছে যে জুবিনক ন্যায় দিবলৈ নীতি-নিয়মৰ গণ্ডীত কৰিব পৰা সকলো কাম সৰ্বোচ্চ নিষ্ঠা , সততা আৰু দায়ৱদ্ধতাৰে কৰিবলৈ আপোনালোকে আপ্ৰাণ চেষ্টা কৰিব , সৰ্বশক্তি প্ৰয়োগ কৰিব , কৰি আছে ৷ মোৰ যদি এনে কিবা দৃষ্টিগোছৰ হয় , যি জুবিনৰ ন্যায়ৰ স্বাৰ্থত আপোনালোকক লগ ধৰি কোৱাটো জৰুৰী বুলি মই ভাবো , মই নিজেই আহি আপোনালোকক সেই কথা জনাম ৷ আমিও সেই সকলৰ এজন যিয়ে ৰাজনীতিৰ গোন্ধ নোহোৱাকৈ সঁচাকে জুবিনৰ ন্যায়ৰ বাবে ব্যাকুল হৈ আছোঁ ৷’

#JusticeForZubeenGarg

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
Next Post
আগন্তুক মাহত ওলোটা পথত বৃহস্পতি, ভাগ্য খুলিব ৪ ৰাশিৰ, উন্নতিৰ গ্ৰাফে আকাশ চুব আপোনাৰ

আগন্তুক মাহত ওলোটা পথত বৃহস্পতি, ভাগ্য খুলিব ৪ ৰাশিৰ, উন্নতিৰ গ্ৰাফে আকাশ চুব আপোনাৰ

দীপাৱলিৰ পূৰ্বেই ৰাহুৰ ঘৰত এন্ট্ৰী সূৰ্যৰ! ধনী হ’ব এই ৩ৰাশিৰ জাতক, হাতলৈ ধন আহিব কোন কোন ৰাশিৰ?

দীপাৱলিৰ পূৰ্বেই ৰাহুৰ ঘৰত এন্ট্ৰী সূৰ্যৰ! ধনী হ’ব এই ৩ৰাশিৰ জাতক, হাতলৈ ধন আহিব কোন কোন ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.