বুদ্ধিমত্তা আৰু ব্যৱসায়ৰ প্ৰতীক গ্ৰহ বুধ৷ কেইবাদিনৰ মাজত চন্দ্ৰৰ অধীনত শাওনৰ নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ২৩ জানুৱাৰী ২০২৬ শুকুৰবাৰে পুৱা ১০ঃ২৭ মিনিটত বুধে স্থান পৰিবৰ্তন কৰিব৷ ইয়াৰফলত কেৰিয়াৰৰ পৰা আৰম্ভ কৰি পাৰিবাৰিক আৰু আৰ্থিক বিষয়ত বিশেষভাৱে লাভৱান হব ৪ৰাশিৰ জাতক৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতকে বুধৰ গোচৰৰ ফলত শুভ ফল পাব৷ শিক্ষাক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিব৷ সময়মতে নিজৰ কাম সম্পন্ন কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত আৰু বেছি দায়িত্ব পাব পাৰে৷ সন্মান বৃদ্ধি পাব৷ উচ্চশিক্ষাৰ বাবে বিদেশ ভ্ৰমণো কৰিব পাৰে৷ অৰ্থ উপাৰ্জনৰ নতুন পথ খুলিব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকে বুধৰ নক্ষত্ৰ পৰিবৰ্তনৰ শুভ ফল উপভোগ কৰিব পাৰিব৷ ধৰ্মীয় কাৰ্যকলাপত আগ্ৰহ বাঢ়িব৷ কোনো বিশিষ্ট ব্যক্তিৰ সৈতে দেখা কৰিব পাৰে৷ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ আয়ৰ বাবে অসংখ্য পথ খুলি যাব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক উন্নত হব৷ জীৱনসংগীৰ সৈতে আৰু গভীৰ সম্পৰ্ক গঢ়ি উঠিব৷
কন্যা ৰাশি
বুধৰ নক্ষত্ৰ পৰিবৰ্তনৰ কাৰণে কন্যা ৰাশিৰ জাতক বিশেষভাৱে উপকৃত হব৷ কৰ্মজীৱনত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিব৷ ব্যৱসায়ীয়ে ভাল চুক্তি চুড়ান্ত কৰিব পাৰে৷ ভায়েক ভনীয়েকক সহায় কৰিব পাৰে৷ দীৰ্ঘদিনৰ আকাঙ্ক্ষা পূৰণ হব পাৰে৷ নিজৰ পুৰণি কোনো সমস্যা সমাধানৰ সুযোগ পাব৷
ধনু ৰাশি
বুধৰ ৰাশিচক্ৰ পৰিবৰ্তনৰ সৈতে ধনু ৰাশিৰ জাতকৰ মাজত নানান পৰিবৰ্তনে দেখা দিব৷ এই ৰাশিৰ জাতকৰ কথাবাৰ্তা আৰু আকৰ্ষণীয় হৈ উঠিব৷ সন্মান বৃদ্ধি পাব৷ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ আয়ৰ অতিৰিক্ত উৎস তৈয়াৰ হব পাৰে৷ বিনিয়োগৰ পৰা যথেষ্ট লাভ হব পাৰে৷ পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাবলৈ এয়া ভাল সময়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















