পত্নীয়ে যদি বিয়াৰ পিছত উচ্চ শিক্ষা বা চাকৰি কৰিব খোজে তেন্তে তেওঁক ‘উচ্চকাংশী’ বা ‘অতি উচ্চকাংশী’ বুলি কোনোৱে ক’ব নোৱাৰিব। উচ্চ শিক্ষা পত্নীৰ অধিকাৰ, স্বামীয়ে দিয়া বিশেষ সুবিধা নহয়। বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে এনে এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰিলে। একে সময়তে পাৰিবাৰিক বিবাদত লিংগৰ কু-সংস্কাৰ বা লিংগৰ ওপৰত ভিত্তি কৰি পৰম্পৰাগত ধাৰণাক লৈও আদালতে আপত্তি কৰিছিল। স্বামীৰ ওপৰত নিষ্ঠুৰতাৰ অভিযোগৰ ভিত্তিত মহিলাগৰাকীক বিবাহ বিচ্ছেদ কৰিবলৈও অনুমতি প্ৰদান কৰে বিভাগীয় বিচাৰপীঠে।
ইয়াৰ পূৰ্বে জামছেদপুৰৰ পৰিয়াল আদালতে পত্নীক উচ্চ শিক্ষা আৰু কৰ্মসংস্থাপনৰ অনুমতি দিয়াৰ ক্ষেত্ৰত স্বামীৰ উদাৰ মনোভাৱৰ কথা উল্লেখ কৰে। আনকি পৰিয়াল আদালতে পত্নীক ‘অতি উচ্চকাংশী’ বুলিও অভিহিত কৰিছিল। অৱশ্যে এই ৰায় বাতিল কৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এম এছ সোনাক আৰু ন্যায়াধীশ মনোজ প্ৰসাদৰ সংমণ্ডল বিচাৰপীঠে।
বিবাহ বিচ্ছেদৰ গোচৰ কিয়?
২০০৪ চনত এই দম্পতীৰ বিবাহ হয়। ২০০৭ চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকৰ এগৰাকী কন্যা সন্তান জন্ম হয়।তাৰ পিছত পত্নীয়ে স্বামীৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি হিন্দু বিবাহ আইন, ১৯৫৫ৰ ১৩(১)(আই এ) ধাৰাত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়। স্বামী আৰু শহুৰেকে তাইক অত্যাচাৰ কৰি যৌতুক দাবী কৰাৰ অভিযোগ উত্থাপন কৰে। মহিলাগৰাকীয়ে আৰু অভিযোগ কৰে যে তেওঁৰ স্বামীয়ে তেওঁক চাকৰি এৰিবলৈ বুজাইছিল। তেওঁ ক’লে যে তেওঁক দিল্লীত চাকৰিৰ প্ৰস্তাৱ দিয়া হৈছে।
মহিলাগৰাকীয়ে আদালতত কয়, যে স্বামীৰ সৈতে দিল্লীলৈ গৈ চাকৰি এৰিলে। কিন্তু দিল্লীলৈ যোৱাৰ পিছত স্বামীয়েও চাকৰি এৰি ৰায়গড়লৈ যায়। পত্নী আৰু নাবালিকা কন্যাক ভনীয়েকৰ ওচৰত এৰি থৈ যায়। ইয়াৰ পিছত মহিলাগৰাকীয়ে নিজৰ লগতে জীয়েকৰ খৰচ পূৰণৰ বাবে প্ৰাইভেট টিউচন আৰম্ভ কৰিব লগা হৈছিল। তেওঁ আৰু অভিযোগ কৰে যে পিছত স্বামীয়ে মধ্যপ্ৰাচ্যৰ এখন দেশলৈ চাকৰিৰ বাবে যাবলৈ ৫ লাখ টকা বিচাৰিছিল। যেতিয়া তেওঁৰ সেই টকা দিব নোৱাৰিলে তেতিয়া তেওঁ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হ’ল।
২০১৯ চনৰ ১৬ মাৰ্চত পৰিয়াল আদালতে মহিলাগৰাকীৰ বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰে। আদালতে লক্ষ্য কৰিলে যে স্বামীয়ে পত্নীক হোষ্টেলত থাকিবলৈ, উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আৰু কাম কৰিবলৈ অনুমতি দিছে। ইয়াৰ দ্বাৰা স্বামীৰ সহযোগিতা আৰু উদাৰ মনোভাৱ প্ৰকাশ পাইছিল। আদালতে এই কথাও লক্ষ্য কৰে যে পত্নীগৰাকী অতি অভিলাষী আছিল।
মহিলাগৰাকীয়ে এই ৰায়ক প্ৰত্যাহ্বান জনাই ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু যুক্তি দিছিল যে পৰিয়াল আদালতে পত্নীৰ উচ্চ শিক্ষাক বিয়াৰ পিছত উচ্চ শিক্ষাক স্বামীয়ে প্ৰদান কৰা বিশেষাধিকাৰ হিচাপে গণ্য কৰা ধাৰণাটোৰ ওপৰত ভিত্তি কৰি ৰায়দান কৰিছিল, আনহাতে সেয়া তেওঁৰ অধিকাৰ।
উচ্চ ন্যায়ালয়ে গোচৰৰ শুনানিৰ সময়ত পৰিয়াল আদালতৰ যুক্তিৰ সৈতে একমত নহ’ল। সংমণ্ডল বিচাৰপীঠে কয় যে বিবাহিত জীৱনত স্বামী-স্ত্ৰী সমান অংশীদাৰ। তেওঁলোকৰ সম্পৰ্কত দুয়োৰে কোনোটোৱেই উচ্চ বা হীন নহয়। এজনৰ আনজনৰ ওপৰত কৰ্তৃত্ব বা আধিপত্য থকাৰ কোনো স্থান নাই।
আদালতৰ পৰ্যবেক্ষণ
পত্নীৰ উচ্চ শিক্ষা আৰু কৰ্মসংস্থাপনৰ অধিকাৰ সন্দৰ্ভত আদালতে কয় যে বিবাহৰ পিছত উচ্চ শিক্ষা গ্ৰহণ কৰাটো পত্নীৰ অধিকাৰ। স্বামীয়ে তেওঁক সেই অধিকাৰ দিছে বুলি ভবাৰ কোনো কাৰণ নাই। ঠিক তেনেদৰে পত্নীয়ে যদি নিজৰ অৰ্হতা আৰু যোগ্যতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী বা ব্যক্তিগত কাম কৰিব বিচাৰে তেন্তে সেয়াও স্বামীৰ বিশেষ অনুগ্ৰহ নহয়।
আদালতে পৰ্যবেক্ষণ কৰে যে যদি কোনো স্বামীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰে বা বিয়াৰ পিছত চাকৰি পায় তেন্তে ইয়াক স্বাভাৱিক পৰিঘটনা বুলি গণ্য কৰা হয়। গতিকে পত্নীয়েও একে কাম কৰিব বিচাৰিলে কিয় ‘উচ্চকাংশী’ বা ‘অতি উচ্চকাংশী’ বুলি লেবেল লগোৱা উচিত নেকি? পুৰুষৰ বাবে যিটো স্বাভাৱিক, সেইটো এগৰাকী মহিলাৰ বাবে অস্বাভাৱিক বুলি ধৰিব নোৱাৰি। এনে লিংগভিত্তিক ধাৰণাৰ ভিত্তিত এগৰাকী মহিলাৰ বিবাহ বিচ্ছেদৰ আবেদন নাকচ কৰিব নোৱাৰি বুলিও আদালতে স্পষ্ট কৰি দিয়ে।
সংমণ্ডল বিচাৰপীঠে আৰু কয় যে বৈবাহিক সম্পৰ্কৰ ভিত্তি হ’ব লাগে সমতা আৰু পাৰস্পৰিক সন্মান। পতি-পত্নী দুয়োৰে সমান অধিকাৰ আছে আৰু একেলগে একেটা পথতে চলিব লাগে। সকলো সময়তে একেটা পথতে খোজ কাঢ়িব নোৱাৰিলেও ইজনে সিজনৰ প্ৰতি সন্মান বজাই ৰখাটো গুৰুত্বপূৰ্ণ। অৱশেষত সংমণ্ডল বিচাৰপীঠে স্বামীৰ নিষ্ঠুৰতাৰ দোহাই দি হিন্দু বিবাহ আইনৰ ১৩(১)(আই এ) ধাৰাত বিবাহ বিচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়ে দম্পতীহালক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















