ঋতুকালীন চক্ৰ চলি থকাৰ সময়ত মহিলা কৰ্মচাৰী আৰু ছাত্ৰীসকলৰ ছুটি মঞ্জুৰ কৰাক লৈ জনস্বাৰ্থ গোচৰ খাৰিজ কৰিলে ছুপ্ৰিম কৰ্টে৷ এই গোচৰৰ শুনানিত মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বেঞ্চ স্পষ্টকৈ জনাইছে যে বিষয়টোক আইনি বাধ্যতামূলক ৰূপ দিলে তাৰ অপব্যৱহাৰ হ’ব পাৰে৷ কামত ঋতুকালীন ছুটি মঞ্জুৰক লৈ অভিন্ন আইন অনা সম্ভৱ নহয়৷
ঋতুকালীন চক্ৰৰ কাৰণে মাহৰ কেইবাটাও দিন খুবেই অস্বস্তিত পৰে মহিলাসকল৷ সেই সময়ত কৰ্মৰত মহিলাসকলক সবেতনে ছুটি দিব পাৰি নে নোৱাৰি সেই প্ৰশ্ন উঠিছিল লোকসভাত৷ পৰবৰ্তীকালত কৰ্নাটক, কেৰালা, পঞ্জাৱৰ দৰে কিছু ৰাজ্যৰ কেইবাটাও সংস্থাই ঋতুকালীন ছুটি মঞ্জুৰ কৰে কিন্তু সেয়া চৰ্তসাপেক্ষে৷ সমগ্ৰ দেশত এই বিষয়টো লাঘু কৰাৰ বাবে কোনো সুনিৰ্দিষ্ট নিয়ম এতিয়াও অনা হোৱা নাই৷
সম্প্ৰতি শৈলেন্দ্ৰ মণি ত্ৰিপাঠী নামৰ এজন ব্যক্তিয়ে ছুপ্ৰিম কৰ্টত এখন পিটিছন দাখিল কৰিছিল৷ তাতেই আবেদন কৰিছিল, ছাত্ৰী আৰু কৰ্মৰত মহিলাসকলক ঋতুস্ৰাৱকালীন ছুটিৰ বাবে দেশব্যাপী সুনিৰ্দিষ্ট নিয়ম জাৰি তওক৷ আদালতে এই দাবী মানিবলৈ নাৰাজ হয়৷ কি কাৰণে এই দাবীক মান্যতা দিয়া যাব নে নাযায় সেই সম্পৰ্কে যুক্তিও দিছে প্ৰধান ন্যায়াধীশৰ ডিভিছন বেঞ্চে৷
স্পেইন, জাপান, দক্ষিণ কোৰিয়া, ইণ্ডোনেছিয়াসহ বিশ্বৰ আৰু বহু দেশৰ মহিলাই ঋতুকালীন ছুটিৰ সুবিধা পায়৷ কিন্তু আমাৰ দেশত এই নীতি জাৰি হ’লে সি বহু অসুবিধা তৈয়াৰ কৰিব বুলি ধাৰণা কৰিছে শীৰ্ষ আদালতে৷ ইয়াৰ সপক্ষে যুক্তি, বিষয়টোক লৈ আইন তৈয়াৰ হ’লে কেৱল নীতিগত সিদ্ধান্তৰ ক্ষেত্ৰতেই নহয়, বিভিন্ন সংস্থাত মহিলাক কৰ্মসংস্থাপন দিয়াক লৈয়ো সমস্যা আহিব৷ ঋতুস্ৰাৱকালীন ছুটি বাধ্যতামূলক কৰা হ’লে বহু সংস্থাত মহিলাৰ নিয়োগক লৈ আপত্তি আহিব৷ ইয়াৰ ফলত পেছাগত ক্ষেত্ৰত সমস্যাত পৰিব বহু মহিলা৷ প্ৰশ্ন উঠিব পাৰে তেওঁলোকৰ নিৰ্ভৰযোগ্যতাক লৈয়ো৷ পৰবৰ্তী সময়ত যিয়ে কৰ্মক্ষেত্ৰত মহিলাৰ পদোন্নতিত বাধাৰ সৃষ্টি কৰিব পাৰে৷
কেৱল সেয়াই নহয়, লিংগবৈষম্যৰ বিষয়টোও ইয়াত বিচাৰ্য৷ ন্যায়াধীশৰ মত, এই ধৰণৰ পিটিছনে বহু মহিলাকেই অক্ষম হিচাপে তুলি ধৰিব পাৰে৷ চিৰচৰিত লিংগবৈষ্যমৰ বিতৰ্ককেই উচটাই দিয়া হ’ব পাৰে৷ আবেদনকাৰীৰ তৰফৰ পৰা আইনজীৱী এম আৰ ছামছাদে এই প্ৰসঙ্গত কেৰালাৰ কিছু স্কুল আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ উদাহৰণ দিলেও মুখ্য ন্যায়াধীশে জনাই যে স্বেচ্ছায় সুবিধা দিয়াটো একধৰণৰ বিষয় আৰু আইন আনি নিয়ম বান্ধি দিয়াটো অন্য বিষয়৷ কেৰালাৰ কিছু প্ৰতিষ্ঠানে লোৱা সিদ্ধান্ত তেওঁলোকৰ নিজস্ব৷ সমগ্ৰ দেশত এই বিষয়ক লৈ নীতি তৈয়াৰ হ’লে মহিলাসকলৰ পেছাদাৰিত্বক লৈ প্ৰশ্ন উঠিব৷
আদালতৰ পৰ্যবেক্ষণ, কোনো প্ৰতিষ্ঠানে যদি স্বেচ্ছায় এই সুবিধা দিয়ে তেন্তে সেয়া প্ৰশংসনীয়৷ কিন্তু বিচাৰ বিভাগৰ এতিয়াই নীতি তৈয়াৰ কৰা সম্ভৱ নহয়৷ আদালতে এই গোচৰটোৰ নিষ্পতি কৰি জনাইছে যে ই মূলত নীতি নিৰ্ধাৰণৰ বিষয়৷ এতিয়া কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰেই সিদ্ধান্ত ল’ব লাগিব, তেওঁলোকে কেনেকৈ মহিলাৰ স্বাস্থ্যৰ অধিকাৰ আৰু কৰ্মসংস্থানৰ সুৰক্ষাৰ মাজত ভাৰসাম্য বজায় ৰাখিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















