২০২৬চনৰ ৫ মে মঙ্গলবাৰে এক বিৰল সংযোগ তৈয়াৰ হব৷ যি বৃষ, কৰ্কট, কন্যা আৰু কুম্ভ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ বুলি ধাৰণা কৰা হৈছে৷ ভগৱান হনুমানৰ আশীৰ্বাদত এই দিনটোত অসমাপ্ত কাম সম্পন্ন হোৱা, আৰ্থিক লাভ আৰু জীৱনত ইতিবাচক পৰিবৰ্তনৰ প্ৰৱল সম্ভাৱনা কঢ়িয়াই আনিছে৷
২০২৬ চনৰ ৫ মে, মঙ্গলবাৰৰ দিনটো খুবেই বিশেষ বুলি ধাৰণা কৰা হৈছে৷ কাৰণ ১৯ বছৰৰ পাছত এট বিৰল সংযোগৰ ঘটনা ঘটিছে৷ এই শুভ দিনত বৃষ, কৰ্কট, কন্যা আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাৰ ওপৰত হনুমানৰ বিশেষ আশীৰ্বাদ বৰ্ষিত হব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই দিনটোত আৰ্থিক লাভ, অসমাপ্ত কাম সম্পন্ন হোৱা আৰু নতুন সাফল্যৰ দ্বাৰ উন্মোচিত হব পাৰে৷
এই ৰাশিসমূহৰ বাবে ভাগ্যৰ দুৱাৰ খুলিব
বৃষ ৰাশি
এই ৰাশিৰ জাতক জাতিকাৰ বাবে ব্যৱসায় আৰু আৰ্থিক বিষয়ত স্বস্তিৰ ইংগিত আছে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা ফাণ্ড পুনৰুদ্ধাৰ হব পাৰে৷ কৰ্মক্ষেত্ৰত স্থিতিশীলতা বাঢ়িব আৰু আত্মবিশ্বাস বৃদ্ধি পাব৷
কৰ্কট ৰাশি
আপুনি কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে৷ আপোনাৰ কঠোৰ পৰিশ্ৰমে স্বীকৃতি পোৱাৰ সময়৷ আপুনি ঊৰ্ধ্বতন কৰ্মকৰ্তাসকলৰ পৰা প্ৰশংসা আৰু সন্মান পোৱাৰ সম্ভাৱনা আছে৷
কন্যা ৰাশি
আপোনাৰ কৰ্মজীৱনৰ বাবে এক অত্যন্ত ইতিবাচক সময়৷ আপুনি পদোন্নতি বা নতুন চাকৰি পাব পাৰে৷ আপোনাৰ আৰ্থিক অৱস্থাও ক্ৰমান্বয়ে শক্তিশালী হব৷
কুম্ভ ৰাশি
আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ আপুনি লাভৱান হব পাৰে৷ বিশেষকৈ সম্পত্তি বা বিনিয়োগ সংক্ৰান্তিয় বিষয়ত সফলতা পাব৷ আপুনি আপোনাৰ সিদ্ধান্ত গ্ৰহণত আত্মবিশ্বাসী হৈ থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















