মুকেশ আম্বানীৰ ঘৰৰ লগত কোনে পৰিচিত নহয়, মুম্বাইত অৱস্থিত এন্টিলিয়াক বিশ্বৰ আটাইতকৈ দামী ব্যক্তিগত ঘৰৰ ভিতৰত এটা বুলি গণ্য কৰা হয়। ইয়াৰ বিলাসী জীৱনশৈলী আৰু সৌন্দৰ্য্যৰ বিষয়ে বহুতো আমোদজনক কথা পোহৰলৈ আহি থাকে। ইয়াৰে এটা শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে, য’ত কোৱা হৈছে যে প্ৰতিদিনে এন্টেলিয়াত প্ৰায় ৩০০০ৰ পৰা ৪০০০ ৰুটি তৈয়াৰ কৰা হয়, কিন্তু সঁচাকৈয়ে ইমান ৰুটি তৈয়াৰ হয়নে? ইমানবোৰ ৰুটি কাৰ বাবে তৈয়াৰ কৰা হয়? মুকেশ আম্বানীৰ ঘৰত বনোৱা ৪০০০ ৰুটিৰ আঁৰৰ কাহিনী জানো আহক।
সঁচাকৈয়ে ৪০০০ ৰুটি তৈয়াৰ হয়নে?
আচহুৱা যেন লাগিব পাৰে, কিন্তু আম্বানীৰ ঘৰত দৈনিক ৪০০০ ৰুটি তৈয়াৰ কৰা হয়। এই ৰুটিবোৰ কেৱল পৰিয়ালৰ বাবেই নহয় ঘৰৰ কৰ্মচাৰীৰ বাবেও তৈয়াৰ কৰা হয়।
৬০০ কৰ্মচাৰীৰ বাবে খাদ্য প্ৰস্তুত কৰা হয়
এন্টিলিয়াৰ নিৰাপত্তাৰক্ষী, গৃহ পৰিচালনাৰ কৰ্মচাৰী, চেফ, চালক, আৰু অন্যান্য কৰ্মচাৰীৰ এটা বৃহৎ দল আছে৷ সেয়ে সকলোৰে বাবে খাদ্য প্ৰস্তুত কৰা হয় আৰু সকলোৰে বাবে দৈনিক ৰুটিও তৈয়াৰ কৰা হয়৷
অতিথি আৰু অনুষ্ঠানৰ বাবে খাদ্য
আম্বানী পৰিয়ালটো আড়ম্বৰপূৰ্ণ অনুষ্ঠান আৰু পাৰ্টিৰ বাবে পৰিচিত। ঘৰখনত প্ৰায়ে আলহীৰে ভৰি থাকে। এনে বিশেষ অনুষ্ঠানৰ বাবে বৃহৎ পৰিমাণৰ খাদ্য ৰন্ধাটো সাধাৰণ কথাও নহয়৷ ৪ হাজাৰ ৰুটিৰ গুণগত মান আৰু সোৱাদ বজাই ৰাখিবলৈ এন্টিলিয়াত এজন নিষ্ঠাবান চেফ নিয়োগ কৰা আছে৷ যাৰ মাহিলী দৰমহা লাখ লাখ। কেইবাজনো চেফে একেলগে কাম কৰি ৰুটি প্ৰস্তুত কৰে।
উন্নত মেচিনো আছে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















