বিশেষভাৱে সক্ষম লোকসকলে দীৰ্ঘ দূৰত্বত যাত্ৰা কৰাৰ সময়ত বিভিন্ন অসুবিধাৰ সন্মুখীন হয়। ইয়াৰ বাবে ভাৰতীয় ৰে’লৱেই তেওঁলোকৰ বাবে নতুন নিয়ম আনিছে। এই নতুন নিয়মৰ তালিকা কি?
ভাৰতীয় ৰে’লৱেই শেহতীয়াকৈ বিশেষভাৱে সক্ষম যাত্ৰী (দিব্যাংগ)ৰ বাবে কিছু নতুন নিয়ম প্ৰৱৰ্তন কৰিছে৷ যাৰ ফলত তেওঁলোকৰ যাত্ৰা সহজ আৰু সুৰক্ষিত হ’ব। এতিয়াৰে পৰা বৈধ UDID (Unique Disability ID) কাৰ্ড থকা সকলো যাত্ৰীয়ে মেইল আৰু এক্সপ্ৰেছ ট্ৰেইনৰ বিশেষ দিব্যাংগ ডবাত যাত্ৰা কৰিব পাৰিব। আগতে এই সুবিধা সীমিত আছিল যদিও এতিয়া ইয়াক আৰু বঢ়াই তোলা হৈছে। যিসকলৰ এই UDID কাৰ্ড আছে তেওঁলোকে এই সুবিধা লাভ কৰিব।
আগতে বহু ক্ষেত্ৰত দেখা গৈছিল যে সেই দিব্যাংগসকলৰ ডবাত সাধাৰণ মানুহেও যাত্ৰা কৰিছিল। ফলত বিশেষভাৱে সক্ষম যাত্ৰীসকলে সংৰক্ষিত আসনত বহিবলৈকো নাপায়৷ বহুতৰে বুকিং নিশ্চিত হোৱা নাছিল। কিন্তু এইবাৰ ভাৰতীয় ৰে’লৱে এই সন্দৰ্ভত অধিক কঠোৰ হৈছে। কাৰণ এতিয়াৰ পৰা এই ডবাসমূহ কেৱল প্ৰকৃত বিশেষভাৱে সক্ষম যাত্ৰীসকলৰ বাবেহে সংৰক্ষিত হ’ব।
যদি কোনো সাধাৰণ যাত্ৰীয়ে সেই ডবাত যাত্ৰা কৰে তেন্তে ৰে’ল কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ফলত প্ৰকৃত হিতাধিকাৰীসকলে আৰু সমস্যাৰ সন্মুখীন নহয়৷ ৰে’ল ভাৰা ৰেহাই লাভ কৰাৰ ওপৰিও দিব্যাংগ যাত্ৰীসকলেহে এই ডবাত বৈধ যাত্ৰী হিচাপে যাত্ৰা কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















