ৰণডংকা বাজিছে অসম বিধানসভাৰ নিৰ্বাচনৰ। জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনফালে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধ প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছৰ মহিলা প্ৰাৰ্থী বিদিশা নেওগে। এইবাৰ জালুকবাৰীত যুঁজ হিমন্ত বিশ্ব শৰ্মা বনাম বিদিশা নেওগৰ।
আজি মনোনয়ন দাখিল কৰি কংগ্ৰেছৰ বিদিশা নেওগে কয়, “যুৱপ্ৰজন্মৰ কন্ঠ হৈ,নাৰীসকলৰ কণ্ঠ হৈ, সমাজৰ নিষ্পেষিত নিপিড়ীত জনতাৰ কণ্ঠ হৈ জালুকবাৰীৰ সামগ্ৰিক উন্নয়নৰ বাবে যুঁজাৰু হৈ কংগ্ৰেছ দলৰ নীতি-আদৰ্শক আগবঢ়াই লৈ যোৱাটোয়েই হ’ব মোৰ মূল মন্ত্ৰ মূল আদৰ্শ।”
ইফালে হিমন্ত বিশ্ব শৰ্মায়ো আত্মবিশ্বাসী হৈ কয়, “মই বিশ্বাস কৰোঁ যে যোৱাবাৰৰ তুলনাত এইবাৰ জালুকবাৰীৰ পৰা অলপ বেছি ভোট পোৱা উচিত। ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ প্ৰায় ৩০ বছৰ হ’ল, গতিকে ইয়াৰ মানুহবোৰ মোৰ বাবে পৰিয়ালৰ দৰে হৈ পৰিছে।”
ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে কয়, “আমি বহু কাম কৰিছোঁ। সেইবাবেই তালিকাখন দীঘল। আমি দুটা বিষয় লৈ নিৰ্বাচনত জনসাধাৰণৰ মাজলৈ গৈছো: অসমীয়া পৰিচয় আৰু উন্নয়ন। ৰাইজে আমাৰ লগত যোগ দিয়াক লৈ কংগ্ৰেছ দলৰ কোনো ক্ষোভ নাই। বিজেপিৰ কোনো ক্ষোভ নাই।”
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “মই ২৬ বছৰ বয়সত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। প্ৰথম নিৰ্বাচনত প্ৰায় ১২ হাজাৰ ভোটত পৰাস্ত হৈছিলোঁ। তাৰ পিছত ২০০১ চনত ১২ হাজাৰ ভোটত জয়ী হৈছিলো। ২০০৬ চনত প্ৰায় ২৪ হাজাৰ ভোটত জয়ী হৈছিলো। ২০১১ চনত ৪৫ হাজাৰ ভোটত জয়ী হৈছিলো। মই ভাবো এইবাৰ এক লাখ ভোটেৰে জয়ী হম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













