আজিকালি সৰু সৰু ছোৱালীৰ মাজত ঋতুস্ৰাৱৰ সমস্যা বাঢ়িছে। আগতে ছোৱালীবিলাকৰ ১২-১৪ বছৰ বয়সত মাহেকীয়া হৈছিল যদিও, এতিয়া ৯-১০ বছৰ বয়সত মাহেকীয়া হ’বলৈ আৰম্ভ কৰিছে। এনে ক্ষেত্ৰত মাক-দেউতাকৰ মনতো চিন্তাৰ সৃষ্টি হৈছে যে, এয়া বেমাৰ নেকি?
প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰ মতে, আজিকালি সকলোৱে ঘৰতে ৰন্ধা খাদ্যৰ পৰিৱৰ্তে বাহিৰৰ খাদ্য খোৱাটো বেছি পছন্দ কৰে। এইবোৰত ৰাসায়নিক পদাৰ্থ থাকে যিয়ে শৰীৰৰ হৰম’নবোৰক প্ৰভাৱিত কৰিব পাৰে, যাৰ ফলত মাহেকীয়া সোনকালে হ’ব পাৰে। মেদবহুলতাও এটা ডাঙৰ সমস্যা হৈ পৰিছে। আজিকালি মেদবহুলতাৰ বাবে বহুতো ৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে। অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবে কম বয়সতে বিভিন্ন ৰোগৰ সন্মুখীন হৈছে।
এইটো ৰোগ নেকি?
কম বয়সতে মাহেকীয়া হোৱাটো কোনো ৰোগ নহয়, কিন্তু যদি ৭-৮ বছৰ বয়সত হয় তেন্তে ই Precocious Puberty নামৰ চিকিৎসাজনিত কাৰণ হ’ব পাৰে। ইয়াত শিশুটিক সোনকালে ডাঙৰ হোৱা যেন দেখাবলৈ আৰম্ভ কৰে, যাৰ ফলত ভৱিষ্যতে হাড় আৰু শৰীৰৰ বিকাশত প্ৰভাৱ পৰিব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।
কেনেকৈ হাত সাৰিব
এই সমস্যাৰ পৰা হাত সাৰিবলৈ উপযুক্ত খাদ্যাভ্যাস আৰু ভাল জীৱনশৈলী গ্ৰহণ কৰিব লাগিব। শিশুৰ উপযুক্ত খাদ্যাভ্যাস বজাই ৰখাটো প্ৰয়োজনীয়। পিতৃ-মাতৃয়ে সন্তানক ঘৰতে বনোৱা পুষ্টিকৰ খাদ্য খুৱাব লাগে, য’ত সেউজীয়া শাক-পাচলি, দাইল, ফলমূল আদিক অন্তৰ্ভুক্ত কৰিব লাগে। একে সময়তে জাংক ফুড, বাহিৰৰ ভজা খাদ্য আৰু প্লাষ্টিক পেকেটত থকা খাদ্য পৰিহাৰ কৰিব লাগে। ইয়াৰ বাহিৰেও মানসিক চাপ লোৱাৰ প্ৰয়োজন নাই। পঢ়া-শুনা বা আন কোনো কথাৰ সন্দৰ্ভত শিশুৰ ওপৰত বেছি হেঁচা নিদিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















