বৃহস্পতিবাৰে সংসদত পেছ কৰা হৈছে অৰ্থনৈতিক সমীক্ষা ২০২৫-২০২৬৷ তাতেই কোৱা হৈছে ভাৰতত ডিজিটেল আসক্তি আৰু স্ক্ৰিণ সংক্ৰান্তিয় মানসিক স্বাস্থ্যৰ সমস্যাৰ দ্ৰুত বৃদ্ধিক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰা হৈছে৷ বিশেষকৈ শিশু আৰু কিশোৰসকলৰ মাজত এই প্ৰৱণতাক উদ্বেগজনক বুলিয়েই উল্লেখ কৰা হৈছে৷
সমীক্ষাত কোৱা হৈছে স্মাৰ্টফোন, ছচিয়েল মিডিয়া, অনলাইন গেমিং আৰু বিভিন্ন ডিজিটেল প্লেটফৰ্মত অতিৰিক্ত সময় কটোৱাৰ ফলত সুস্থতা, শিক্ষাৰ ফলাফল আৰু দীৰ্ঘম্যাদি অৰ্থনৈতিক উৎপাদনশীলতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে৷ ৰিপৰ্টত ডিজিটেল আসক্তিক এনে এক আচৰণগত প্ৰৱণতা হিচাপে সংজ্ঞায়িত কৰা হৈছে৷ য’ত ডিজিটেল ডিভাইছ আৰু অনলাইন কাৰ্যকলাপৰ প্ৰতি অতিৰিক্ত, স্থায়ী বা বাধ্যতামূলক নিৰ্ভৰতা মানসিক চাপ আৰু দৈনন্দিন কাৰ্যক্ষমতা বিঘ্নিত হয়৷
সমীক্ষা অনুসৰি এই ধৰণৰ আচৰণৰ ফলত মনোযোগৰ ঘাটি, টোপনিৰ অভাৱ, উদ্বেগ আৰু পঢ়াশুনা বা কৰ্মক্ষেত্ৰত কৰ্মদক্ষতাৰ অৱনতি দেখা গৈছে৷ দীৰ্ঘম্যাদি এই পৰিস্থিতিৰ কাৰণে বন্ধু আৰু সহপাঠীসকলৰ সৈতে সম্পৰ্ক ক্ষয় হয়, সামাজিক অংশগ্ৰহণ কমি যায় আৰু সামাজিক দক্ষতা কমিব পাৰে৷
ব্যক্তিগত আৰু সামাজিক প্ৰভাৱত ওপৰিও ৰিপৰ্টত ডিজিটেল আসক্তিৰ বিস্তৃত অৰ্থনৈতিক ক্ষতিৰ কথাও তুলি ধৰা হৈছে৷ ইয়াৰ মাজত আছে হঠাৎ অনলাইন খৰচ, গেমিং আৰু ছাইবাৰ জালিয়াতিৰ কাৰণে আৰ্থিক ক্ষতি, ইয়াৰোপৰি কৰ্মসংস্থানৰ যোগ্যতা হ্ৰাস উৎপাদনশীলতা কমি যোৱা আৰু আজীৱন আয়ৰ সম্ভাৱনা কমি যোৱাৰ দৰে পৰোক্ষ ক্ষতি৷
সমীক্ষাত লগতে কোৱা হৈছে বাধ্যতামূলক ডিজিটেল ব্যৱহাৰৰ সৈতে উদ্বেগ, মানসিক চাপ, বিষন্নতা আৰু টোপনিৰ সমস্যাৰ ঘনিষ্ঠ সম্পৰ্ক আছে৷ বিশেষখৈ পঢ়াশুনাৰ চাপৰ মাজত থকা শিক্ষাৰ্থী আৰু ছাইবাৰ বুলিং আৰু উত্তেজক ডিজিটেল কনটেণ্ট ব্যৱহাৰ কৰাৰ সমস্যা তৰুণসকলৰ মাজত বেছিকৈ দেখা গৈছে৷
সমীক্ষাত ছচিয়েল মিডিয়া আসক্তিক লৈ বিশেষ উদ্বেগ প্ৰকাশ কৰা হৈছে৷ ইয়াত কোৱা হৈছে ছচিয়েল মিডিয়াত অতিৰিক্ত আসক্তিৰ সৈতে উদ্বেগ, বিষন্নতা, আত্মসন্মানবোধৰ অভাৱ, ছাইবাৰ বুলিঙজনিত চাপ আৰু আত্মহত্যাৰ ঘনিষ্ট সম্পৰ্ক আছে৷ ভাৰত আৰু বিশ্বৰ বিভিন্ন গৱেষণাৰ উল্লেখ কৰি ৰিপৰ্টত কোৱা হৈছে যে ১৫ৰ পৰা ২৪ বছৰ বয়সীয়া তৰুণৰ মাজত এই সমস্যাসমূহৰ প্ৰাদুৰ্ভাৱ অত্যন্ত বেছি৷
ডিজিটেল ব্যৱহাৰৰ মাত্ৰা ক্ৰমে বাঢ়িছে৷ ২০২৪ চনত ভাৰতৰ প্ৰায় অৰ্ধেক ইণ্টাৰনেট ব্যৱহাৰকাৰী অনলাইন ভিডিঅ’ চাইছে৷ ৪৩ শতাংশ ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিছে, ৪০শতাংশ ইমেইল ব্যৱহাৰ বা মিউজিক ষ্ট্ৰিম কৰিছে আৰু ২৬ শতাংশ ডিজিটেল পেমেণ্ট কৰিছে৷ সংখ্যাৰ হিচাপত প্ৰায় ৪০ কোটি মানুহে অটিটি ভিডিঅ’ আৰু ফুড ডেলিভাৰি প্লেটফৰ্ম ব্যৱহাৰ কৰিছে আৰু প্ৰায় ৩৫ কোটি মানুহে ছচিয়েল মিডিয়াতো সক্ৰিয়৷
ইয়াৰ ফলত সমীক্ষাৰ মতে, ভাৰতৰ তৰুণ প্ৰজন্মৰ মাজত এক অত্যন্ত ডিজিটেল পৰিবেশ বাঢ়িছে৷ যদিও ডিজিটেল প্ৰযুক্তিৰ প্ৰসাৰ, শিক্ষালাভ, কৰ্মসংস্থান আৰু নাগৰিক অংশগ্ৰহণৰ নতুন সুযোগ সৃষ্টি কৰিছে৷ কিন্তু সমীক্ষাই কৈছে- ১৫ৰ পৰা ২৯ বছৰ বয়সীয়াসকলৰ ক্ষেত্ৰত আৰু এক ডিজিটেল এক্সেছ ডাঙৰ সমস্যা নহয়, কাৰণ এই গোষ্ঠীৰ মাজত মোবাইল আৰু ইণ্টাৰনেট ব্যৱহাৰ প্ৰায় সাৰ্বজনীন৷
এই চেলেঞ্জ মোকাবিলাত সমীক্ষাৰ একাধিক কাঠামোগত কথাও আহিছে৷ ইয়াৰ মাজত আছে ছাইবাৰ সুৰক্ষা শিক্ষা, পিয়েৰ মেণ্টৰ কৰ্মসূচী, স্কুলত বাধ্যতামূলক শাৰীৰিক শিক্ষা, স্ক্ৰিণ টাইম নিয়ন্ত্ৰণত অভিভাৱকসকলৰ প্ৰশিক্ষণ, বয়স অনুসৰি ডিজিটেল এক্সেছ নীতি আৰু ক্ষতিকৰ কনটেণ্ট হোষ্ট কৰা অনলাইন প্লেটফৰ্মসমূহ জবাবদিহি বঢ়োৱা৷
সমীক্ষাত আন্তৰ্জাতিক অভিজ্ঞতাৰ কথাও উল্লেখ কৰা হৈছে৷ অষ্ট্ৰেলিয়াত শিশুসকলৰ ডিজিটেল আসক্তিৰোধত বিশ্বৰ অন্যতম কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ যাৰ মাজত নিৰ্দিষ্ট বয়সৰ তলৰ শিশুসকলৰ বাবে ছচিয়েল মিডিয়া একাউণ্ট নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















