• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

8 months ago
নতুন সপ্তাহটোত কৰ্কট ৰাশিকে ধৰি এই ৪ ৰাশিৰ বাবে অতি উত্তম, ভাগ্য হ’ব সলনি!

নতুন সপ্তাহটোত কৰ্কট ৰাশিকে ধৰি এই ৪ ৰাশিৰ বাবে অতি উত্তম, ভাগ্য হ’ব সলনি!

28 minutes ago
ৰে’লৱে NTPC নিযুক্তিৰ আবেদনৰ সময়সীমা বৃদ্ধি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

ৰে’লৱে NTPC নিযুক্তিৰ আবেদনৰ সময়সীমা বৃদ্ধি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

2 hours ago
গুৱাহাটীত প্ৰথমবাৰৰ বাবে Guns N’ Roses! ৰক সংগীতেৰে কঁপিব খানাপাৰা

গুৱাহাটীত প্ৰথমবাৰৰ বাবে Guns N’ Roses! ৰক সংগীতেৰে কঁপিব খানাপাৰা

3 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: নিয়ম কাৰ্যকৰী হোৱাৰ পূৰ্বে অৱসৰ, তেন্তে কেনেকৈ পাব পুৰণি দৰমহাৰ বাকী থকা ধন?

4 hours ago
আপোনাৰ ব্যক্তিগত তথ্য কোনোপধ্যে নহয় লিক, চৰকাৰে আৰম্ভ কৰিছে নতুন চিষ্টেম!

আপোনাৰ ব্যক্তিগত তথ্য কোনোপধ্যে নহয় লিক, চৰকাৰে আৰম্ভ কৰিছে নতুন চিষ্টেম!

5 hours ago
কংগ্ৰেছ MLA ৰ খং! মঞ্চতে দলিয়ালে মাইক, ক’লে- মোৰ মাইক্ৰ’ফোন বন্ধ কিয়?

কংগ্ৰেছ MLA ৰ খং! মঞ্চতে দলিয়ালে মাইক, ক’লে- মোৰ মাইক্ৰ’ফোন বন্ধ কিয়?

6 hours ago
দুৰ্গন্ধ সহ্য কৰিব পৰা নাই জুহি চাওলাই! কিহত অশান্তি পালে নায়িকাগৰাকীয়ে?

দুৰ্গন্ধ সহ্য কৰিব পৰা নাই জুহি চাওলাই! কিহত অশান্তি পালে নায়িকাগৰাকীয়ে?

20 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যৰ ভৱিষ্যদ্বাণী, এসপ্তাহত ৫১০০ টকা সস্তা হৈছে সোণ! দাম আৰু কমিব নেকি?

20 hours ago
সেন্দূৰে বৃদ্ধি কৰে নেকি স্বামীৰ আয়ুস? বিহাৰী মহিলাসকলে ষট পূজাত নাকলৈ সেন্দূৰ লগোৱাৰ পৰম্পৰাৰ বিষয়ে জানক

সেন্দূৰে বৃদ্ধি কৰে নেকি স্বামীৰ আয়ুস? বিহাৰী মহিলাসকলে ষট পূজাত নাকলৈ সেন্দূৰ লগোৱাৰ পৰম্পৰাৰ বিষয়ে জানক

21 hours ago
আলমাৰী খুলিলে দুৰ্গন্ধ? এই সহজ টিপছে দূৰ কৰিব সমস্যা

আলমাৰী খুলিলে দুৰ্গন্ধ? এই সহজ টিপছে দূৰ কৰিব সমস্যা

21 hours ago
মাত্ৰ ২১০ টকা সঞ্চয় কৰি পাব ৫০০০ টকাৰ মাহিলী পেঞ্চন! এই চৰকাৰী আঁচনিৰ বিষয়ে জানেনে?

মাত্ৰ ২১০ টকা সঞ্চয় কৰি পাব ৫০০০ টকাৰ মাহিলী পেঞ্চন! এই চৰকাৰী আঁচনিৰ বিষয়ে জানেনে?

21 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

দেওবাৰে কোন কোন ৰাশিৰ ভাগ্য উজ্বল হ’ব? জানক ১২টা ৰাশিৰ দৈনিক ভৱিষ্যতবাণী

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ...ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

editor by editor
March 13, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
0
SHARES
656
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঋতুকালীন চক্ৰ চলি থকাৰ সময়ত মহিলা কৰ্মচাৰী আৰু ছাত্ৰীসকলৰ ছুটি মঞ্জুৰ কৰাক লৈ জনস্বাৰ্থ গোচৰ খাৰিজ কৰিলে ছুপ্ৰিম কৰ্টে৷ এই গোচৰৰ শুনানিত মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বেঞ্চ স্পষ্টকৈ জনাইছে যে বিষয়টোক আইনি বাধ্যতামূলক ৰূপ দিলে তাৰ অপব্যৱহাৰ হ’ব পাৰে৷ কামত ঋতুকালীন ছুটি মঞ্জুৰক লৈ অভিন্ন আইন অনা সম্ভৱ নহয়৷

ঋতুকালীন চক্ৰৰ কাৰণে মাহৰ কেইবাটাও দিন খুবেই অস্বস্তিত পৰে মহিলাসকল৷ সেই সময়ত কৰ্মৰত মহিলাসকলক সবেতনে ছুটি দিব পাৰি নে নোৱাৰি সেই প্ৰশ্ন উঠিছিল লোকসভাত৷ পৰবৰ্তীকালত কৰ্নাটক, কেৰালা, পঞ্জাৱৰ দৰে কিছু ৰাজ্যৰ কেইবাটাও সংস্থাই ঋতুকালীন ছুটি মঞ্জুৰ কৰে কিন্তু সেয়া চৰ্তসাপেক্ষে৷ সমগ্ৰ দেশত এই বিষয়টো লাঘু কৰাৰ বাবে কোনো সুনিৰ্দিষ্ট নিয়ম এতিয়াও অনা হোৱা নাই৷

সম্প্ৰতি শৈলেন্দ্ৰ মণি ত্ৰিপাঠী নামৰ এজন ব্যক্তিয়ে ছুপ্ৰিম কৰ্টত এখন পিটিছন দাখিল কৰিছিল৷ তাতেই আবেদন কৰিছিল, ছাত্ৰী আৰু কৰ্মৰত মহিলাসকলক ঋতুস্ৰাৱকালীন ছুটিৰ বাবে দেশব্যাপী সুনিৰ্দিষ্ট নিয়ম জাৰি তওক৷ আদালতে এই দাবী মানিবলৈ নাৰাজ হয়৷ কি কাৰণে এই দাবীক মান্যতা দিয়া যাব নে নাযায় সেই সম্পৰ্কে যুক্তিও দিছে প্ৰধান ন্যায়াধীশৰ ডিভিছন বেঞ্চে৷

স্পেইন, জাপান, দক্ষিণ কোৰিয়া, ইণ্ডোনেছিয়াসহ বিশ্বৰ আৰু বহু দেশৰ মহিলাই ঋতুকালীন ছুটিৰ সুবিধা পায়৷ কিন্তু আমাৰ দেশত এই নীতি জাৰি হ’লে সি বহু অসুবিধা তৈয়াৰ কৰিব বুলি ধাৰণা কৰিছে শীৰ্ষ আদালতে৷ ইয়াৰ সপক্ষে যুক্তি, বিষয়টোক লৈ আইন তৈয়াৰ হ’লে কেৱল নীতিগত সিদ্ধান্তৰ ক্ষেত্ৰতেই নহয়, বিভিন্ন সংস্থাত মহিলাক কৰ্মসংস্থাপন দিয়াক লৈয়ো সমস্যা আহিব৷ ঋতুস্ৰাৱকালীন ছুটি বাধ্যতামূলক কৰা হ’লে বহু সংস্থাত মহিলাৰ নিয়োগক লৈ আপত্তি আহিব৷ ইয়াৰ ফলত পেছাগত ক্ষেত্ৰত সমস্যাত পৰিব বহু মহিলা৷ প্ৰশ্ন উঠিব পাৰে তেওঁলোকৰ নিৰ্ভৰযোগ্যতাক লৈয়ো৷ পৰবৰ্তী সময়ত যিয়ে কৰ্মক্ষেত্ৰত মহিলাৰ পদোন্নতিত বাধাৰ সৃষ্টি কৰিব পাৰে৷

কেৱল সেয়াই নহয়, লিংগবৈষম্যৰ বিষয়টোও ইয়াত বিচাৰ্য৷ ন্যায়াধীশৰ মত, এই ধৰণৰ পিটিছনে বহু মহিলাকেই অক্ষম হিচাপে তুলি ধৰিব পাৰে৷ চিৰচৰিত লিংগবৈষ্যমৰ বিতৰ্ককেই উচটাই দিয়া হ’ব পাৰে৷ আবেদনকাৰীৰ তৰফৰ পৰা আইনজীৱী এম আৰ ছামছাদে এই প্ৰসঙ্গত কেৰালাৰ কিছু স্কুল আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ উদাহৰণ দিলেও মুখ্য ন্যায়াধীশে জনাই যে স্বেচ্ছায় সুবিধা দিয়াটো একধৰণৰ বিষয় আৰু আইন আনি নিয়ম বান্ধি দিয়াটো অন্য বিষয়৷ কেৰালাৰ কিছু প্ৰতিষ্ঠানে লোৱা সিদ্ধান্ত তেওঁলোকৰ নিজস্ব৷ সমগ্ৰ দেশত এই বিষয়ক লৈ নীতি তৈয়াৰ হ’লে মহিলাসকলৰ পেছাদাৰিত্বক লৈ প্ৰশ্ন উঠিব৷

আদালতৰ পৰ্যবেক্ষণ, কোনো প্ৰতিষ্ঠানে যদি স্বেচ্ছায় এই সুবিধা দিয়ে তেন্তে সেয়া প্ৰশংসনীয়৷ কিন্তু বিচাৰ বিভাগৰ এতিয়াই নীতি তৈয়াৰ কৰা সম্ভৱ নহয়৷ আদালতে এই গোচৰটোৰ নিষ্পতি কৰি জনাইছে যে ই মূলত নীতি নিৰ্ধাৰণৰ বিষয়৷ এতিয়া কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰেই সিদ্ধান্ত ল’ব লাগিব, তেওঁলোকে কেনেকৈ মহিলাৰ স্বাস্থ্যৰ অধিকাৰ আৰু কৰ্মসংস্থানৰ সুৰক্ষাৰ মাজত ভাৰসাম্য বজায় ৰাখিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন সপ্তাহটোত কৰ্কট ৰাশিকে ধৰি এই ৪ ৰাশিৰ বাবে অতি উত্তম, ভাগ্য হ’ব সলনি!
জীৱনশৈলী

নতুন সপ্তাহটোত কৰ্কট ৰাশিকে ধৰি এই ৪ ৰাশিৰ বাবে অতি উত্তম, ভাগ্য হ’ব সলনি!

November 15, 2026
ৰে’লৱে NTPC নিযুক্তিৰ আবেদনৰ সময়সীমা বৃদ্ধি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

ৰে’লৱে NTPC নিযুক্তিৰ আবেদনৰ সময়সীমা বৃদ্ধি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

November 15, 2026
গুৱাহাটীত প্ৰথমবাৰৰ বাবে Guns N’ Roses! ৰক সংগীতেৰে কঁপিব খানাপাৰা
বিনোদন

গুৱাহাটীত প্ৰথমবাৰৰ বাবে Guns N’ Roses! ৰক সংগীতেৰে কঁপিব খানাপাৰা

November 15, 2026
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
জীৱনশৈলী

8th Pay Commission: নিয়ম কাৰ্যকৰী হোৱাৰ পূৰ্বে অৱসৰ, তেন্তে কেনেকৈ পাব পুৰণি দৰমহাৰ বাকী থকা ধন?

November 15, 2026
Next Post
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.