বৃহস্পতিয়ে ৰাশি পৰিবৰ্তন কৰিবলৈ গৈ আছে৷ এই গোচৰৰ ফলত তৈয়াৰ হব হংস মহাপুৰুষ যোগ৷ ২০২৬ চনৰ ২ জুনৰ নিশা বৃহস্পতিয়ে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ যিয়ে তিনিটা ৰাশিৰ জাতকৰ সৌভাগ্য বৃদ্ধি কৰিব৷ দীৰ্ঘদিনৰ প্ৰচেষ্টাৰ ইতিবাচক ফল পাব তেওঁলোকে৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি হংস মহাপুৰুষ যোগ হৈছে বৃহস্পতিৰ দ্বাৰা সৃষ্ট এক শক্তিশালী ৰাজযোগ৷ বৃহস্পতিয়ে তাৰ নিজস্ব ৰাশি মীন বা ধনু অথৱা তাৰ আৰোহী গৰত অৰ্থায কৰ্কট ৰাশিৰ প্ৰথম, চতুৰ্থ বা সপ্তম ঘৰত অৱস্থান কৰিলে তৈয়াৰ হয় হংস মহাপুৰুষ যোগ৷ ই বৃহস্পতিৰ সৈতে সম্পৰ্কিত৷ গুৰুগ্ৰহ জ্ঞান, ধৰ্ম, পবিত্ৰতাৰ প্ৰতীক৷ হংস বা ৰাজহংস পবিত্ৰতাৰ প্ৰতীক৷ সেয়ে এই যোগক নাম হংস মহাপুৰুষ যোগ৷ হংস মহাপুৰুষ যোগৰ প্ৰভাৱত এজন ব্যক্তিয়ে জ্ঞান, সম্পদ, সন্মান আৰু নম্ৰ স্বভাৱৰ অধিকাৰী হয়৷
কোন তিনি ৰাশি লাভৱান হ’ব?
কন্যা ৰাশি
বৃহস্পতিৰ মহাপুৰুষ ৰাজযোগৰ কাৰণে কন্যা ৰাশিৰ জাতকে অতিৰিক্ত আয়ৰ সুবিধা পাব৷ যিহেতু বৃহস্পতি আপোনাৰ ৰাশিচক্ৰৰ পৰা একাদশ ঘৰত গমন কৰিছে সেয়ে এই সময়ত আপোনাৰ আয় উল্লেখযোগ্যভাৱে বৃদ্ধি পাব পাৰে৷ আপুনি নতুন নতুন উৎসৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰে৷ শ্বেয়াৰ বজাৰ বা লটাৰীৰ পৰা লাভৰ সম্ভাৱনা আছে৷ আপোনাৰ প্ৰতিপত্তি বৃদ্ধি পাব৷ কেৰিয়াৰৰ গ্ৰাফ ঊৰ্ধ্বগামী হব৷ ব্যৱসায়ীয়ে বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰে৷ কন্যা ৰাশিৰ জাতকে তেওঁলোকৰ সন্তান সম্পৰ্কিত সুসংবাদ পাব৷
তুলা ৰাশি
হংস মহাপুৰুষ ৰাজযোগ গঠনৰ ফলত তুলা ৰাশিৰ জাতকো উপকৃত হব৷ এই ৰাজযোগে আপোনাৰ কমিউনিকেছন স্কিল আৰু উন্নত কৰিব৷ এই সময়ত কৰ্মজীৱনত উল্লেখযোগ্য অগ্ৰগতি দেখা পাব৷ চাকৰিয়ালে তেওঁলোকৰ কামৰ বাবে প্ৰশংসা পাব৷ এই ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰীয়ে তেওঁলোকৰ ঊৰ্ধ্বতনসকলৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ এই সময় ভৱিষ্যতৰ পৰিকল্পনাসমূহ সুসংগঠিতভাৱে সম্পন্ন কৰিব পাৰিব৷ বন্ধুৰ পৰাও সহায় পাব৷ এই সময়ত ব্যৱসায়ীয়ে উল্লেখযোগ্য আৰ্থিক লাভ পাব পাৰে৷ নতুন উদ্যোক্তাসকলে ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময় শুভ৷
বৃশ্চিক ৰাশি
এই ৰাশিৰ বাবে হংস মহাপুৰুষ ৰাজযোগে ইতিবাচক ফল কঢ়িয়াই আনিব৷ এই ৰাজযোগে আপোনাৰ ৰাশিচক্ৰৰ নৱন ঘৰত প্ৰভাৱ পেলাব৷ মঙ্গলৰ অৱস্থান শক্তিশালী হব আৰু এই সময়ত আপুনি যি কৰিব তাৰ পৰা সাফল্য আহিব৷ আপুনি কিছু ধৰ্মীয় বা শুভ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব পাৰে৷ এই সময়ত আধ্যাত্মিক আৰু ব্যক্তিগত বিকাশৰ বাবে অনুকূল হব৷ আপুনি সৃজনশীল কামত আৰু শৈল্পিক সাধনাত সাফল্য পাব৷ এই সময়ত নতুন সম্পৰ্কৰ সুযোগ আহিব৷ জীৱনলৈ দুৰ্দান্ত সাফল্য আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















