দীৰ্ঘদিনৰ প্ৰেমিকা আবিবা বেগেৰ সৈতে বাগদান কৰিলে প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট ভাদ্ৰাৰ পুত্ৰ ৰেহানে৷ বিভিন্ন সংবাদমাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি সাত বছৰ ধৰি ৰেহান আৰু আবিবা সম্পৰ্কত আছিল৷ অৱশেষত এই সম্পৰ্কই পৰিণতি লাভ কৰিলে৷
সূত্ৰৰ খবৰ অনুসৰি সম্প্ৰতি আবিবাক পোনতে প্ৰস্তাৱ দিছিল ৰেহানে৷ সেই প্ৰস্তাৱত তেওঁ ৰাজীও হয়৷ বিভিন্ন সূত্ৰৰ দাবী যে দুজনৰ পৰিয়ালেই এই সম্পৰ্কত সন্মতি জনাইছে৷ তেওঁৰ বিবাহৰ অনুষ্ঠান কেতিয়া আয়োজন কৰা হ’ব তাৰ আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই৷
আবিবা আৰু তেওঁৰ পৰিয়াল দিল্লীতেই থাকে৷ গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ বেগ পৰিয়াল৷ প্ৰিয়ংকা তনয় ৰেহানৰ বন্যপ্ৰাণীৰ প্ৰতি সৰুৰে পৰাই এক টান আছে৷ ১০ বছৰ বয়সৰ পৰাই ছবি তোলাৰ প্ৰতি আগ্ৰহী ৰেহনে বিভিন্ন ফটোগ্ৰাফী সন্মিলনত অংশগ্ৰহণো কৰছে৷ জীৱনৰ পেছা হিচাপেও তেওঁ ফটোগ্ৰাফীকেই বাচি লয়৷ এপিআৰই আৰ্ট হাউছৰ পৰ্টেলৰ ৰেহানৰ প্ৰফাইত, বন্যপ্ৰাণী, ষ্ট্ৰিট ফটোগ্ৰাফী আৰু বাণিজ্যিক ফটোগ্ৰাফীৰ কথাও উল্লেখ আছে৷
২০২১ চনত নতুন দিল্লীৰ বিকানেৰ হাউচত ডাৰ্ক পাৰছেপচন নামৰ একক প্ৰদৰ্শনীত প্ৰথম সকলোৰে দৃষ্টিলৈ আহিছিল ৰেহানে তোলা ছবি৷ পাছত কলকাতাৰ দ্যা ইণ্ডিয়া ষ্টোৰি নামৰ একক প্ৰদৰ্শনী হয় তেওঁ তোলা ছবিৰ৷ ৰেহানৰ কাম সাংস্কৃতিক মহলত বেছ প্ৰশংসিক হয়৷ ২০১৭ চনত ক্ৰিকেট খেলাৰ সময়ত চকুত আঘাত লাগিছিল ৰেহানৰ৷ মাতৃ প্ৰিয়ংকা তেওঁ অনুপ্ৰেৰণা৷ তেওঁৱেই ৰেহানক ফটোগ্ৰাফীক লৈ উৎসাহ জগাই আহিছে৷ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী তথা ৰেহানৰ ককাকো ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত আছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















