গঙ্গা সপ্তমী হিন্দু ধৰ্মত অত্যন্ত পবিত্ৰ এক তিথি৷ এই দিনটোত দেৱী গঙ্গাৰ পূজা আৰু গঙ্গাস্নান কৰিলে বিশেষ পুণ্য লাভ হয় বুলি বিশ্বাস কৰা হয়৷ কিছু ভুল কৰিলে এই পূজা আৰু স্নানৰ ফলত বিশেষ পূণ্য লাভ হয় বুলি বিশ্বাস কৰা হয়৷ কিছু ভুল কৰিলে এই পূজা আৰু স্নানৰ ফল কমি যাব পাৰে৷ ইয়াৰ সৈতে জ্যোতিষমতে এই বছৰ গংগা সপ্তমীত গজকেশৰী ৰাজযোগৰ কাৰণে কিছু ৰাশিৰ ওপৰত বিশেষ শুভ প্ৰভাৱ পৰিব৷
শাস্ত্ৰ অনুসৰি ৰজা ভগীৰথৰ কঠোৰ তপস্যাৰ ফলত ভগৱান শিৱৰ জঁটাৰ পৰা মা গংগাই পৃথিৱীত অবতীৰ্ণ হয়৷ কিছুলোকৰ মতে সেই দিনটো আছিল ব’হাগৰ শুক্লা সপ্তমী তিথি৷ সেয়ে এই দিনটোতেই গংগা সপ্তমী পালন কৰা হয়৷ ২০২৬ চনৰ ২৩ এপ্ৰিল বৃহস্পতিবাৰে এই পবিত্ৰ তিথি পালিত হব৷
এই বছৰ সংগা সপ্তমীৰ দিনা চন্দ্ৰই নিজৰ ৰাশি কৰ্কটত অৱস্থান কৰি গজকেশৰী ৰাজযোগ সৃষ্টি কৰিব৷ জ্যোতিষশাস্ত্ৰত এই যোগক অত্যন্ত শুভ আৰু আৰ্থিক উন্নতিৰ বাবে সহায়ক বুলি ধাৰণা কৰা হয়৷ বিশেষকৈ চাৰিটা ৰাশিৰ জাতকৰ বাবে এই যোগ অত্যন্ত ফলদায়ক হব৷
কোন কোন লাভৱান হ’ব?
মেষ ৰাশিৰ জাতকৰ জীৱনত বস্তুগত সুখ-স্বাচ্ছন্দ্য বাঢ়িব৷ কৰ্মক্ষেত্ৰত সাফল্য আহিব আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে৷
কৰ্কট ৰাশিৰ জাতকৰ বাবে এই যোগ আৰু বেছি শক্তিশালী হব৷ কাৰণ চন্দ্রই নিজৰ ৰাশিত অৱস্থান কৰিব৷ ফলত এই ৰাশিৰ জাতকে মানসিক শান্তি, ইতিবাচকতা আৰু অৰ্থলাভৰ সুযোগ পাব৷
কন্যা ৰাশিৰ বাবে এই সময়ত বিশেষ অৰ্থলাভৰ সম্ভাৱনা আছে৷ কোনো শুভ সংবাদ পাব পাৰে৷
বৃশ্চিক ৰাশিৰ জাতকৰ লিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়িব৷ আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱ বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















