বৈদিক জ্যোতিষ অনুসৰি কোনো গ্ৰহ অস্ত যোৱাৰ অৰ্থ সেই গ্ৰহৰ শক্তি কিছুপৰিমানে হ্ৰাস পোৱা৷ কোনো গ্ৰহই সূৰ্যৰ সৈতে একে ঘৰলৈ আহিলে সূৰ্যৰ প্ৰভাৱত তাৰ ক্ষমতা কমে৷ সেই কাৰণেই যেতিয়াই যি গ্ৰহ সূৰ্যৰ কাষলৈ আহে তেতিয়াই সেই গ্ৰহ অস্ত যায়৷ আৰু সূৰ্যৰ সৈতে দূৰত্ব বাঢ়িলে সেই গ্ৰহ উদয় হয়৷ ১৩ মাৰ্চ অৰ্থাৎ কাইলৈ এক বিৰল মহাজাগতিক ঘটনা ঘটিব৷ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতেই এটা এটাকৈ ৩টা গ্ৰহ অস্ত যাব৷ একেলগে তিনি গ্ৰহৰ ক্ষমতা কমাৰ ফলত তাৰ প্ৰভাৱত পৰিব তিনি ৰাশিৰ জাতকৰ ওপৰত৷
৩গ্ৰহৰ অস্তৰ প্ৰভাৱ
পঞ্জিকা অনুসৰি ২০২৫ৰ ১ নৱেম্বৰত অস্ত গৈছিল মঙ্গল৷ ২ মে ২০২৬ পৰ্যন্ত মঙ্গল অস্ত দশাতেই থাকিব৷ ১ মাৰ্চ ২০২৬ত অস্ত গৈছে বুধ৷ বুধৰ অস্তদশা বৰ্তি থাকিব ১৮ মাৰ্চ পৰ্যন্ত৷ কৰ্মফলৰ দেৱতা শনি অস্ত যাব ১৩ মাৰ্চত৷ অৰ্থাৎ আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অস্ত যাব তিনি গ্ৰহ৷ জানি থওক তিনি গ্ৰহ অস্ত যোৱাৰ ফলত তাৰ সুপ্ৰভাৱ পৰিব কোন কোন ৰাশিৰ জাতকৰ ওপৰত?
সিংহ ৰাশি
তিনি গ্ৰহৰ অস্ত লাভজনক হ’ব সিংহ ৰাশিৰ জাতকৰ বাবে৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে এই সময়ত তেওঁলোকৰ চাকৰি সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ নতুন কোনো স্থানত বিনিয়োগ লাভজনক হ’ব৷ স্বাস্থ্য বৰ এটা ভালে নাথাকিব পাৰে৷ সতৰ্ক থকাটো খুবেই জৰুৰী৷
ধনু ৰাশি
একেলগে শনি, বুধ আৰু মঙ্গল অস্ত যোৱাৰ ফলত ধনু ৰাশিৰ জাতকৰ ভাগ্যৰ দুৱাৰ খুলি যাব৷ কেৰিয়াৰত উন্নতি হ’ব পাৰে৷ কাৰ্যালয়ত আপুনি প্ৰশংসা লাভ কৰিব আৰু প্ৰমোছনৰ সম্ভাৱনাও আছে৷ উপাৰ্জন বাঢ়িব৷ আয়ৰ নতুন পথ খুলিব আপোনাৰ সন্মুখত৷
কুম্ভ ৰাশি
শনিৰ চাৰে সাতি দশাৰ তৃতীয় আৰু চূড়ান্ত পৰ্যায়ৰ মাজতে আছে কুম্ভ ৰাশি৷ শনিসহ তিনি গ্ৰহৰ অস্ত দশাই ভাল সময় কঢ়িয়াই আনিছে কুম্ভ ৰাশিৰ বাবে৷ এই সময়ত উন্নতি কৰাৰ একাধিক সুযোগ পাব৷ ব্যৱসায়ত উন্নতি হব আৰু আৰ্থিক পৰিস্থিতিৰো উন্নতি হব৷ এই সময়ত আপোনাৰ খৰচ বাঢ়িব সেয়ে বাজেট মানি ব্যয় কৰা জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















