ভোটদান কৰিলে বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই৷
মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাই অসমৰ কল্যাণৰ বাবে ভোটদান কৰে৷
ভোটদানৰ পাছতেই মন্তব্য ৰাখিছে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাই৷
অসমৰ মঙ্গলৰ বাবে সকলোৱে ভোট দিয়ক৷
ৰাইজে বিগত ৪ মাহ ধৰি আমাক অজস্ৰ মৰম দিছে, অসমবাসী ৰাইজৰ ওচৰত মই কৃতজ্ঞ৷
জালুকবাৰীত মই প্ৰচাৰ চলাব পৰা নাই, জালুকবাৰীৰ ৰাইজে নিজেই প্ৰচাৰ কৰিছে৷
নিৰ্বাচনত মই বেছিকৈ নাহিলেও নিৰ্বাচনৰ পাছত বেছিকৈ আহিম, কাম কৰিম৷
সকলো অসমবাসী ৰাইজৰ মঙ্গল কামনা কৰিছো৷
বৰষুণক লৈ পুৱা চিন্তা আছিল ভোট কম হ’ব বুলি কিন্তু এতিয়া বতৰ ভাল ৰাইজে ভোট দিবলৈ ওলাব৷
আজিৰ দিনটোত মই নিৰ্বাচনত কিমান ভোট পাম নকও কিন্তু জালুকবাৰীৰ ৰাইজে মোক বহুত মৰম দিব৷
কংগ্ৰেছ দলক লৈ সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই৷
পৱন খেৰাক লৈ কয় যে, পৱন খেৰা এজন পলৰীয়া তেওঁৰ কথা মই নকওঁ৷
লালন টপ নামৰ চেনেলটোকো সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, মই লালনটপতকৈ ভালকৈ কথা কওঁ৷
মই লালনটপ চেনেলটোক মতা নাই ইয়ালৈ কিয় আহিছে?
মই ইয়াত কোনো ধৰণৰ ইণ্টাৰভিউ’ নিদিও, লালনটপ কি হয় মই চিনি নাপাওঁ৷
লালনটপৰ মিনিং কি, মই হিন্দী ভাষাতো এনেকুৱা শব্দ দেখা নাই, কলেজত পোৱা হিন্দিতো এনেকুৱা শব্দ পোৱা নাই মই গতিকে চিনি নাপাওঁ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















