জুবিনবিহীনতাত যেন সকলো উকা৷ হাঁহি হাঁহি জুবিনৰ কাষে কাষে ঢপলিয়াই ফুৰা মানুহগৰাকীৰ দুচকুত আজি কেৱল চকুলো৷ অনুৰাগীয়ে জীৱিত কালত আয়োজন কৰাৰ দৰেই আয়োজন কৰিছে প্ৰিয় জুবিনৰ ওপজা দিন৷ পূৰ্বে জুবিনৰ হাতত ধৰি কেক খুৱাই সকলোৰে সৈতে কেক ভগাই খোৱা মানুহগৰাকীয়ে আজি আয়োজন দেখি সুখী হ’ব যেন পৰা নাই৷ তেওঁৰ বুকুখনে হাহাকাৰ কৰি উঠিছে৷ হাহাকাৰ কৰি উঠা চকুযুৰিয়ে বিচাৰি ফুৰিছে প্ৰিয় গল্ডীক৷ ঘুৰি আহিব যেন তেওঁৰ প্ৰিয় গল্ডী৷ নাই তেওঁৰ গল্ডী অবিহনেই তেওঁ অনুৰাগীৰ মৰমবোৰ অকলে সামৰিব লাগিব৷ বুকু ডাঠ কৰি অনুৰাগীৰ কাষলৈ ওলাই আহিলেও মানসিকভাৱে তেওঁ খুবেই ধৰাশায়ী৷ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পাছতেই অনুৰাগীয়ে অনা কেক কাটি কান্দোনত ভাঙি পৰিছে গৰিমা শইকীয়া গাৰ্গ৷
জুবিন আঁতৰি যোৱাৰ পাছৰে পৰাই গৰিমাইয়ো যেন নিজকে হেৰুৱাই পেলাইছে কোনোবাখিনিত৷ মাজনিশা গৰিমাই জুবিনক নেদেখা সিপাৰে কুশলে থাকিবলৈ শুভেচ্ছা জনাইছে যদিও গৰিমা আজি কুশলে নাই৷ অনুৰাগীয়ে অনা কেক কটাৰ পাছতেই আকৌ অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ৷ জুবিন গাৰ্গক সোঁৱৰি গৰিমাই কান্দি কান্দি ঢলি পৰিছে কাহিলিপাৰাৰ বাসগৃহত৷ ইতিমধ্যে জুবিন গাৰ্গৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি কাহিলিপাৰাৰ বাসগৃহত আয়োজন কৰা অন্যান্য সকলো অনুষ্ঠান বাতিল কৰি দিয়া হৈছে৷ সকলোৱে এতিয়া গৰিমাৰ সুস্থতাৰ বাবেও প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে জীৱিত কালতেই জুবিনে গৰিমাক লৈ তেওঁৰ বন্ধু ত্ৰিদীপ লাহনৰ সন্মুখত কৈছিল কেইবাটাও কথা৷ জুবিনে নুমলীগড়ত অনুষ্ঠান কৰিবলৈ গৈ শশাংক সমীৰ আৰু ত্ৰিদীপ লাহনৰ সন্মুখত কান্দি কান্দি কৈছিল গৰিমাক ভালপোৱাৰ কথা৷ জুবিনে কৈছিল- গৰিমাৰ নামতেই মা আছে৷ তাই মোক মাৰ দৰেই মৰম কৰে৷ তাইক মই বহুত ভালপাঁও৷ ঘৈণী বুলি ক’বলৈ বেয়া পাওঁ৷ তাই মোৰ নিজৰ হয়৷ আহক দে তাই৷ আহিয়েই মোক ক’ব এইটো কিয় কৰিলা, এইটো এনেকৈ কিয় কৰিছা৷ ইত্যাদি ইত্যাদি৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















