অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়
DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

৫বছৰত আয় ৮৩,৬৫২ টকা, SBIত বিনিয়োগ কৰক মাত্ৰ ইমান টকা

৫বছৰত আয় ৮৩,৬৫২ টকা, SBIত বিনিয়োগ কৰক মাত্ৰ ইমান টকা

আৰ বি আইয়ে চলিত বছৰত মুঠ ১.২৫ শতাংশ ৰেপো ৰেট কমাইছে৷ সদ্য ০.২৫ শতাংশ কমোৱা হৈছে ৰেপো ৰেট৷ এই সংশোধনে ফিক্সড ডিপোজিট ৰেটক প্ৰভাৱিত কৰিছে আৰু দেশৰ বৃহত্তম ৰাষ্ট্ৰায়ত্ত বেংক ষ্টেট বেংক অফ ইণ্ডিয়াই নিৰ্দিষ্ট কিছু এফ ডি স্কিমৰ সুদৰ হাৰ সংশোধন কৰিছে৷ বিনিয়োগকাৰীসকলৰ বাবে সুখবৰ হৈছে এছ বি আইৰ নিৰ্দিষ্ট ম্যাদৰ স্কিমে এতিয়াও ভাল ৰিটাৰ্ণ দিছে৷ আপুনি যদি এক নিৰাপদ বিনিয়োগৰ মাধ্যমেৰে ৮৩, ৬৫২ টকা পৰ্যন্ত নিশ্চিত লাভ কৰিব খোজে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷

৭দিনৰ পৰা ১০ বছৰ পৰ্যন্ত বিনিয়োগৰ সুবিধা

ষ্টেট বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ গ্ৰাহকক ৭দিনৰ পৰা ১০ বছৰ পৰ্যন্ত দীৰ্ঘ সময়ৰ বাবে বিনিয়োগৰ সুবিধা দিয়ে৷ বৰ্তমান এছ বি আইয়ে ৩.০৫ শতাংশৰ পৰা ৭.০৫ শতাংশ পৰ্যন্ত আকৰ্ষণীয় সুদৰ হাৰ অফাৰ কৰিছে৷ বেংকৰ সকলোতকৈ জনপ্ৰিয় স্কিম হৈছে ৪৪৪ দিনৰ অমৃত বৃষ্টি৷ এই প্ৰকল্পত সাধাৰণতে নাগৰিকসকলৰ বাবে ৬.৪৫ শতাংশ আৰু প্ৰবীণ নাগৰিকসকলৰ বাবে ৬.৯৫ শতাংশ ৰিটাৰ্ণ দিয়ে৷ ইয়াৰোপৰি ১ৰ পৰা ২ বছৰৰ ম্যাদৰ আমানতৰ ওপৰত সাধাৰণ গ্ৰাহকসকলৰ বাবে ৬.১০ শতাংশ আৰু প্ৰবীণ নাগৰিকসকলৰ বাবে ৬.৬০শতাংশ সুদ দিয়া হয়৷

২লাখৰ বিনিয়োগত ৮৩, ৬৫২ টকা কেনেকৈ আয় হ’ব?

যিসকলে দীৰ্ঘ সময়ৰ বাবে তেওঁলোকৰ ধন নিৰাপদে ৰাখি এক নিশ্চিত আয় কৰিব খোজে তেওঁলোকৰ বাবে এছ বি আইৰ ৫ বছৰৰ এফ ডি স্কিম আদৰ্শ৷ আপোনাৰ বয়স যদি ৬০ বছৰতকৈ কম হয় আৰু আপুনি সাধাৰণ বিভাগৰ অন্তৰ্ভুত হয় তেতিয়া আপুনি ৫ বছৰৰ এফ ডিত বাৰ্ষিক ৬.০৫ শতাংশ সুদ পাব৷ এই পৰিস্থিতিত ৫ বছৰৰ পাছত আপুনি ২,০০,০০০ টকাৰ মুঠ বিনিয়োগৰ ওপৰত ৭০, ০৩৫ টকা নিৰ্দিষ্ট সুদ পাব৷ যিয়ে আপোনাৰ ম্যাদপূৰ্তিৰ পৰিমাণক ২,৭০,০৩৫ টকালৈ লৈ যাব৷

অন্যহাতে এছ বি আই সকলো সময়তে প্ৰবীণ নাগৰিকৰ প্ৰতি বেছি উদাৰ৷ ৬০ বছৰ বা তাতকৈ বেছি বয়সীয়া প্ৰবীণ নাগৰিকসকলে ৫ বছৰৰ ম্যাদত ফিক্সড ডিপোজিট কৰিলে ৭.০৫ শতাংশ হাৰত এক স্থিতিশীল ৰিটাৰ্ণ পায়৷ যদি এজন প্ৰবীণ নাগৰিকে ৫ বছৰৰ বাবে ২০০,০০০ টকা জমা কৰে তেন্তে ম্যাদপূৰ্তিত তেওঁ মুঠ ২,৮৩,৬৫২ টকা পাব৷ ইয়াৰ মাজত সুদৰ পৰিমাণ হব ৮৩, ৬৫০টকা৷ যি আজিৰ পতনশীল বজাৰৰ এটা খুবেই ভাল আৰু নিৰাপদ ৰিটাৰ্ণ হিচাপে বিবেচিত হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *