পোষ্ট অফিচৰ ফিক্সড ডিপোজিট এতিয়া সাধাৰণ মানুহৰ কাষত অন্যতম নিৰাপদ বিনিয়োগৰ মাধ্যম৷ চৰকাৰী গেৰেণ্টি থকাৰ কাৰণে ধন হেৰুৱাৰ ভয় নাই বুলিয়েই ক’ব পাৰি৷ বহুতেই জানিব খোজে যদি কম সময়ৰ মাজত ডাঙৰ অংকৰ ধন ৰাখিলে কিমান ৰিটাৰ্ণ পোৱা যায়? জানি থওক ১২ মাহৰ বাবে পোষ্ট অফিচৰ এফ ডিত ৮ লাখ টকা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
পোষ্ট অফিচ FDত সুদৰ হাৰ বৰ্তমান পোষ্ট অফিচৰ ১ বছৰৰ ফিক্সড ডিপোজিটত বাৰ্ষিক সুদৰ হাৰ ধৰা হ’ল ৬.৯শতাংশ৷ এই সুদ সাধাৰণতে বাৰ্ষিক ভিত্তিত হিচাপ কৰা হয়৷ ৪লাখ টকাৰ ৰিটাৰ্ণৰ হিচাপক যদি আপুনি পোষ্ট অফিচৰ এফ ডিত এককালীন ৪,০০,০০০ টকা ১২ মাহৰ বাবে জমা ৰাখে তেন্তে মূলধন ৪,০০,০০০ টকাত বাৰ্ষিক সুদৰ হাৰ ৬.৯%ত ২৭৬০০ টকা সুদ পাব৷
১২ মাহৰ শেষত আপোনাৰ মুঠ প্ৰাপ্তি হ’ব প্ৰায় ৪২৭৬০০ টকা৷ কিয় পোষ্ট অফিচ FDত বিনিয়োগ কৰিব? পোষ্ট অফিচৰ এফ ডি বিনিয়োগকাৰীৰ কাষত জনপ্ৰিয় হোৱাৰ কাৰণ হৈছে অলপ সময়তে নিৰাপদ বিনিয়োগৰ সুযোগ৷ বেংকৰ তুলনাত স্থিতিশীল সুদৰ হাৰ দেশৰ যিকোনো পোষ্ট অফিচত সহজেই একাউণ্ট খোলাৰ সুবিধা৷
যদি আপুনি মাত্ৰ ১ বছৰৰ বাবে ৪লাখ টকা নিৰাপদে বিনিয়োগ কৰিব খোজে তেন্তে পোষ্ট অফিচৰ এফ ডিৰ পৰা প্ৰায় ২৭৬০০ টকা সুদ পাব৷ বিনিয়োগৰ পূৰ্বে বৰ্তমান সুদৰ হাৰ জানি থোৱাটো খুবেই জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ