জ্যোতিষমতে ১১ মে এক বিশেষ দিন৷ সেইদিনটোতে পুৱা ৬বাজি ৩৬ মিনিটত শুক্ৰ আৰু গুৰুৱে এটাই আনটোৰ ৩০ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ যাৰ ফলত অতি শক্তিশালী দ্বিদ্বাদশ যোগ তৈয়াৰ হব৷ প্ৰকৃততে সুখ, ধন, প্ৰেম, সৌন্দৰ্যৰ কাৰক শুক্ৰ আৰু ভাগ্যৰ কাৰক হৈছে বৃহস্পতি৷ এই দুই গ্ৰহ মিলি তৈয়াৰ কৰিছে দ্বিদ্বাদশ যোগ৷ ই যোগ এসপ্তাহৰ বাবে সক্ৰিয় থাকিব৷ ভাগ্য ঘূৰিব ৪ৰাশিৰ৷ জানি থওক সকলো ৰাশি সম্পৰ্কে জানি থওক৷
বৃষ ৰাশি
এই সময় বৃষ ৰাশিৰ বাবে শুভ হব৷ দ্বিদ্বাদশ যোগত অতি শুভ সময় কটাব পাৰিব৷ বাঢ়িব আত্মবিশ্বাস৷ এই সময়ত আধ্যাত্মিক কামত মন দিয়ক৷ জীৱনত ৰোমান্স বাঢ়িব৷ পৰিয়ালত ভাল সময় কটোৱাৰ সুযোগ থাকিব৷ মন পজিটিভ থাকিব৷ ইয়াৰোপৰি টকাৰ চিন্তা দূৰ হব৷ বৃষ ৰাশিৰ জাতক জাতিকাই টেনছন ফ্ৰি হৈ থকাৰ বাবে সাজু হওক৷
তুলা ৰাশি
এই ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় শুভ হব৷ এই যোগত আপোনাৰ আৰ্থিক উন্নতি নিশ্চিত৷ কেৱল সেয়াই নহয়, এই সময়ত সামাজিক সন্মান বৃদ্ধি পাব৷ টকা লাভ কৰিব৷ আনকি জীৱনলৈ প্ৰেমৰ আগমনো হব পাৰে৷ এই সময়ত কেৰিয়াৰত উন্নতি হব৷ প্ৰমোছনৰ সম্ভাৱনা৷ পঢ়াশুনাত আগুৱাই যাব৷ ভাগ্যৰ সংগ পাব৷ খৰচ কৰাৰ প্ৰৱণতা কমিব৷ চিন্তাৰ কোনো কাৰণ নাই৷
ধনু ৰাশি
দ্বিদ্বাদশ যোগত আপোনাৰ জীৱন আগুৱাই যাব৷ দাম্পত্য জীৱনলৈ শান্তি ঘূৰিব৷ স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক উন্নত হব৷ এই সময়ত আধ্যাত্মিক দিশত মন ঘূৰিব৷ দান কৰিব পাৰে৷ ইয়াতেই শেষ নহয়, এই যোগত ধনৰ অভাৱ দূৰ হব৷ বাম্পাৰ ইনকাম হব৷ বাঢ়িব ব্যৱসায়৷ ধনৰ বিনিয়োগো কৰিব পাৰে৷
মীন ৰাশি
এই ৰাশিৰ জাতকৰ বাবেও সময় শুভ৷ এই যোগৰ ইতিবাচক প্ৰভাৱত কেৰিয়াৰত উন্নতি হব৷ প্ৰমোছন হব পাৰে৷ বাঢ়িব দৰমহা৷ পঢ়ুৱৈসকলে পঢ়াশুনাত মন দিব৷ বিদেশ যাত্ৰাৰ যোগ তৈয়াৰ হব পাৰে৷ এই সময়ত পাৰিবাৰিক অশান্তি দূৰ হব৷ সকলোৰে সৈতে মিলি দিন কটাব পাৰিব৷ চিন্তাৰ দিন শেষ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















