ইণ্ডিগৰ ফ্লাইট বিপৰ্যয়ৰ বাবে চৰম দুৰ্ভোগ ভুগিছে যাত্ৰীয়ে৷ এখনৰ পাছত আনখন বিমান বাতিল কৰাৰ লগতে উৰানৰ সময় খেলিমেলিক লৈ যাত্ৰী ক্ষোভিত হৈ পৰিছে৷ এই খেলিমেলিৰ মাজতে এইবাৰ নতুন ফ্লাইট ডিউটি টাইম লিমিটেছনচ আৰু এটা ক্লজ প্ৰত্যাহাৰ কৰিছে DGCAয়েই৷ এইবাৰৰ পৰা সাপ্তাহিক বিশ্ৰামৰ দিনৰক সলনি অন্য কোনো ছুটি ল’ব নোৱাৰিব৷ ইয়াৰোপৰি উৰান বাতিল হলে শেষপৰ্যন্ত টিকটৰ টকা উভতাই পোৱা যাবনে সেই বিষয়ক লৈয়ো যাত্ৰীৰ মনত বিভ্ৰান্তি আছে৷
টিকটৰ টকা কেনেকৈ উভতাই পাব?
বিগত ২ ডিচেম্বৰৰ পৰা বৰ্তমান পৰ্যন্ত দিল্লী, মুম্বাই, বাংগালুৰু, কলকাতা আৰু কেইবাশ ইণ্ডিগ’ৰ ফ্লাইট বাতিল হৈছে৷ কেইবাহাজাৰ যাত্ৰী বিপাকত পৰিছে৷ সঠিক সময়ত গন্তব্যত উপস্থিত হ’ব পৰা নাই৷ যাত্ৰীসকলৰ লাইন, শাৰী শাৰী লাগেজ, বিমানবন্দৰসমূহত পৰি আছে৷ কিন্তু সকলোৰে প্ৰশ্ন হঠাৎ বাতিল হোৱা ফ্লাইটৰ টিকটৰ টকা কেনেকৈ উভতাই পাব পাৰে?
জানি থওক ধন উভতাই পোৱাৰ সমগ্ৰ প্ৰক্ৰিয়া
ইণ্ডিগ’ৰ ৱেবচাইটত যাওক আৰু তললৈ স্ক্ৰোল কৰি ‘Support’ অপশ্ব্যনত ক্লিক কৰক৷
‘Plan B’ অপশ্ব্যন পোৱা যাব৷ তাত ক্লিক কৰিলে ফ্লাইট সলনি বা ৰিফাণ্ড পোৱা যাব৷
PNR/বুকিং ৰেফাৰেন্স নম্বৰ আৰু ইমেইল আইডি দিয়ক৷
ইয়াৰপাছতেই Change Flight বা Cancel Flight -এই দুটাৰ মাজত যি প্ৰয়োজন সেয়াই বাচি লওক৷
একেই টিকট নতুন সময় বা তাৰিখ বাচি ল’ব পাৰে৷
ইয়াৰোপৰি ফ্লাইট বাতিল কৰি ৰিফাণ্ডো পাব পাৰে৷
Plan Bৰ সুবিধা পাব যদি আপোনাৰ ফ্লাইট বাতিল হয়, নিৰ্ধাৰিত সময়ৰ পৰা ১ ঘণ্টা বা বেছি পূৰ্বে ফ্লাইট আগুৱাই অনা হয় অথৱা নিৰ্ধাৰিত সময়ৰ পৰা ২ ঘণ্টা বা বেছি দেৰি হয়৷
Plan B ব্যৱহাৰ কৰিবলৈ বেলেগকৈ ধন নালাগে৷
সাধাৰণতে ৭ কৰ্মদিৱসৰ মাজত ৰিফাণ্ড পোৱা যাব৷
পাইলটৰ ছুটিত কি কি সালসলনি?
পূৰ্বৰ নিৰ্দেশিকাত কোৱা হৈছে যে পাইলট বা বিমানচালকে লোৱা ছুটিক সাপ্তাহিক বিশ্ৰামৰ যি নিৰ্দিষ্ট সময়সীমা, তাৰ অন্তৰ্ভুক্ত কৰা নাযাব৷ অৰ্থাৎ পাইলটে আগন্তুক ছুটি লওক বা নলওক, সপ্তাহত ৪৮ ঘণ্টা বিশ্ৰাম তেওঁলোকক দিবই লাগিব৷ এই সংক্ৰান্তিয় নিয়ম শিথিল কৰা হৈছে৷ পাইলটসকলৰ নিশাৰ ডিউটি সংক্ৰান্তিয় বিধিও শিথিল কৰিছে DGCA। এইবাৰৰ পৰা সাপ্তাহিক বিশ্ৰামৰ দিনৰ সলনি অন্য কোনো ছুটি তেওঁলোক ল’ব নোৱাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















