কলষ্টেৰল এক ধৰণৰ চৰ্বিজাতীয়, তৈলাক্ত ষ্টেৰয়েড যি কোষৰ চেল মেমব্ৰেনত পোৱা যায় যি সকলো প্ৰাণীৰ তেজত পৰিবাহিত হৈ থাকে৷ এক সুস্থ শৰীৰৰ বাবে প্ৰচুৰ কলষ্টেৰলৰ প্ৰয়োজন৷ কলষ্টেৰলে কোষ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ই স্নায়ু কোষক ৰক্ষা কৰি ভিটামিন আৰু হৰমন তৈয়াৰ কৰাতো সহায় কৰে৷
শীতকালত খাদ্যভাষ আৰু জীৱনযাত্ৰাৰ পৰিবৰ্তনৰ কাৰণে এল ডি এল বা বেয়া কলষ্টেৰল দ্ৰুতগতিত বাঢ়িব পাৰে৷ ঠাণ্ডাত মানুহে কম পানী পান কৰে আৰু শাৰীৰিক কাৰ্যকলাপো কমি যায় আৰু ঘী আৰু মাখনৰ দৰে উচ্চ চৰ্বিযুক্ত খাদ্য বেছিকৈ খাবলৈ আৰম্ভ কৰে৷ ইয়াৰোপৰি হাৰ্টৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়৷ যিয়ে হাৰ্ট ফেইলাৰ, হাৰ্ট এটেক আৰু ব্লকেজৰ আশংকা বঢ়ায়৷ স্বাস্থ্যকৰ খাদ্যভাষৰ সহায়ত কলষ্টেৰল নিয়ন্ত্ৰণ কৰা সম্ভৱ৷
উচ্চ কলষ্টেৰলৰ সমস্যা দ্ৰুত বাঢ়িছে৷ পূৰ্বে ই সাধাৰণতে বয়স্কসকলৰ মাজত দেখা গৈছিল৷ কিন্তু এতিয়া ২০-৩০ বছৰ বয়সীয়া তৰুণ তৰুণীও ইয়াৰ চিকাৰ হৈছে৷ উচ্চ কলষ্টেৰলৰক সাধাৰণ ভাৱি ভুল নকৰিব৷ কাৰণ ই আপোনাৰ হাৰ্ট আৰু স্বাস্থ্যৰ বাবে বিপদৰ সংকেত হব পাৰে৷ উচ্চ এল ডি এলয়ে হাৰ্ট এটেক, ষ্ট্ৰোক, উচ্চ ৰক্তচাপৰ দৰে গুৰুতৰ সমস্যাৰ কাৰণ হব পাৰে৷ সেয়ে ইয়াক সাধাৰণভাৱে লোৱা উচিত নহয়৷ খাদ্যভাষত কিছু পৰিবৰ্তন আৰু স্বাস্থ্যকৰ জীৱনযাপনৰ মাধ্যমেৰে কলষ্টেৰল নিয়ন্ত্ৰণ কৰা সম্ভৱ৷ ইয়াৰ ফলত হাৰ্ট ভালে থাকিব৷ এনে কিছু খাদ্য আছে যিয়ে উচ্চ কলষ্টেৰল কমাবলৈ খাদ্যতালিকাৰ পৰা বাদ দিয়ক এইকেইটা সামগ্ৰী৷
দুগ্ধজাত পণ্য কমকৈ খাওক
গাখীৰ, পনিৰ আৰু মাখনৰ দৰে দুগ্ধজাত পণ্যসমূহত ফেট বেছি থাকে৷ যিয়ে কলষ্টেৰল বঢ়ায়৷ বিশেষকৈ মাখন৷ মাত্ৰ এচামুছ মাখনতে ৭.৩ গ্ৰাম ছেচুৰেটেড ফেট থাকে৷ মনত ৰাখিব আপুনি যদি দিনে ২০০০ কেলৰি গ্ৰহণ কৰে তেতিয়া মাত্ৰ ১১-১৩ গ্ৰাম ছেচুৰেটেড ফেট গ্ৰহণ কৰা উচিত৷ অন্য বেকড খাদ্য আৰু উচ্চ কেলৰিযুক্ত খাদ্যতো মাখন থাকে৷ কেনে ক্ৰয়ৰ পূৰ্বে লেবেল চাই কম ফেটযুক্ত বেকডহে ক্ৰয় কৰিব৷
ৰেড মিট কমাই খাওক
আপুনি যদি উচ্চ কলষ্টেৰলত আক্ৰান্ত তেন্তে ৰেড মিট কমকৈ খোৱা উচিত৷ কাৰণ ই কলষ্টেৰল বঢ়ায়৷ প্ৰক্ৰিয়াজাত মাংসতো ৰাসায়নিক পদাৰ্থ বেছিকৈ থাকে যিয়ে কৰ্কটৰ আশংকা বঢ়াব পাৰে৷ মাংস ৰন্ধাৰ পদ্ধতিও গুৰুত্বপূৰ্ণ৷ উচ্চ তাপত মাংস গ্ৰীল কৰিলে বা ভাজিলে ক্ষতিকাৰক ৰাসায়নিক তৈয়াৰ হব পাৰে৷ আপুনি যদি মাজে মাজে মাংস খাই তেন্তে সিজাই খোৱা বা ভাপত সিজোৱা বা কম জুইত ৰন্ধাটোৱেই ভাল বিকল্প৷
ভজা খাদ্য কমাই খাওক
এই তাৰিকাত তৃতীয় স্থানত আছে ভজা খাদ্য৷ ফ্ৰেঞ্চ ফ্ৰাই, চিকেন আৰু যিকোনো ডিপ ফ্ৰাইড স্নেকছত কেলৰি আৰু ট্ৰান্স ফেট বেছি থাকে, যি হৃদয়ৰ বাবে ক্ষতিকৰ৷ কিন্তু আপুনি যদি মছমছীয়া ফ্ৰাই খাই ভালপায় তেন্তে এয়াৰ ফ্ৰায়াৰ ব্যৱহাৰ কৰিব পাৰে৷ বেক কৰিব পাৰে বা কম পৰিমাণে অলিভ অয়েলত পেন ফ্ৰাই কৰিব কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















