চৰকাৰী চাকৰিয়ালৰ বাবে সুখবৰ৷ খোলা হ’ল অষ্টম বেতন কমিছনৰ পোৰ্টেল৷ ইয়াৰফলত কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি সংগঠনসমূহেও মেমোৰাণ্ডাম জমা কৰাৰ সুযোগ পাব৷ নিজৰ ভৱিষ্যৎ দৰমহা কাঠামো আৰু সুযোগ সুবিধাৰ বিষয়ে এইবাৰ পোনপটীয়াকৈ মতামত জনাব পাৰিব চাকৰিয়ালে৷ নিৰ্দিষ্ট সংগঠনসমূহেও এই ধৰণৰ সুযোগ লাভ কৰিব৷
মেমোৰেণ্ডাম প্ৰক্ৰিয়া প্ৰকৃততে কি?
প্ৰকৃততে অষ্টম দৰমহা কমিছনৰ আওঁতাত কৰ্মচাৰী, সংগঠনৰ পৰা পৰামৰ্শ বিচৰা হৈছে৷ মেমোৰেণ্ডামৰ মাধ্যমেৰে ডিজিটেল প্ৰক্ৰিয়াৰে নিজৰ মত প্ৰকাশ কৰিব পাৰে কোনো চৰকাৰী চাকৰিয়ালে৷ কমিছনে জনাইছে এই পৰামৰ্শসমূহে কৰ্মীসকলৰ সমস্যা আৰু প্ৰত্যাশা বুজাত সহায় কৰিব আৰু প্ৰত্যেকটো বিষয় ভালধৰণে প্ৰণয়ন কৰিবলৈ সক্ষম হ’ব৷
অনলাইন মেমোৰেণ্ডাম জমা কৰাৰ প্ৰক্ৰিয়া আছে
নিজৰ মতামত বা পৰামৰ্শ অনলাইনত জমা দিবলৈ হ’লে 8cpc.gov.in অথৱা innovateindia.mygov.inৰ ৱেবচাইটলৈ যাব লাগিব৷ ইয়াৰপাছতেই ইমেইল ঠিকনা বা মোবাইল নম্বৰৰ পৰা এটা OTP বিচাৰে৷ এই OTP ব্যৱহাৰ কৰি নিজৰ MyGov একাউণ্ট লগ ইন কৰিব লাগিব৷
বিশেষজ্ঞই জনাইছে যে ইয়াৰ ফলত পোনপটীয়াকৈ ৪৮ লাখ কৰ্মচাৰী আৰু ৬৭ লাখ পেঞ্চনভোগী উপকৃত হ’ব৷ কমিছনৰ তৰফৰ পৰা জনোৱা হৈছে ৩০ এপ্ৰিল ২০২৬ পৰ্যন্ত মতামত আৰু পৰামৰ্শ দিয়াৰ সুযোগ আছে৷ অৱশ্যে এয়া কৰিব লাগিব ৱেবচাইটৰ মাধ্যমেৰেহে৷ কোনো ব্যক্তিগত মেইল বা অন্য কোনো পদ্ধতিৰে এই কাম কৰিব নোৱাৰিব৷
কোনে কোনে পৰ্টেলেৰে নিজৰ মতামত জমা কৰিব পাৰিব?
বৰ্তমানে কৰ্মৰত যিকোনো কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীয়ে ব্যক্তিগতভাৱে নিজৰ মতামত জমা কৰিব পাৰিব৷
যিসকলে ইতিমধ্যেই অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকেও পৰামৰ্শ দিব পাৰে৷
কৰ্মচাৰীসকলৰ স্বাৰ্থত কাম কৰা বিভিন্ন অনুমোদিত ইউনিয়ন বা এছোচিয়েচনসমূহ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















