ঈদ-উল-ফিটৰ মুছলমানসকলৰ এক পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ উৎসৱ। পবিত্ৰ ৰমজান মাহৰ অন্তিম দিনটোত চন্দ্ৰ দৰ্শনৰ পিছত ইয়াক পালন কৰা হয়। এই দিনটোত ৰাতিপুৱা আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি বিশেষ নামাজ পঢ়া হয়। মুছলমান লোকসকলে নতুন কাপোৰ পিন্ধে, ইজনে সিজনক সাৱটি ধৰে আৰু ঈদৰ শুভেচ্ছা দিয়ে। শান্তি-সম্প্ৰীতি, একতাৰ বাণীৰে ইছলাম ধৰ্মৰ লোকসকলে পালন কৰে এই পবিত্ৰ উৎসৱ।
চন্দ্ৰ পঞ্জিকাৰ ওপৰত ভিত্তি কৰি ঈদৰ দিন ধাৰ্য কৰা হয়। এটা শুক্ল প্ৰতিপদৰ পৰা তাৰ পিছৰ অমাৱস্যালৈকে সময়ছোৱাই হ’ল চন্দ্ৰ মাহ। এই হিচাপ মতে ৰমজান মাহৰ অন্তত শ্বাওয়াল বা ছাৱাল মাহৰ নতুনদিনে দেখা দিয়াৰ পিছদিনা ঈদ উৎসৱ পালন কৰা হয়। মুছলমান সকলৰ বিশ্বাস মতে ৰমজান মাহ পবিত্ৰ মাহ। এই মাহৰ শেষৰ সপ্তাহত হিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থকা অৱস্থাত হজৰত মহম্মদে আল্লাৰ বাণী শুনিবলৈ পাইছিল। সেই বাণীয়েই হ’ল কোৰানশ্বৰীফ। সেয়ে এই পবিত্ৰ মাহত মুছলমান সকলে ৰোজা বা উপবাস পালন কৰিলে শুভ হয় বুলি বিশ্বাস কৰে।
ছৌদি আৰৱৰ এদিন পিছতে ভাৰতত ঈদ পালন কৰা হয়। দুয়োখন দেশতে বিভিন্ন সময়ত চন্দ্ৰ দেখা যায়। গতিকে উপসাগৰীয় দেশসমূহে ঈদৰ তাৰিখ ঘোষণা কৰাৰ পিছত ভাৰতে ২১ মাৰ্চত অৰ্থাৎ কাইলৈ ঈদ উদযাপন কৰিব। ঈদৰ দিনা মুছলমান ধৰ্মালম্বীলোকৰ ঘৰত বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰা হয়। শিশুক ঈদি দিয়া হয় আৰু আৰ্তজনক দান দিয়া হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













