সোমবাৰৰ দিনটো ভগৱান শিৱৰ দিন। এই দিনটোত শিৱভক্তসকলে তেওঁক সন্তুষ্ট কৰিবলৈ পূজা কৰে। ভগৱান শিৱই ভক্তৰ ওপৰত সন্তুষ্ট হৈ তেওঁ সোনকালে নিজৰ আশীৰ্বাদ প্ৰদান কৰে। সোমবাৰটো শিৱ পূজাৰ বাবে বিশেষ দিন বুলি সকলোৱে জানে কিন্তু কোনবোৰ কথাই শিৱক সোনকালে সুখী কৰে সেই কথা অতি কম সংখ্যকেহে জানে। গতিকে সেই গোপন কথা জানো আহক।
ভগৱান শিৱৰ পূজাত এনে বহু সামগ্ৰী আগবঢ়োৱা হয় যিবোৰৰ ভিতৰত, বেলপাত, পানী, গাখীৰ, দৈ, মৌ, ঘিউ, চেনি, সুগন্ধি, চন্দন, কেশৰ আদিৰ গুৰুত্ব অপৰিসীম। এই সকলোবোৰ সামগ্ৰী শিৱৰ বাবে অতি প্ৰিয়।
- জলঃ শিৱলিংগত পানী আগবঢ়ালে আমাৰ প্ৰকৃতি শান্ত হয় আৰু আচৰণটো আকৰ্ষণীয় হয়।
- গাখীৰঃ শিৱলিংগক গাখীৰ আগবঢ়াই আমি সুস্বাস্থ্যৰ আশীৰ্বাদ পাওঁ।
- ঘিউঃ শিৱলিঙত ঘিউ আগবঢ়ালে শক্তি বৃদ্ধি হয়।
- চন্দনঃ ভগৱান শিৱৰ ওপৰত চন্দন প্ৰয়োগ কৰিলে সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পায়।
- দৈঃ ভগৱান শিৱক দৈৰে স্নান কৰিলে তেওঁৰ স্বভাৱত গুৰুত্ব আহে।
- মৌঃ ভগৱানক মৌ আগবঢ়ালে আমাৰ বাক্যত মধুৰতা আনে।
- সুগন্ধিঃ শিৱক সুগন্ধি আগবঢ়ালে চিন্তাবোৰ শুদ্ধ হয়।
- চেনিঃ চেনি আগবঢ়ালে সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়।
- কেশৰঃ ভগৱান শিৱক কেশৰ অৰ্পণ কৰিলে কোমলতা আহে।
Disclaimer এই বাতৰিত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। Asom Live 24 এ এই কথা নিশ্চিত কৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















