গ্লেমাৰ জগতখনৰ জিলিকি থকা পৰ্দাৰ আঁৰত বহুতো আচৰিত কাহিনী আছে। শেহতীয়াকৈ শ্ৰীদেৱীৰ কন্যা জানহৱী কাপুৰে নিজৰ জীৱনৰ এটা কঠিন অধ্যায়ৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে। জীৱনত ভয়ংকৰ আঘাতৰ পিছত মদৰ প্ৰতি আসক্ত হৈ পৰিল জাহ্নৱী। প’ডকাষ্টলৈ আহি ক’লে সুস্থ হোৱাৰ কাহিনী।
জাহ্নৱীয়ে ক’লে যে সেই সময় তেওঁৰ বাবে একেবাৰেই স্বাভাৱিক নাছিল। সেই আঘাতৰ পৰা মুক্তি পাবলৈ মদৰ আশ্ৰয় লৈছিল অভিনেত্ৰীগৰাকীয়ে। জাহ্নৱীয়ে কয়, “মই নিচা আছিলোঁ বা মদৰ অপব্যৱহাৰ কৰিছিলোঁ বুলি নকওঁ, কিন্তু সঘনাই মদ খাবলৈ আৰম্ভ কৰিছিলো। মনত এটাই আছেল, মই মদ খাব লাগিব।” আচলতে মনৰ দুখবোৰ ঢাকিবলৈ বাৰে বাৰে গিলাচত মদ খাইছিল। অৱশ্যে তেওঁ কিয় মদ্যপানৰ প্ৰতি আসক্ত হৈ পৰিছিল সেই কথা উল্লেখ কৰা নাছিল।
অৱশ্যে এই অভ্যাস বেছি দিন নাথাকিল। জাহ্নৱীয়ে বুজি পালে যে তেওঁ ভুল পথত আগবাঢ়িছে। অভিনেত্ৰীগৰাকীয়ে লক্ষ্য কৰিলে যে মদ্যপানৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিছে। ৰাতিপুৱা সাৰ পোৱাৰ পিছত যি মূৰ বিষ হৈছিল, তাৰ বাবে অভিনেত্ৰীগৰাকীৰ বহু সমস্যা হৈছিল। ক্ৰমান্বয়ে এই নিচাৰ পৰা মুক্ত হ’ল অভিনেত্ৰীগৰাকী।
ব্যক্তিগত জীৱনৰ এই উত্থান-পতনবোৰ অতিক্ৰম কৰাৰ পিছত এতিয়া জাহ্নৱীয়ে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিছে। যোৱা বছৰ বৰুণ ধাৱনৰ সৈতে ‘ছানি সংস্কাৰি কি তুলসী কুমাৰী’ ছবিত দেখা গৈছিল। এইবাৰ দক্ষিণ ভাৰতীয় এখন ছবিত ভৰি দিবলৈ ওলাইছে ছানীয়ে। মেগাষ্টাৰ ৰাম চৰণৰ সৈতে ‘পেড্ডী’ ছবিত দেখা যাব। বাৰে বাৰে মুক্তিৰ তাৰিখ সলনি কৰাৰ পিছত অৱশেষত ২০২৬ চনৰ ৬ জুনত ডাঙৰ পৰ্দালৈ আহি আছে ছবিখন। ট্ৰমা বা ডিপ্ৰেছন অতিক্ৰম কৰি নতুনকৈ ঘূৰি অহাৰ এই কাহিনী শুনি অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল আনন্দিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















