বলীউডৰ এই সময়ৰ অন্যতম জনপ্ৰিয় সংগীতশিল্পী শ্ৰেয়া ঘোষাল৷ সম্প্ৰতি মুম্বাইৰ সকলোতকৈ দামী এলেকাত নতুন বিলাসী ফ্লেট কিনিলে শ্ৰেয়া ঘোষালে৷ শ্ৰেয়া ঘোষালে ওৰলিত কিনিলে বিলাসী ফ্লেট৷ সূত্ৰৰ খবৰ, স্কোয়াৰ ইয়াৰ্ডছে সম্পত্তিৰ ৰেজিষ্ট্ৰেছন নথি পৰীক্ষা কৰিছে৷ শ্ৰেয়া ঘোষালে তেওঁৰ মাতৃ শমিষ্ঠা ঘোষাল আৰু পিতৃ বিশ্বজিৎ ঘোষালৰ সৈতে মিলি মুম্বাইৰ ওৰলিত ২৯.৭০ কোটি টকীয়া এটা ফ্লেট কিনিছে৷
আইজিআৰৰ সম্পত্তি ৰেজিষ্ট্ৰেছন ৰেকৰ্ড (যি স্কোয়াৰ য়াৰ্ডছ সংগ্ৰহ কৰিছে) অনুসৰি এই ফ্লেট ওৰালিৰ গোদৰেজ ট্ৰিলজিত অৱস্থিত৷ ফ্লেটটোৰ কাৰ্পেট এৰিয়া ২৪৩০.০৬ বৰ্গফুট আৰু মুঠ এৰিয়া ২৭৫০.২৮ বৰ্গফুট৷ ইয়াৰ সৈতে আছে তিনিখন বাহন পাৰ্কিঙৰ সুবিধা৷
চুক্তি আনুষ্ঠানিকভাৱে ১ এপ্ৰিল ২০২৬ তাৰিখে নথিভুক্ত কৰা হয়৷ এই লেনদেনত ষ্টেম্প ডিউটিৰ বাবদ ১.৭৮ কোটি টকা আৰু ৰেজিষ্ট্ৰেচন চাৰ্জ হিচাপে ৩০,০০০ টকা খৰচ হৈছে৷ শ্ৰেয়া ঘোষাল ভাৰতৰ অন্যতম জনপ্ৰিয় প্লেবেক গায়িকা৷ সা ৰে গা মা পা’ ৰিয়েলিটি শ্ব’ জিকি তেওঁ জনপ্ৰিয় হৈ পৰে৷ তাৰপিছতেই দেৱদাস ছবিৰ মাধ্যমেৰে বলিউডত আত্মপ্ৰকাশ কৰিছে৷ প্ৰথম কামতেই বেয়ৰি পিয়াৰ দৰে গান গাই জনপ্ৰিয় হৈ পৰে৷
পিতৃ বিশ্বজিৎ ঘোষাল এজন ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ আৰু মাতৃ শমিষ্ঠা ঘোষাল যিয়ে সাহিত্যত স্নাতকোত্তৰ৷ এই পৰিয়ালত জন্ম হোৱা শ্ৰেয়াই একাধিক ভাষাত গীত গাই সংগীতজগতত নিজকে সফল হিচাপে গঢ়ি তুলিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















