বছৰ বছৰ ধৰি কৃত্ৰিম বানে জ্বলা-কলা খুৱাইছে গুৱাহাটীবাসীক। নিশা অহা নেৰানেপেৰা বৰষুণত পুনৰ উটিল মহানগৰীৰ আভিজাত্য।

দেওবাৰে অহা বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গ’ল মহানগৰীৰ বহু অঞ্চলৰ বাট-পথ। বেলতলা, হাতীগাঁও, GS ৰোড, ৰুক্মিণীগাঁও, ৰাজগড়, গণেশগুৰি, অম্বিকাগিৰী নগৰ , গীতানগৰ সকলোতে কৃত্ৰিম বান।

মহানগৰীত প্ৰৱল বৃষ্টিপাতক লৈ সতৰ্কবাণী জাৰি কৰিছে প্ৰশাসনে। এই বৰষুণৰ ফলত নিশা বহু সময়লৈ যান-জঁটত ভুগিছে কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা লোকসকল।

গুৱাহাটীত হৈ থকা বৰষুণ আৰু কৃত্ৰিম বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২০ এপ্ৰিল অৰ্থাৎ আজি সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰে কামৰূপ জিলা প্ৰশাসনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















