৪দিন পাছতেই নিজৰ স্থান পৰিবৰ্তন কৰিব চন্দ্ৰই৷ চন্দ্ৰক জ্যোতিষমতে আবেগ আৰু সৃজনশীলতাৰ প্ৰতীক হিচাপে চোৱা হয়৷ বৃশ্চিক ৰাশিত গোচৰ হ’ব চন্দ্ৰ৷ এই গোচৰত তৈয়াৰ হ’ব বিৰল সংযোগ৷ বৃশ্চিক ৰাশিৰ অধিপতি মঙ্গল৷ চন্দ্ৰ গোচৰ হ’লে এই দুই গ্ৰহৰ ভিতৰত তৈয়াৰ হ’ব সংযোগ৷ যাৰ বিশেষ প্ৰভাৱ দেখা যাব ৩ ৰাশিৰ জাতকৰ জীৱনত৷
মঙ্গলে বৰ্তমান তাৰ নিজস্ব ৰাশি বৃশ্চিকত আছে৷ ৭ ডিচেম্বৰ, ২০২৫ পৰ্যন্ত এই ৰাশিতেই অৱস্থান কৰিব৷ ২০ নৱেম্বৰ ২০২৫ত বৃশ্চিক ৰাশিত গোচৰ কৰিব চন্দ্ৰই৷ জ্যোতিষমতে বৃশ্চিক ৰাশিত চন্দ্ৰ আৰু মঙ্গলৰ যোগত মহালক্ষ্মী ৰাজযোগ তৈয়াৰ কৰিব, যি তিনি ৰাশিৰ জাতকৰ বাবে শুভ সময় কঢ়িয়াই আনিব পাৰে৷ ব্যৱসায়ত লাভ, আৰ্থিক উন্নতি হব পাৰে৷ মানসিক শান্তি বৰ্তি থাকিব৷
কৰ্কট ৰাশিৰ জাতকৰ জীৱনত কি হ’ব?
কৰ্কট ৰাশিৰ জাতকৰ বাবে মহালক্ষ্মী ৰাজযোগ অত্যন্ত শুভ প্ৰমাণিত হ’ব পাৰে৷ সাফল্য পাব, মানসিক শান্তি পাব৷ আৰ্থিক লাভৰ পথ উন্মুক্ত হ’ব৷ কৰ্মক্ষেত্ৰত অগ্ৰগতি হ’ব৷ সামাজিক সন্মান বৃদ্ধি পাব৷ শাৰীৰিক ক্ষমতা উন্নত হ’ব৷ ব্যৱসায়ত উল্লেখযোগ্য লাভ হ’ব৷ দীৰ্ঘদিনৰ সুপ্ত কোনো বাসনা পূৰণ হ’ব পাৰে৷
বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত কি হ’ব?
মঙ্গল আৰু চন্দ্ৰৰ সংযোগ বৃশ্চিক ৰাশিৰ জাতকৰ বাবে উপকাৰী হ’ব পাৰে৷ বহুদিনৰ ৰৈ থকা কাম শেষ কৰিব পাৰিব৷ হঠাৎ অৰ্থৰ আগমন হব পাৰে৷ আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি হ’ব৷ মঙ্গলৰ প্ৰভাৱত আত্মবিশ্বাস বৃদ্ধি কৰিব৷ মৰ্যাদা বৃদ্ধি পাব৷ আপোনাৰ প্ৰতিপত্তি বৃদ্ধি পাব৷ কেৰিয়াৰৰ অগ্ৰগতিৰ সুযোগ আহিব পাৰে৷ আপোনাৰ স্বাস্থ্যৰ উন্নতি হব৷ দাম্পত্যত কলহ কমিব৷
মীন ৰাশিৰ জাতকৰ জীৱনত কি হ’ব?
মীন ৰাশিৰ জাতকৰ বাবে মহালক্ষ্মী ৰাজযোগ অত্যন্ত শুভ প্ৰমাণিত হব পাৰে৷ এই ৰাশিৰ জাতকৰ বাবে মহালক্ষ্মী ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিব৷ আয়ৰ নতুন উৎস খুলিব পাৰে৷ শনিয়ে মীন ৰাশিৰ ঊৰ্ধ্বগতিত অৱস্থান কৰিব৷ সকলো মিলি এই ৰাজযোগত ডাঙৰ সুখবৰ পোৱাৰ সম্ভাৱনা আছে মীন ৰাশিৰ জাতকৰ জীৱনত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















