জাতীয় সংগীত জনগনমন অধিনায়ক…ৰ দৰে মৰ্যদা লাভ কৰিব পাৰে বন্দে মাতৰমেও! বিষয়টোক বিবেচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ চলিত মাহতেই দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নেতৃত্বত বন্দে মাতৰমক লৈ এক উচ্চস্তৰৰ বৈঠক হৈছে৷ অন্য মন্ত্ৰণালয় সমূহৰ প্ৰতিনিধিয়েও তাত যোগ দিছে৷ জাতীয় সংগীতৰ ক্ষেত্ৰত যেনেকৈ আইনী নিয়মকানুন নিৰ্দিষ্ট কৰা আছে তেনেকৈ বন্দে মাতৰমৰ ক্ষেত্ৰতো সেয়া প্ৰযোজ্য কৰা উচিত নে তাক লৈ আলোচনা হৈছে৷ সূত্ৰৰ কথা উল্লেখ কৰি এই তথ্য প্ৰকাশ কৰিছে ইণ্ডিয়ান এক্সপ্ৰেছে৷
বংকিমচন্দ্ৰ চট্টোপাধ্যায় ৰচিত দেশাত্মবোধক গীত বন্দে মাতৰমৰ ১৫০ বছৰ পূৰ্তি উদযাপন চলিছে৷ ১৮৭৫ চনত লেখা এই গান প্ৰথম প্ৰকাশিত হয় ১৮৮২ চনত আনন্দমঠ উপন্যাসত৷ ১৮৯৬ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমে এই গান গাইছিল৷ ব্ৰিটিছবিৰোধী স্বাধীনতা আন্দোলনৰ সৈতে জড়িত বন্দে মাতৰমৰ কথা আৰু ভাৱনা৷ জাতীয় সংগীতৰ ওপৰিও দেশৰ সংবিধানত এই গানক সমান মৰ্যাদা আৰু স্বীকৃতি দিছে৷ এইয়া পাঠ কৰা বা গোৱাৰ বাবে পৃথককৈ কোনো শিষ্টাচাৰ, আইনী বাধ্যবাধকতা নাই৷ সেয়া আৰম্ভ কৰাৰ প্ৰয়োজন আছে নে নাই ভাৱি চাইছে কেন্দ্ৰই৷
জাতীয় গানক লৈ অতীতত দেশৰ বিভিন্ন প্ৰান্তৰ আদালতত একাধিক গোচৰ আছে৷ এই গান পৰিবেশনৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট কাঠামোৰ ওপৰিও ১৯৭১ চনৰ জাতীয় অৱমাননা আইনত শাস্তি নিৰ্ধাৰণৰো কিছু আবেদন দিয়া হৈছিল৷ ২০২২ চনৰ এনে এক গোচৰত ছুপ্ৰিম কৰ্টে কেন্দ্ৰক জনাইছিল যে জাতীয় সংগীত পৰিবেশনত বাধা দিয়া বা পৰিবেশনৰ সময়ত অশান্তি কৰা আইনত অপৰাধ৷ কিন্তু বন্দে মাতৰমৰ বাবে তেনে কোনো বাধ্যবাধকতা নাই৷
মৰ্যদা অনুসৰি জাতীয় সংগীতে এক সাংবিধানিক আৰু আইনগত সুৰক্ষা ভোগ কৰে৷ ভাৰতীয় সংবিধানৰ ৫১ এ ধাৰাই কৈছে যে জাতীয় সংগীতক সন্মান কৰা প্ৰত্যেক নাগৰিকৰ মৌলিক কৰ্তব্য৷ ইয়াৰ পৰিবেশন আৰু ব্যৱহাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ নিৰ্দেশিকাৰ দ্বাৰা নিয়ন্ত্ৰিত৷ কোৱা হৈছে যে কোনো চৰকাৰী অনুষ্ঠানত সম্পূৰ্ণ জাতীয় সংগীত পৰিবেশন কৰা হলে সেয়া থিয় হৈ গাব লাগে৷ জনগণমনৰ কোনো বিকৃত বা অন্য ধৰণৰ নিৰ্মাণো নিষিদ্ধ৷ এই সংগীত পৰিবেশনত কোনোৱে ইচ্ছাকৃতভাৱে বাধা দিয়ে তাতো শাস্তি আছে৷ সৰ্বোচ্চ তিনি বছৰ পৰ্যন্ত কাৰাদণ্ডও হব পাৰে৷ বন্দে মাতৰমৰ ক্ষেত্ৰত তেনে কোনো নিৰ্দেশিকা আছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















