মুদ্ৰাস্ফীতিৰ এই সময়ত সকলোৱে বিচাৰে যে তেওঁলোকৰ কষ্টাৰ্জিত অৰ্থ নিৰাপদে থাকক আৰু ভাল ৰিটাৰ্ণ পাওক৷ শ্বেয়াৰ বজাৰৰ ওঠানমা আৰু বেংক এফ ডিত সুদৰ হাৰ কমাৰ মাজত যদি এনো কোনো বিনিয়োগ বিকল্প থাকে যিয়ে মানুহৰ আস্থা অৰ্জন কৰিব পাৰিছে সেয়াই হৈছে পোষ্ট অফিচ ফিক্সড ডিপোজিট স্কিম৷ পোষ্ট অফিচৰ এফ ডিসমূহে চৰকাৰী গেৰেণ্টি আৰু নিৰ্দিষ্ট ৰিটাৰ্ণ প্ৰদান কৰে৷ যিয়ে এইসমূহক নিৰ্ভৰযোগ্য বিকল্প কৰি তোলে৷ বিশেষকৈ মধ্যবিত্ত আৰু অৱসৰপ্ৰাপ্তসকলৰ বাবে৷
পোষ্ট অফিচ FD কি?
লক্ষ্যণীয় যে পোষ্ট অফিচ এফ ডিসমূহক আনুষ্ঠানিকভাৱে পোষ্ট অফিচ টাইম ডিপোজিট বুলিও কোৱা হয়৷ মূলত এইসমূহে বেংক এফ ডিৰ দৰেই কাম কৰে৷ বিনিয়োগকাৰীয়ে এক নিৰ্দিষ্ট সময়ৰ বাবে ধন জমা কৰে আৰু ম্যাদপূৰ্তিৰ পাছত তেওঁলোকে নিৰ্দিষ্ট সুদৰ সৈতে ধন উভতাই পায়৷ আপুনি পোষ্ট অফিচত ১ বছৰ, ২ বছৰ, ৩ বছৰ আৰু ৫ বছৰৰ বাবে টাইম ডিপোজিট একাউণ্ট খুলিব পাৰে৷
পোষ্ট অফিচ FDত বৰ্তমান সুদৰ হাৰ
বৰ্তমান পোষ্ট অফিচ এফ ডিত সুদৰ হাৰ এনেধৰণৰ-
১ বছৰৰ এফ ডিঃ ৬.৯ শতাংশ৷
২ বছৰৰ এফ ডিঃ ৭.০শতাংশ
৩বছৰৰ এফ ডিঃ ৭.১ শতাংশ
৫ বছৰৰ এফ ডিঃ ৭.৫শতাংশ
এই সমস্ত বিকল্পৰ মাজত ৫ বছৰৰ এফ ডিয়ে সৰ্বোচ্চ সুদৰ হাৰ প্ৰদান কৰে৷ সেই কাৰণেই দীৰ্ঘম্যাদী বিনিয়োগকাৰীয়ে এই স্কিম বেছিকৈ পছন্দ কৰে৷
কেনেকৈ আপুনি ২লাখ জমা কৰি ৯০,০০০ সুদ পাব?
যদি কোনো বিনিয়োগকাৰীয়ে ৫ বছৰৰ পোষ্ট অফিচ এফ ডিত ২০০,০০০ টকা জমা কৰে তেন্তে তেওঁলোকে বাৰ্ষিক ৭.৫শতাংশ সুদৰ হাৰ পাব৷ পাঁচ বছৰৰ পাছত এই বিনিয়োগৰ মুঠ মেচিউৰিটিৰ মূল্য আনুমানিক ২,৮৯,০০০ টকা হয়৷ ইয়াৰ অৰ্থ হৈছে বিনিয়োগকাৰীয়ে আনুমানিক ৮৯,০০০ টকাৰ পৰা ৯০০০০ টকা পৰ্যন্ত স্থিৰ আৰু নিশ্চিত মুনাফা পাব৷
পোষ্ট অফিচ এফ ডিত ৰিটাৰ্ণ সম্পূৰ্ণৰূপে স্থিৰ থাকে৷ বজাৰৰ অৱস্থা যিয়েই নহওক কিয় আপোনাৰ ৰিটাৰ্ণ প্ৰভাৱিত নহয়৷ সেই কাৰণেই ধন হেৰুৱাৰ ভয় নাৰাখি বিনিয়োগকাৰীয়ে ইয়াত বিনিয়োগ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















