ছুপাৰষ্টাৰৰ পৰা কিংমেকাৰ৷ তামিলনাডুত এতিয়া এটাই নাম থালাপতি বিজয়৷ প্ৰথমবাৰ নিৰ্বাচনত অংশ লৈয়েই চমক দেখুৱালে তেওঁৰ দলে৷ তামিলনাডুৰ ২৪৩ খন আসনৰ ভিতৰত ১০৮ খনত জয়ী হৈছে বিজয়ৰ দল তামিলাগা ভেটৰি কাজাগাম বা চমুকৈ টিভিকে৷ কিন্তু সংখ্যাগৰিষ্ঠতাৰ মেজিক ফিগাৰ পাবলৈ এতিয়াও তেওঁক প্ৰয়োজন আছে ১০ জন বিধায়কৰ সমৰ্থনৰ৷ প্ৰশ্ন হয়, কাৰ সৈতে জোঁট বান্ধিব থালাপতি বিজয়ে?
তামিলনাডুৰ ৰাজনৈতিক মহলে প্ৰকাশ কৰা তথ্যমতে একক সংখ্যাগৰিষ্ঠ দল হোৱাৰ বাবে বিজয়ে নিজেই মুখ্যমন্ত্ৰী পদত থাকি চৰকাৰ চলাব খোজে৷ মঙ্গলবাৰে পুৱা সদ্য নিৰ্বাচিত বিধায়কসকলৰ সৈতে তেওঁ বৈঠকো কৰিছে৷ তাতই বিজয়ক সৰ্বসন্মতিত মুখ্যমন্ত্ৰী পদপ্ৰাৰ্থী হিচাপে বাচি লোৱা হৈছে৷ তামিলনাডুৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকে অচিৰেই বিজয়ৰ দলক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাব পাৰে৷
বিৰোধী জোঁটৰ সৈতে হাত মিলোৱাৰ পৰিকল্পনা আছে টিভিকেৰ৷ বিজয়ে এতিয়াও কাৰো কাষলৈ যোৱা নাই৷ তেওঁ অপেক্ষা কৰিছে কোনোবা প্ৰস্তাব লৈ তেওঁৰ কাষলৈ আহক৷ ডিএমকে আৰু বিজেপিৰ সৈতে জোঁট বন্ধাৰ সম্ভাৱনা বিশেষ নাই বুলি তেওঁৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে৷ কাৰণ তেওঁ এই দুই দলকেই ৰাজনৈতিক আৰু আদৰ্শগত শত্ৰু বুলি ধাৰণা কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















