জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্য হৈছে প্ৰাণশক্তি, জীৱনীশক্তি, অহংকাৰ, আত্মসন্মান আৰু বোধৰ প্ৰতীক৷ ইচ্ছাশক্তি, আত্মবিশ্বাস আৰু ব্যক্তিত্বৰ মূল উপাদানক নিয়ন্ত্ৰণ কৰে সূৰ্যই৷ সেই সূৰ্যই যেতিয়া নিজৰ স্থান পৰিবৰ্তন কৰিব তেতিয়া যি ৰাশিচক্ৰৰ ওপৰত বিশেষ প্ৰভাৱ দেখা যাব সেয়াই স্বাভাৱিক৷
২০২৬ চনৰ আৰম্ভণিতেই স্থান সলনি কৰিব সূৰ্যই৷ গোচৰ হ’ব তাৰ শত্ৰু গ্ৰহ শনিৰ শাষিত ৰাশি মকৰত৷ শনিৰ ৰাশিচক্ৰত সূৰ্যৰ এই উপস্থিতিৰ প্ৰভাৱ পৰিব মেষৰ পৰা মীনলৈকে ১২ ৰাশিৰ জাতকৰ জীৱনত৷ ২০২৬ চনৰ জানুৱাৰী মাহৰ ১৪ তাৰিখে মকৰ ৰাশিত গোচৰ হ’ব সূৰ্য৷ এই দিনটোত পালিত হ’ব মকৰ সংক্ৰান্তিয় হিচাপত৷ শত্ৰু গ্ৰহ শনিৰ ৰাশিত সূৰ্যই প্ৰৱেশ কৰিলে তাৰ বিশেষ প্ৰভাৱ দেখা যাব মূলত চাৰিটা ৰাশিৰ জীৱনত৷ জ্যোতিষৰ অংকই কৈছে ৪ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ সময় আহিব৷
সূৰ্যৰ গোচৰত সলনি হ’ব কোন কোন ৰাশিৰ জীৱন?
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ গোচৰে অনুকূল পৰিস্থিতি তৈয়াৰ কৰিব৷ সম্পৰ্কৰ ক্ষেত্ৰত সুসংবাদ আহিব৷ আপোনাৰ প্ৰতি অন্যৰ বিশ্বাস বাঢ়িব৷ আপোনাক বহুতেই বন্ধু হিচাপে পাবলৈ বিচাৰিব৷ কেৰিয়াৰত উন্নতিৰ সম্ভাৱনা আছে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা আছে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা আছে৷ উচ্চতৰ কৰ্তৃপক্ষৰ প্ৰশংসা পাব পাৰে৷ ব্যৱসায়ত বিশেষ লাভ হ’ব৷ আৰ্থিক লাভৰ সম্ভাৱনা বাঢ়িব৷ ব্যয় সত্ত্বেও আপোনাৰ সঞ্চয় বাঢ়িব৷ বিনিয়োগ কৰিব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷
ধনু ৰাশি
সূৰ্যৰ গোচৰৰ পাছত ধনু ৰাশিৰ জাতকৰ ব্যয় বৃদ্ধি পাব৷ একাধিক উৎসৰ পৰা আয় বৃদ্ধি পাব পাৰে৷ আপোনাৰ কৰ্মজীৱনত অগ্ৰগতি হ’ব৷ ভাগ্যৰ সহায় পাব৷ ব্যৱসায়ীসকলে উন্নতিৰ প্ৰচেষ্টা চলাই যোৱা উচিত৷ লাভৰ সুযোগ বাঢ়িব৷ প্ৰেম জীৱনত সম্পৰ্ক ভালে থাকিব৷
মকৰ ৰাশি
সূৰ্যই মকৰ ৰাশিতেই গোচৰ কৰিব৷ তাতেই অৱস্থানো কৰিব৷ এমাহ ধৰি তাৰ সুফল উপভোগ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ এই সময় আপোনাৰ বাবেও অত্যন্ত শুভ হব৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা বাঢ়িব৷ কৰ্মক্ষেত্ৰত কামৰ চাপ বেছি থাকিব৷ ভৱিষ্যতৰ বাবে ই লাভজনক হ’ব৷ মন দি কাম কৰি যাওক৷ প্ৰেম জীৱন স্বাভাৱিক থাকিব৷ শনিবাৰে হনুমানৰ যজ্ঞ কৰিলে সুফল পাব৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ বাবেও সূৰ্যৰ এই গোচৰ অনুকূল হ’ব৷ প্ৰায় প্ৰতিটো ক্ষেত্ৰতেই ইতিবাচক ফলাফল পাব পাৰে৷ কৰ্মক্ষেত্ৰত সূৰ্য পৰিকল্পনা সফল হব৷ কৰ্মজীৱনত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিব পাৰে৷ ব্যৱসায়ত উন্নতি হব৷ আয় বৃদ্ধি পাব৷ সঞ্চয় বাঢ়িব৷ আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বন্ধন আৰু দৃঢ় হব৷ ফিটনেছ বৰ্তি থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















