জ্যোতিষ গণনা অনুসৰি ২০ ডিচেম্বৰ ২০২৫ বুধে জ্যেষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ বুধক বুদ্ধিমত্তা, কথোপকথন, ব্যৱসায়, লেখাপঢ়া আৰু যুক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷ জ্যেষ্ঠা নক্ষত্ৰৰ অধিপতি ইন্দ্ৰ সাহস, নেতৃত্ব আৰু বিজয়ৰ প্ৰতীক৷ সেয়ে বুধৰ এই গোচৰত পাঁচটা ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰীসকলে বিশেষভাৱে সাফল্য লাভ কৰিব৷
কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?
মিথুন ৰাশি
মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ৷ বুধ গোচৰ হব৷ সেয়ে এই গোচৰত ব্যাপকভাৱে লাভৱান হব মিথুন ৰাশিৰ জাতক৷ কেৰিয়াৰত উন্নতিৰ সুযোগ আছে৷ ব্যৱসায়ত লাভৰ মুখ দেখিব পাৰে৷ গুৰুত্বপূৰ্ণ কোনো চুক্তিত চহী কৰিব পাৰে৷ চাকৰিয়ালে নতুন দায়িত্ব পাব পাৰে৷ পদোন্নতিও হব পাৰে৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকেও জ্যেষ্ঠা নক্ষত্ৰত বুধৰ গোচৰৰ ফলত লাভৱান হব৷ বিশেষকৈ প্ৰভাৱ পৰিব আৰ্থিক জীৱনত৷ আৰ্থিক শক্তি বৃদ্ধি পাব৷ সম্পদ বাঢ়িব৷ কাৰোবাৰ পৰা দীৰ্ঘদিনৰ পাবলগীয়া টকা উভতাই পাব পাৰে৷ পঢ়াশুনা, প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত সাফল্য পোৱাৰ সম্ভাৱনা আছে৷ আপোনাৰ কথাবৰ্তাই জীৱনলৈ সুখ কঢ়িয়াই আনিব৷ নিজৰ বক্তব্যৰ মাধ্যমেৰে চৰম শত্ৰুকো বন্ধু কৰিব পাৰিব৷ সামাজিক আৰু পেছাদাৰ জীৱনত সন্মান বৃদ্ধি পাব৷
বৃশ্চিক ৰাশি
বুধৰ গোচৰৰ ফলত প্ৰভাৱিত হব বৃশ্চিক ৰাশিৰ জাতক৷ আত্মবিশ্বাস বাঢ়িব, যিকোনো কামতে সিদ্ধান্তগ্ৰহণৰ ক্ষমতা আৰু দক্ষতা দুটাই বাঢ়িব৷ গুপ্ত শত্ৰুৰ আঘাতৰ পৰাও নিজকে সুৰক্ষিত ৰাখিব পাৰিব৷ শত্ৰুক পৰাস্ত কৰিব পাৰিব৷ বিনিয়োগৰ পৰা লাভজনক ফল পাব৷ গৱেষণা, প্ৰযুক্তিৰ সৈতে জড়িতসকলৰ এই সময় অনুকূল হব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকে সুখবৰ পাব৷ ব্যৱসায়ত লাভৰ সুযোগ বৃদ্ধি পাব৷ বন্ধুবান্ধৱ আৰু প্ৰভাৱশালী ব্যক্তিৰ পৰা সাহায্য পাব পাৰে৷ নতুন কোনো উৎসৰ পৰা আয় হব পাৰে৷ পুৰণি কোনো পৰিকল্পনা এই সময়ত সম্পন্ন হব পাৰে৷ যৰ পৰা লাভৰ সম্ভাৱনা আছে৷
মীন ৰাশি
মীন ৰাশিৰ জাতকে এই সময়ত ভাগ্যৰ সহায় পাব৷ বিদেশ ভ্ৰমণ, উচ্চশিক্ষা, লেখামেলা আৰু আধ্যাত্মিক সাধনাৰ সৈতে জড়িতসকলে উল্লেখযোগ্যভাৱে উপকৃত হব পাৰে৷ আপুনি গুৰুৰ নিৰ্দেশ মানি চলক৷ তেতিয়া জীৱনত উন্নতি হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















