ধন, ঐশ্বৰ্যৰ গ্ৰহ হৈছে শুক্ৰ৷ আৰু সেই শুক্ৰই ৬ ফেব্ৰুৱাৰীত মকৰ ৰাশিৰ পৰা কুম্ভ ৰাশিৰ গোচৰ কৰিব৷ শুক্ৰই এই ৰাশিত ২ মাৰ্চ পৰ্যন্ত থাকিব৷ কেৱল সেয়াই নহয়, এই ৰাশিত ইতিমধ্যেই বহি আছে ৰাহু৷ যাৰ ফলত শুক্ৰই কুম্ভত প্ৰৱেশ কৰোতেই তৈয়াৰ হ’ব শুক্ৰ আৰু ৰাহুৰ যুঁটি৷ আৰু সেই কাৰণেই তিনি ৰাশিৰ জীৱনলৈ আহিব পাৰে সুখৰ সময়৷ জীৱনত হ’ব বিৰাট উন্নতি৷ আৰু সময় নষ্ট নকৰি সেই সকলো ৰাশি সম্পৰ্কে বিশদভাৱে জানি থওক৷
বৃষ ৰাশি
শুক্ৰ আৰু ৰাহুৰ যুঁটিত ভাল সময় আহিব বৃষ ৰাশিৰ জীৱনত৷ চাকৰিত উন্নতি হব৷ ইয়াৰোপৰি অৰ্থভাগ্যও উভতিব৷ বৃদ্ধি পাব বেংক বেলেন্স৷ ইমান দিন ধৰি যিসকলে চাকৰিৰ সন্ধান কৰি আছিল তেওঁলোকে ভাল খবৰ পাব৷ এই সময়ত আপোনাৰ খৰচ কিছু বেছি হব পাৰে৷ কিন্তু খৰচৰ সলনি আৰাম আৰু সুখ সুবিধা পাব৷ এই সময়ত ডাঙৰ সিদ্ধান্ত লব পাৰে৷ আপোনাৰ সিদ্ধান্ত এই সময়ত সঠিক দিশতেই থাকিব৷ ইয়াৰোপৰি স্বাস্থ্যৰো উন্নতি নিশ্চিত হ’ব৷
বৃশ্চিক ৰাশি
ৰাহু শুক্ৰৰ যুঁটিৰ বাবে বৃশ্চিক ৰাশিৰ জীৱনত হ’ব ডাঙৰ লাভ৷ আপোনাৰ ধনলাভ হব পাৰে৷ কেৱল সেয়াই নহয় সুখ সুবিধা পাব৷ সম্পত্তিজনিত সমস্যাও দূৰ হব৷ এই সময়ত নতুন ঘৰ কিনিব পাৰে৷ ইয়াৰোপৰি নতুন বাহন বা প্ৰাপাৰ্টিও কিনিব পাৰে৷ ইয়াৰোপৰি পাৰিবাৰিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব৷ ইয়াৰোপৰি এই সময়ত পৰিয়ালৰ সৈতে বাহিৰলৈ ঘূৰিবলৈ যাব পাৰে৷
কুম্ভ ৰাশি
শুক্ৰ আৰু ৰাহুৰ যুঁটি তৈয়াৰ হব কুম্ভ ৰাশিত৷ এই ৰাশিৰ জাতকৰ জীৱনলৈ ভাল সময় আহিব৷ এই সময়ত আপোনাৰ আয় বৃদ্ধি পাব, খৰচ কন্ট্ৰলতেই থাকিব৷ ইয়াৰোপৰি আপোনাৰ আচৰণতো পৰিবৰ্তন আহিব৷ যাৰ ফলত পৰিয়ালত শান্তি থাকিব৷ আনকি কৰ্মস্থলীতো উন্নতি কৰিব পাৰে৷ ভাল সময় কটোৱাৰ বাবে এতিয়াৰে পৰাই সাজু হওক৷ পাৰ্টনাৰচিপত যিসকলে কাম কৰিছে তেওঁলোকেও ভাল ফল পাব৷ ব্যৱসায়ত লাভ হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















