ইৰাণ-ইজৰাইল-আমেৰিকা যুদ্ধই সমগ্ৰ বিশ্বক বিধ্বস্ত কৰি তুলিছে। ইয়াৰ ফলত সাধাৰণ ৰাইজেও যথেষ্ঠ অশান্তি পাইছে। সংঘাতৰ মাজতে পাকিস্তান আৰু আফগানিস্তানৰ পৰিস্থিতি ক্ৰমাৎ উত্তেজিত হৈ পৰিছে। বিগত কেইবাদিনো দুয়োখন দেশে নিৰন্তৰ আক্ৰমণ চলাই আহিছে। ইয়াৰ মাজতে আফগানিস্তানে অভিযোগ উত্থাপন কৰে যে, সোমবাৰে মাজনিশা পাকিস্তানে এখন চিকিৎসালয়ত বিমান আক্ৰমণ চলায়। তালিবানে দাবী কৰে এই আক্ৰমণত ৪০০ জন লোক নিহত হৈছে।
ইছলামিক আমিৰাত অফ আফগানিস্তানৰ উপ-মুখপাত্ৰ হামদুল্লা ফিট্ৰাটে জনোৱা মতে, যোৱা নিশা কাবুলৰ এটা নিচা মুক্তি কেন্দ্ৰত পাকিস্তানী সেনাই আক্ৰমণ কৰে। এই আক্ৰমণত এতিয়ালৈকে ৪০০ লোকৰ মৃত্যু হোৱা বুলি দাবী কৰাৰ বিপৰীতে আহতসকলৰ সংখ্যা ২৫০ জন হৈছে।
আফগানিস্তানৰ উপ-চৰকাৰী প্ৰবক্তা হামদুল্লাহ ফিট্ৰাটে কয় যে, সোমবাৰে নিশা সংঘটিত হোৱা এই আক্ৰমণত চিকিৎসালয়খনৰ এক বৃহৎ অংশ ধ্বংস হৈছে। ফিট্ৰাটে লগতে কয়, উদ্ধাৰকাৰী দলে অট্টালিকাটোত থকা জুই নিয়ন্ত্ৰণ কৰি নিহতসকলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ চেষ্টা চলোৱা বুলি।
এই অভিযোগ নাকচ কৰিলে পাকিস্তানে
আফগানিস্তানৰ এই আক্ৰমণত শ শ লোকে প্ৰাণ হেৰুৱাইছে। তালিবানে এই আক্ৰমণসমূহ পাকিস্তানে সংঘটিত কৰা বুলি দাবী কৰি এনে আক্ৰমণ মানৱতাৰ বিৰুদ্ধে বুলি উল্লেখ কৰে।
অৱশ্যে পাকিস্তানে এই তালিবানৰ দাবী সম্পূৰ্ণৰূপে নাকচ কৰিছে। পাকিস্তানৰ বিষয়া-নেতাসকলে কোনো চিকিৎসালয়ক লক্ষ্য কৰি লোৱা নাছিল বুলি উল্লেখ কৰিছে৷ পাকিস্তানে কয়, সোমবাৰে কাবুল আৰু পূব আফগানিস্তানৰ অন্যান্য অঞ্চলত কৰা আক্ৰমণৰ ফলত অসামৰিক স্থানৰ কোনো ক্ষতি হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















