২০২৬ চনত মঙ্গলৰ গোচৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ হ’ব৷ ২৪ এপ্ৰিল ২০২৬, শুকুৰবাৰে পুৱতি নিশা ২.৩০ মিনিটত ৰঙা গ্ৰহ বুধৰ অধীন ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এই নক্ষত্ৰ পৰিবৰ্তনৰ ফলত সাহস, শক্তি আৰু উদ্যমৰ প্ৰতীক মঙ্গলৰ প্ৰভাৱ আৰু তীব্ৰ হব৷ এই গোচৰ ১১ মে ২০২৬ পৰ্যন্ত স্থায়ী থাকিব৷ যিয়ে চাৰিটা ৰাশিৰ জাতকৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আনিব পাৰে৷
মেষ ৰাশি
মেষ ৰাশিৰ বাবে এই সময় অত্যন্ত শুভ হব পাৰে৷ বহুদিনৰ পুৰণি ইচ্ছা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷ বন্ধুৰ পূৰ্ণ সমৰ্থন পাব৷ নতুন আয়ৰ উৎস তৈয়াৰ হব পাৰে৷ অৰ্থনৈতিক সিদ্ধান্ত লোৱাৰ সময়ত সতৰ্ক থকা জৰুৰী৷ কৰ্মক্ষেত্ৰত পদোন্নতি বা দায়িত্ব বৃদ্ধি পাব পাৰে৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে এই সময়ত সাফল্য লাভৰ যোগ আছে৷ কৰ্মজীৱনত দ্ৰুত উন্নতি হোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায় সংক্ৰান্তিয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সফল হব৷ সেই সিদ্ধান্ত ভৱিষ্যতৰ বাবে লাভজনক হব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব আৰু ৰৈ থকা কাম সম্পূৰ্ণ হব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ বাবে এই সময়ত বৃহৎ সাফল্যৰ দুৱাৰ খুলিব পাৰে৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ মানসিকভাৱে ইতিবাচক পৰিবৰ্তন আহিব৷ কৰ্মক্ষেত্ৰত পদ আৰু সন্মান বৃদ্ধি পাব৷ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল এই সময়ত পোৱা যাব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ বাবে এই গোচৰ অত্যন্ত লাভদায়ক হব পাৰে৷ স্বাস্থ্যৰ উন্নতি ঘটিব আৰু অৰ্থলাভৰ মাধ্যমেৰে ঋণৰ চাপ কমিব৷ শত্ৰুৰ ওপৰত জয়লাভ কৰিব৷ মাটি বা সম্পত্তি ক্ৰয়ৰ যোগ আছে৷ কৰ্মক্ষেত্ৰত চলমান বিবাদ দূৰ হব আৰু ব্যৱসায়ত ডাঙৰ ডিল কৰাৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















