আজি গুৱাহাটীৰ বৰ্ষাপাৰাত RCB vs RR ৰ মহাৰণ। আজি আই পি এলত বিৰাট কোহলিৰ মুখামুখি হ’ব বৈভৱ সূৰ্যবংশী। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত দুয়োটা দলৰ মাজত সন্ধিয়া ৭ঃ৩০ বজাত অনুষ্ঠিত হ’ব মেচ। RCB ৰ নেতৃত্বত আছে ৰজত পাটিদাৰ, আনহাতে ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগ। এইখন তেওঁলোকৰ চতুৰ্থখন মেচ, আনহাতে আৰ চি বিয়ে এতিয়ালৈকে দুখন মেচ খেলি দুয়োখন খেলতে জয়লাভ কৰিছে। আজিও তেওঁলোকে জয় অৰ্জন কৰিবলৈ বিচাৰিব। ঘৰুৱা মাটিত বিজয়ৰ হেট্ৰিক কৰিব পাৰিব নে RRয়ে?
ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজত অনুষ্ঠিত হেড টু হেড মেচত RCB ৰ হাতত আছে। ১৭-১৪ গ’লত আগবাঢ়ি আছে ৰজত পাটিদাৰৰ দল। অৰ্থাৎ বাংগালুৰুৱে এতিয়া ৰাজস্থানক ১৭ বাৰ পৰাস্ত কৰাৰ বিপৰীতে ৰাজস্থানে মাত্ৰ ১৪ বাৰহে আৰচিবিক পৰাস্ত কৰিছে।
বৰ্ষাপাৰা ষ্টেডিয়ামত আজি কম স্ক’ৰ থ্ৰিলাৰ প্ৰস্তুত হোৱাৰ সম্ভাৱনা আছে। খেলৰ সময়ত কোনো ধৰণৰ বৰষুণৰ সম্ভাৱনা নাই। অৱশ্যে আকাশখন ডাৱৰীয়া হৈ থাকিব পাৰে। ইতিমধ্যে খেল চাবলৈ ভিৰ কৰিছে ক্ৰিকেট প্ৰেমীয়ে। ষ্টেডিয়ামলৈ ৰাওনা ২ দলক টীম স্কোৱাড। বহু লোক কিং কোহলীক চাবলৈ বহিঃৰাজ্যৰ পৰাও আহিছে। অসমৰ মাটিত আজি সকলোৱে দেখিব বিৰাট কোহলিৰ বেটৰ যাদু।
আজি ৰাজস্থান ৰয়েলছৰ সম্ভাৱ্য প্লেইনিং ইলেভেন : যশস্বী জয়ছৱাল, বৈভৱ সূৰ্য্যবংশী, ধ্ৰুৱ জুৰেল (উইকেট কীপাৰ), ৰিয়ান পৰাগ (অধিনায়ক), শ্বিমৰন হেটমায়াৰ, ড’নভান ফেৰেইৰা, ৰবীন্দ্ৰ জাডেজা, জোফ্ৰা আৰ্চাৰ, নন্দ্ৰে বাৰ্গাৰ, তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা
ইমপেক্ট প্লেয়াৰ – ৰবি বিষ্ণোই
আৰচিবিৰ সম্ভাৱ্য প্লেইনিং ইলেভেন – ফিল ছল্ট, বিৰাট কোহলি , দেৱদত্ত পাদিক্কল, ৰজত পাটিদাৰ (অধিনায়ক), টিম ডেভিদ, জিতেশ শৰ্মা (উইকেটকীপাৰ), ৰোমাৰিয়া শ্বেফাৰ্ড, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, অভিনন্দন সিং আৰু জেকব ডাফী
ইমপেক্ট প্লেয়াৰ – সুয়াশ শৰ্মা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














