আহি গ’ল Exit Poll, অসম, পশ্চিম বংগ, তামিলনাডু, কেৰালা, আৰু পুডুচেৰীত কোনে চৰকাৰ গঠন কৰিব? এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল অহা ৪ মে’ত ঘোষণা হ’ব। তাৰ পূৰ্বে সকলোৰে চকু আজিৰ এগজিট প’লৰ ওপৰত। আজি দেশৰ আগশাৰীৰ কেইবাটাও সংস্থাই প্ৰকাশ কৰিলে EXIT POLL…
নিৰ্বাচন আয়োগে ২০২৬ চনৰ এগজিট প’লৰ ফলাফল সন্ধিয়া ৬:৩০ বজাৰ পিছতহে প্ৰকাশৰ অনুমতি দিয়ে, ফলত ৬ঃ৩০ বজাত দেশৰ প্ৰতিটো সংস্থাই নিজৰ নিজৰ ফালৰ পৰা Exit Poll ঘোষণা কৰে । পশ্চিম বংগ, তামিলনাডু, কেৰালা, অসম, আৰু পুডুচেৰীৰ এগজিট প’লৰ ফলাফলত কিছু পৰিমাণে স্পষ্ট হৈ উঠিছে। কোনখন ৰাজ্যত কোনে গঠন কৰিব চৰকাৰ?
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত এগজিট প’লত বিজেপি প্লাছৰ জয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছিল। আসনৰ অনুমান ৭৫-৮৫ৰ ভিতৰত আছিল। যেতিয়া ফলাফল আহিল, তেতিয়া এই পৰিসৰৰ ভিতৰতে মিত্ৰজোঁটে জয়লাভ কৰি চৰকাৰ গঠন কৰে।
আজি ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিকলৈ এই EXIT POLL প্ৰকাশ কৰা হৈছে। অসমৰ ৰাইজে কাৰ সপক্ষে ভোটদান কৰিলে তাৰ আংশিক উত্তৰ এই এগজিট প’লত পোৱা গৈছে। পূৰ্বৰ নিৰ্বাচনতো EXIT POLL ৰ ধৰণেৰে ফলাফল দেখা গৈছিল অসমত। দেশৰ কেইটামান আগশাৰীৰ সংবাদ সংন্থাৰ EXIT POLL অনুসৰি এতিয়া চাও আহক অসমত কোনে গঠন কৰিব চৰকাৰ…
- AXIS MY INDIAৰ অসমৰ EXIT POLL অনুসৰি অসমত পুনৰ বিজেপিৰ চৰকাৰৰ ইংগিত দিছে। এন ডি এয়ে ৮৮ৰ পৰা ১০০খন আসন লাভ কৰাৰ পূৰ্বানুমান কৰা হৈছে। এই এক্সিট প’ল অনুসৰি হিমন্ত বিশ্ব শৰ্মা আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ব পাৰে।
- People Insight ৰ অসমৰ EXIT POLL অনুসৰি অসমত পুনৰ বিজেপিৰ চৰকাৰৰ ইংগিত দিছে। বিজেপিয়ে ৮৮ৰ পৰা ৯৬খন, কংগ্ৰেছে ৩০ৰ পৰা ৩৪খন আৰু অন্যান্যই ২ৰ পৰা ৪খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।
- JVC ৰ অসমৰ EXIT POLL অনুসৰি অসমত বিজেপি মিত্ৰজোঁটে ৮৮ৰ পৰা ১০০খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে ২৩ৰ পৰা ৩৩খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।
- P-Marq ৰ অসমৰ EXIT POLL অনুসৰি অসমত পুনৰ বিজেপিৰ চৰকাৰৰ ইংগিত দিছে। অসমত বিজেপি মিত্ৰজোঁটে ৮২ ৰ পৰা ৯৪ খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে ৩০ ৰ পৰা ৪০ খন আসন, আৰু অন্যান্যই ১ ৰ পৰা ৫ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।
- Praja Poll ৰ অসমৰ EXIT POLL অনুসৰি অসমত বিজেপি মিত্ৰজোঁটে ৮৮ ৰ পৰা ৯৮ খন আসন পাব পাৰে, কংগ্ৰেছ মিত্ৰজোঁটে ২২ ৰ পৰা ৩২ খন আসন আৰু অন্যান্যই ৩ ৰ পৰা ৫ খন আসন পোৱাৰ সম্ভাৱনা।
- Chanakya Strategies ৰ অসমৰ EXIT POLL অনুসৰি বিজেপি মিত্ৰজোঁটে ৮৫ ৰ পৰা ৯৫ খন, কংগ্ৰেছ মিত্ৰজোঁটে ২৫ ৰ পৰা ৩২ খন আৰু অন্যান্য ৬ ৰ পৰা ১২ খনলৈ আসন পাব পাৰে।
- News 18 India ৰ অসমৰ EXIT POLL অনুসৰি অসমত বিজেপিৰ চৰকাৰৰ ইংগিত দিছে। বিজেপি মিত্ৰজোঁটে ৯০ ৰ পৰা ১০০ খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে ২৩ ৰ পৰা ৩৩ কন আসন আৰু অন্যান্যই ০ ৰ পৰা ৬ খন আসন পোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে অধিকাংশ EXIT POLLৰ মতে প্ৰায় সকলোতে পদুম ফুলাৰ সম্ভাৱনা প্ৰৱল হৈছে।
EXIT POLL ৰ সম্পূৰ্ণ তথ্যৰ বাবে চাই থাকক Asom Live 24 ৰ প্ৰতিটো আপডেট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ











