বুধ, সূৰ্যই একে ৰাশিত অৱস্থান কৰিলে বুধাদিত্য ৰাজযোগ গঠন হয়৷ বৈদিক জ্যোতিষমতে এই ৰাজযোগ অত্যন্ত শুভ আৰু ক্ষমতাশালী৷ বৰ্তমান সূৰ্যই মেষ ৰাশিত অৱস্থান কৰিছে৷ আগন্তুক ৩০ এপ্ৰিলত বুধেও মেষ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ ফলত এপ্ৰিল মাহৰ শেষ দিনত মেষ ৰাশিত বুধাদিত্য ৰাজযোগ গঠিত হব৷ এই ৰাজযোগৰ প্ৰভাৱত সুখ আৰু সমৃদ্ধি লাভ কৰিব চাৰি ৰাশিৰ জাতকে৷ জানি থওক তালিকাত কোন কোন আছে?
মেষ ৰাশি
মেষ ৰাশিতেই গঠিত হব বুধাদিত্য ৰাজযোগ৷ সেয়ে এই শুভ যোগৰ সকলোতকৈ বেছি সুফল পাব মেষ ৰাশিৰ জাতকেই৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব৷ সামাজিক মান মৰ্যাদা বাঢ়িব৷ সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু মজবুত হব৷ অফিচত আপোনাৰ কামৰ প্ৰশংসা পাব৷ নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব আৰু চৰকাৰী কামত সাফল্য লাভৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















