আগন্তুক মাহত গুৰুগ্ৰহ বৃহস্পতিৰ চলনত ডাঙৰ পৰিবৰ্তন লক্ষ্য কৰা যাব৷ ১১ নৱেম্বৰ ২০২৫ৰ নিশা ১০ বাজি ১১মিনিটত কৰ্কট ৰাশিত বৃহস্পতিৰ বক্ৰী চলন আৰম্ভ হ’ব৷ কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ৷ চন্দ্রই বৃহস্পতিৰ বন্ধু গ্ৰহ হোৱাত কৰ্কট ৰাশিত গোচৰ কৰে গুৰুগ্ৰহৰ ক্ষমতা বৃদ্ধি হয়৷ বৰ্তমান বুধৰ চিহ্ন মিথুনত অৱস্থান কৰিছে বৃহস্পতিয়ে৷ আগন্তুক ১৮ অক্টোবৰত বৃহস্পতিয়ে মিথুন এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ জানি থওক কৰ্কটত বৃহস্পতিৰ বক্ৰী চলনৰ ফলত দুৰ্দান্ত লাভ হ’ব কোন কোন ৰাশিৰ?
বৃষ ৰাশি
বৃহস্পতিৰ বক্ৰী চলনত শুভ ফল পাব বৃষ ৰাশিৰ জাতকৰ বাবে৷ আগন্তুক মাহত হঠাৎ প্ৰচুৰ অৰ্থলাভ কৰিব পাৰে আপুনি৷ বিনিয়োগৰ পৰা ডাঙৰ লাভ হ’ব পাৰে৷ পূৰ্বে লোৱা ঋণ পৰিশোধ কৰিব পাৰিব৷ ইয়াৰ ফলত আপোনাৰ মন শান্ত হ’ব৷ সাংসৰিক সমস্যাৰ পৰা মুক্তি পাব৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব বৃষ ৰাশিৰ জাতকৰ৷
তুলা ৰাশি
তুলাৰ জাতকে বক্ৰী বৃহস্পতিৰ প্ৰভাৱত নানান দিশৰ পৰা লাভৱান হ’ব৷ সাংসৰিক দায়িত্ব সফল ভাৱে পালন কৰিব৷ পুৰণি সমস্যা আঁতৰিব৷ একাধিক সূত্ৰৰ পৰা উপাৰ্জন হ’ব পাৰে৷ এই সময়ত আপোনাৰ মনৰ জোৰ বাঢ়িব৷ পৈতৃক সম্পত্তি লাভত আইনী জটিলতা থাকিলে দূৰ হ’ব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ বাবে বক্ৰী বৃহস্পতিয়ে উন্নতিৰ এটাৰ পাছত আনটো সুযোগ দিব৷ পাৰিবাৰিক সম্পৰ্ক আৰু মজবুত হ’ব৷ এই সময়ত নতুন কিছু শিকাৰ সুযোগ পাব৷ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ পাবলগীয়া অৰ্থ লাভ কৰিব৷
মীন ৰাশি
বৃহস্পতিৰ ওলোটা পথৰ যাত্ৰাই পজিটিভ পৰিবৰ্তন আনিব মীন ৰাশিৰ জীৱনলৈ৷ বন্ধুত্বৰ সম্পৰ্ক পূৰ্বতকৈ নিবিড় হ’ব৷ মনৰ পৰা নিগেটিভ চিন্তাভাৱনা দূৰ হ’ব৷ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা ডাঙৰ লাভ হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















