বহু লোকৰ গাখীৰৰ পৰা এলাৰ্জী হয়। বহু লোকে গাখীৰ খোৱাৰ পিছত পেটৰ বিষ, গেছ, বমি, ছালৰ ফোহা বা উশাহ-নিশাহ লোৱাত অসুবিধা অনুভৱ কৰে। গাখীৰৰ পৰা এলাৰ্জী হোৱাসকলে দৈৰ পৰা আঁতৰি থাকিব লাগে নেকি? এই বিষয়ে বহুতো চিন্তা-চৰ্চা কৰা হৈছে।
আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ সঞ্চালক অধ্যাপক ডাঃ সুভাষ গিৰীয়ে বুজাইছে যে এই প্ৰশ্নৰ উত্তৰ সকলোৰে বাবে একে নহয়। সাধাৰণতে গাখীৰত থকা প্ৰটিনৰ বাবে গাখীৰৰ এলাৰ্জী হয়, আনহাতে দৈ প্ৰস্তুতৰ ফলত গাখীৰৰ কিছুমান উপাদান ভাঙি যায়। এই কাৰণেই বহু লোকৰ গাখীৰত অসুবিধা হয়, কিন্তু দৈৰ লগত কোনো সমস্যা নহয়।
একে সময়তে গাখীৰৰ প্ৰ’টিনৰ পৰা এলাৰ্জী থকা লোকেও দৈৰ প্ৰতি এলাৰ্জিৰ প্ৰতিক্ৰিয়া অনুভৱ কৰিব পাৰে। কিছুমান ক্ষেত্ৰত দৈ খালে পেটৰ বিষ, খজুৱতি, ফুলা বা শ্বাস-প্ৰশ্বাসজনিত সমস্যা হ’ব পাৰে। গতিকে গাখীৰৰ এলাৰ্জী থকা সকলোৰে বাবে দৈ নিৰাপদ বুলি ক’লে ভুল হ’ব। শৰীৰৰ প্ৰতিক্ৰিয়া পৰ্যবেক্ষণ কৰিলেহে দৈ উপকাৰী নে নহয় সেইটো নিৰ্ণয় কৰিব পাৰি।
কি কৰিব?
যদি আপোনাৰ গাখীৰৰ এলাৰ্জী আছে তেন্তে পোনপটীয়াকৈ দৈ খাদ্যত গ্ৰহণ কৰাৰ আগতে সাৱধানতা অৱলম্বন কৰিব লাগে। প্ৰথমতে দৈ কম পৰিমাণে সেৱন কৰি চাওক আৰু শৰীৰৰ প্ৰতিক্ৰিয়া পৰ্যবেক্ষণ কৰক। যদি আপুনি কিবা অস্বস্তি অনুভৱ কৰে তেন্তে লগে লগে দৈ বন্ধ কৰক।
বজাৰত উপলব্ধ দৈ, যেনে নাৰিকলৰ পৰা তৈয়াৰী দৈও বিকল্প হ’ব পাৰে
গাখীৰ বা দৈৰ লগত জড়িত যিকোনো ধৰণৰ এলাৰ্জীক সহজভাৱে ল’ব নালাগে। সঠিক নিদানৰ বাবে এলাৰ্জী পৰীক্ষা আৰু চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। আপোনাৰ চিকিৎসকে এলাৰ্জীৰ প্ৰকাৰ বুজিব আৰু এটা সঠিক খাদ্য পৰিকল্পনা প্ৰেছক্ৰিপচন কৰিব যিয়ে পুষ্টিৰ অভাৱ ৰোধ কৰিব আৰু আপোনাৰ স্বাস্থ্য সুৰক্ষিত কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















