কিডনিৰ সমস্যা সহজে বুজিব নোৱাৰি। বেছিভাগ মানুহেই সৰু সৰু লক্ষণসমূহ এৰাই চলে। যেতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেতিয়াহে ধৰা পৰে কিডনিৰ অসুখ। কিন্তু একেবাৰেই যে কোনো উপসৰ্গই দেখা নিদিয়ে তেনে নহয়। কিডনিৰ প্ৰধান আৰু অন্যতম কাম হৈছে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰা। সেয়ে কিডনিৰ কোনো সমস্যা হলে তাৰ লক্ষণ প্ৰস্ৰাৱৰ মাজতেই দেখা যায়।
ইউৰিন হৈছে শৰীৰৰ বৰ্জ্য। ইয়াৰ গোন্ধ, বৰ্ণ, ঘনত্ব সকলোবোৰে আপোনাৰ স্বাস্থ্য সম্পৰ্কে বহু কথাই কয়। যেনে গাঢ় হালধীয়া প্ৰস্ৰাৱৰ অৰ্থ হৈছে শৰীৰ ডিহাইড্ৰেটেড কিংবা শৰীৰত অত্যধিক প্ৰটিন আছে অথৱা কোনো সংক্ৰমণত আক্ৰান্ত হৈছে। আকৌ বহু সময়ত গাঢ় হালধীয়া প্ৰস্ৰাৱে কিডনিত পাথৰ হোৱাৰো সংকেত দিয়ে। নেশ্ব্যনেল কিডনি ফাউণ্ডেছনে মূলত প্ৰস্ৰাৱৰ তিনিধৰণৰ প্ৰকৃতি আৰু অৰ্থ বিশ্লেষণ কৰিছে। যিয়ে কব পাৰে আপোনাৰ কিডনি সুৰক্ষিতনে?
প্ৰস্ৰাৱৰ তিনি ধৰণৰ প্ৰকৃতি আৰু তাৰ অৰ্থ
ইউৰিনৰ ৰং যদি খয়েৰি হয় তেন্তে সেয়া হেমাচুৰীয়া হব পাৰে। ইয়াত ভয় খোৱাৰ কাৰণ নাই। কিডনি বা মুত্ৰনলীৰ সংক্ৰমণ হলে এই ধৰণৰ প্ৰস্ৰাৱ হয়।
ফেনযুক্ত প্ৰস্ৰাৱ হলে বুজিব যে ইউৰিনত প্ৰটিনৰ মাত্ৰা বেছি। ইয়াক এলবুমিনুৰিয়াও বুলে। বহু সময়ত কিডনিয়ে ঠিকমতে কাম নকৰিলে মুত্ৰৰ মাধ্যমেৰে শৰীৰ পৰা অতিৰিক্ত প্ৰটিন বাহিৰলৈ ওলায়।
প্ৰস্ৰাৱৰ পৰা অতিৰিক্ত দুৰ্গন্ধ ওলালে সাবধান। শৰীৰ ডিহাইড্ৰেটেড হলে কিংবা শৰীৰত কোনো সংক্ৰমণ হলে মূত্ৰৰ পৰা দুৰ্গন্ধ ওলায়। ডিহাইড্ৰেছন দূৰ কৰিবলৈ প্ৰচুৰ পৰিমাণে পানী খোৱা জৰুৰী। তাৰপিছতো যদি গোন্ধ দূৰ নহয় তেতিয়া দ্ৰুত চিকিৎসকৰ সৈতে কথা পাতক।
কিডনিৰ সমস্যা কি লক্ষণ দেখি চিনি পাব?
উচ্চ ৰক্তচাপ, ডায়বেটিছ বা মূত্ৰনলীৰ সংক্ৰমণ হলে বুজিব কিডনিয়ে ঠিকমতে কাম কৰিব পৰা নাই। এইসমূহৰ লক্ষণ হৈছে ক্লান্তি, দুৰ্বলতাৰ দৰে লক্ষণে দেখা দিব পাৰে।
পৰ্যাপ্ত মাত্ৰাত পানী নাখালে শৰীৰ ডিহাইড্ৰেটেড হৈ পৰে। তেতিয়া কিডনিয়ে ঠিকমতে কাম কৰিব নোৱাৰে আৰু টক্সিন বাহিৰলৈ ওলাব নোৱাৰে। এনেকৈ বহুদিন ধৰি চলি থাকিলে কিডনিৰ মাৰাত্মক ক্ষতি হব পাৰে।
অত্যধিক পৰিমাণে ছডিয়াম সমৃদ্ধ খাদ্য খালে কিডনিৰ ব্যাপক ক্ষতি হয়। সেয়ে বাহিৰৰ খাদ্য আৰু অতিৰিক্ত মাত্ৰাত নিমখ খোৱা এৰাই চলাই ভাল।
কঁকালৰ তলৰ অংশ বা পিঠিৰ বিষ বহুসময়ত কিডনিৰ অসুখৰ সংকেত হব পাৰে। সেয়ে এই ধৰণৰ কোনো লক্ষণ দেখিলে এৰাই নচলিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















